হায়দৰাবাদ: ইংলেণ্ডৰ বিৰুদ্ধে হোৱাইট বলৰ শৃংখলাৰ জৰিয়তে ভাৰতৰ বেগী বলাৰ মহম্মদ ছামী পুনৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটলৈ ঘূৰি আহিব পাৰে । ক্ৰিকবাজৰ এক প্ৰতিবেদন অনুসৰি অভিজ্ঞ বেগী বলাৰগৰাকীয়ে ২২ জানুৱাৰীৰ পৰা ইংলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া শৃংখলাৰ বাবে ভাৰতীয় জাতীয় দলত স্থান লাভ কৰিব পাৰে ।
২০২৩ চনৰ নৱেম্বৰ মাহত অনুষ্ঠিত হোৱা বিশ্বকাপৰ ফাইনেলৰ পিছৰে পৰা ছামী খেলপথাৰৰ পৰা আঁতৰত আছে । তেওঁ পুনৰ হোৱাইট বল ক্ৰিকেট খেলিবলৈ আৰম্ভ কৰে যদিও আন এটা আঘাতৰ বাবে তেওঁ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটলৈ ঘূৰি অহাত বিলম্ব ঘটায় । ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড (বি চি চি আই)ৰ তথ্য অনুসৰি ৰাষ্ট্ৰীয় ক্ৰিকেট একাডেমী (এন চি এ)ৰ চিকিৎসা দলে ছামীৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিছে । সোঁহাতৰ পেচাৰগৰাকীৰ গোৰোহাৰ অস্ত্ৰোপচাৰ কৰা হয় যদিও আঁঠু ফুলি উঠাৰ ফলত তেওঁ বৰ্ডাৰ গাভাস্কাৰ ট্ৰফীৰ পৰা বাহিৰ হয় ।
ঘৰুৱা ক্ৰিকেট খেলি থকা ছামীয়ে শেহতীয়াকৈ বংগৰ হৈ বিজয় হাজাৰে ট্ৰফীৰ কিছু খেলত অংশ লৈছে আৰু বৃহস্পতিবাৰে বৰোদাত হাৰিয়ানাৰ বিৰুদ্ধে প্ৰি-কোৱাৰ্টাৰ ফাইনেলত পুনৰ খেলিবলৈ সাজু হৈছে ।
প্ৰতিবেদনত আৰু কোৱা হৈছে যে বাছনি সমিতিৰ সদস্যসকলে বিজয় হাজাৰে ট্ৰফীৰ খেলত অংশগ্ৰহণ কৰি ছামীৰ প্ৰদৰ্শনৰ মূল্যায়ন কৰিব । যদিও এতিয়াও এন চি এৰ পৰা গ্ৰীণ চিগনেল পোৱা নাই, তথাপিও ছামীৰ ফিটনেছক লৈ আশাবাদী ।
অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে শৃংখলাত হোৱা কঁকালৰ বিষৰ পৰা আকাশ দীপৰ এতিয়াও সুস্থ হ’ব পৰা নাই, যাৰবাবে ইংলেণ্ড শৃংখলাৰ বাবে আকাশ দীপ উপলব্ধ হোৱাৰ সম্ভাৱনা নাই । ২৮ বছৰীয়া খেলুৱৈগৰাকী কমেও এমাহৰ বাবে দলৰ পৰা আঁতৰি থকাৰ সম্ভাৱনা আছে । ইফালে বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ সময়ত প্ৰৱল চাপৰ সন্মুখীন হোৱা পেচাৰ যুটি যশপ্ৰীত বুমৰাহ আৰু মহম্মদ চিৰাজে ইংলেণ্ডৰ বিৰুদ্ধে টি-২০ৰ বাবে জিৰণি লোৱাৰ সম্ভাৱনা আছে ৷ দুয়োজনে টেষ্ট শৃংখলাত ১৫০ অভাৰতকৈ অধিক বলিং কৰে ।
অহা ১২ জানুৱাৰীত হ’বলগীয়া বি চি চি আইৰ বাৰ্ষিক সাধাৰণ সভা (এজিএম)ৰ আশে-পাশে ইংলেণ্ডৰ বিৰুদ্ধে সীমিত অভাৰৰ শৃংখলা আৰু চেম্পিয়নছ ট্ৰফীৰ বাবে অস্থায়ী দলৰ নাম বাছনি সমিতিখনে ঘোষণা কৰাৰ সম্ভাৱনা আছে । ইংলেণ্ডে ২২ জানুৱাৰীৰ পৰা ১২ ফেব্ৰুৱাৰীৰ ভিতৰত পাঁচখন টি-২০ আৰু তিনিখন এদিনীয়া খেলৰ বাবে ভাৰত ভ্ৰমণ কৰিব ।
লগতে পঢ়ক:পাকিস্তানে হেৰুৱাব পাৰে চেম্পিয়নছ ট্ৰফী ২০২৫ৰ আয়োজকৰ দায়িত্ব