অসম

assam

ETV Bharat / sports

ক্ৰীড়াক্ষেত্ৰত আৰু এখোজ; 2025 চনত প্ৰথমবাৰৰ বাবে ভাৰতত খো-খো বিশ্বকাপ - KHO KHO WORLD CUP 2025

kho kho federation of India: ভাৰতীয় খো-খো ফেডাৰেশ্যন (কে কে এফ আই) আৰু আন্তৰ্জাতিক খো-খো ফেডাৰেশ্যনে (আই কে কে এফ) ৰ বিশেষ ঘোষণা ৷ এই ঘোষণা অনুসৰি, 2025 চনত প্ৰথমবাৰৰ বাবে ভাৰতত অনুষ্ঠিত হ'ব খো-খো বিশ্বকাপ ।

KHO KHO WORLD CUP 2025
খো-খো বিশ্বকাপ 2025 (ETV Bharat)

By ETV Bharat Sports Team

Published : Oct 2, 2024, 5:36 PM IST

স্প’ৰ্টছ ডেস্ক, 2 অক্টোবৰ: আন্তৰ্জাতিক খো-খো ফেডাৰেশ্যনৰ সহযোগত ভাৰতীয় খো-খো ফেডাৰেশ্যনে (কে কে এফ আই) গ্ৰহণ কৰিছে বিশেষ সিদ্ধান্ত ৷ সেই অনুসৰি, 2025 চনত ভাৰতত প্ৰথমবাৰৰ বাবে আয়োজন কৰাৰ হ’ব খো-খো বিশ্বকাপ ।

এই ঐতিহাসিক ক্ৰীড়া অনুষ্ঠানত 6 খন মহাদেশৰ 24 খন দেশে অংশগ্ৰহণ কৰিব । এই প্ৰতিযোগিতাত 16 টা পুৰুষ আৰু 16 টা মহিলা দলে অংশগ্ৰহণ কৰিব ৷ তেওঁলোকৰ উদ্দেশ্য হ’ব খো-খোক বিশ্বব্যাপী প্ৰচাৰ কৰিবলৈ একত্ৰিত হোৱা ৷

54 খন দেশে খেলে খো-খো

ভাৰতত শিপাই আছে খো-খোৰ শিপা আৰু এই বিশ্বকাপে খেলবিধৰ সমৃদ্ধ, সাংস্কৃতিক ঐতিহ্য আৰু প্ৰতিযোগিতামূলক মনোভাৱক আলোকপাত কৰিব । আজিৰ সময়ত 54 খন দেশৰ লোকে এই খেলবিধৰ চৰ্চা অব্যাহত ৰাখিছে ৷

বিশ্বকাপৰ পূৰ্বে খেলবিধৰ প্ৰচাৰৰ বাবে ভাৰতীয় খো-খো ফেডাৰেশ্যনে 10 খন চহৰৰ 200 খন অভিজাত বিদ্যালয়লৈ যোৱাৰ পৰিকল্পনা কৰিছে । ফেডাৰেশ্যনে বিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ মাজত সদস্যতা অভিযানো চলাব ৷ যাৰ লক্ষ্য হৈছে বিশ্বকাপৰ পূৰ্বে কমেও 50 লাখ খেলুৱৈৰ নামভৰ্তি কৰা ৷

আগন্তুক অনুষ্ঠানটোৰ বাবে আনন্দ প্ৰকাশ কৰি ভাৰতীয় খো-খো ফেডাৰেশ্যনৰ সভাপতি সুধাংশু মিত্তালে কয়, "প্ৰথমখন খো-খো বিশ্বকাপ আয়োজন কৰিবলৈ পাই আমি অত্যন্ত উৎসাহিত । এই অনুষ্ঠানটো কেৱল প্ৰতিযোগিতাৰ উদাহৰণ হৈ পৰিব এনে নহয়, বৰং ইয়াৰ দ্বাৰা দেশসমূহক একত্ৰিত কৰা হ’ব ৷ আমাৰ চূড়ান্ত লক্ষ্য হৈছে 2032 চনৰ ভিতৰত খো-খোক অলিম্পিক খেল হিচাপে স্বীকৃতি দিয়া আৰু এই বিশ্বকাপ সেই সপোনৰ দিশত প্ৰথম পদক্ষেপ" ৷

প্ৰতিযোগিতাখনত এসপ্তাহ ধৰি চলি থকা কেইবাখনো খেল প্ৰদৰ্শন কৰা হ'ব ৷ য’ত সমগ্ৰ বিশ্বৰ শীৰ্ষ পৰ্যায়ৰ খেলুৱৈসকলে তেওঁলোকৰ দক্ষতা, ক্ষীপ্ৰতা আৰু দলবদ্ধ কাম প্ৰদৰ্শন কৰিব । খো-খো বিশ্বকাপৰ লক্ষ্য হৈছে এই থলুৱা ভাৰতীয় খেলখন আন্তঃৰাষ্ট্ৰীয় মঞ্চলৈ নিয়া ৷

এই ঐতিহাসিক প্ৰতিযোগিতাখন আয়োজন কৰি কে কে এফ আইয়ে 2032 সংস্কৰণলৈকে অলিম্পিক গেমছত খো-খোৰ স্থান সুৰক্ষিত কৰিব বিচাৰে, যি ক্ৰীড়া ইতিহাসৰ এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে বিবেচিত হ’ব ।

ভাৰতীয় খো-খো ফেডাৰেশ্যনৰ বিষয়ে

খো-খো ফেডাৰেশ্যন অৱ ইণ্ডিয়া (কে কে এফ আই) হৈছে সুধাংশু মিত্তালৰ নেতৃত্বত ভাৰতত খো-খোৰ ৰাষ্ট্ৰীয় পৰিচালনা সমিতি । সকলো ৰাজ্যিক সংগঠন ৰাষ্ট্ৰীয় ফেডাৰেচনৰ সৈতে সংযুক্ত, যি প্ৰতি বছৰে পুৰুষ, মহিলা আৰু কনিষ্ঠ শ্ৰেণীৰ বাবে ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপ অনুষ্ঠিত কৰে । আল্টিমেট খো-খো (ইউ কে কে) হৈছে কে কে এফ আইৰ সহযোগত প্ৰতি বছৰে আয়োজিত এক ফ্ৰেঞ্চাইজি-আধাৰিত ভাৰতীয় খো-খো লীগ ।

লগতে পঢ়ক:ৰোহিতক উচ্চ প্ৰশংসা; জয়ছোৱাল আৰু চিৰাজলৈ শৃংখলাৰ শ্ৰেষ্ঠ ফিল্ডাৰৰ বঁটা - FIELDER OF THE SERIES AWARD

ABOUT THE AUTHOR

...view details