গুৱাহাটী, 11 মে':15 আৰু 19 মে'ত বৰ্ষাপাৰাস্থিত অসম ক্ৰিকেট সংস্থাৰ ষ্টেডিয়ামত অনুষ্ঠিত হ’ব আই পি এলৰ দুখনকৈ মেচ ৷ এই মেচৰ বাবে 13 মে'ত গুৱাহাটীত উপস্থিত হ'ব ৰাজস্থান ৰয়েলছৰ দল ৷ গুৱাহাটীৰ বৰ্ষাপাৰাৰ 91 য়াৰ্ডছ ক্লাবত শনিবাৰে সংবাদমেল সম্বোধন কৰি ৰাজস্থান ৰয়েলছৰ অধ্যক্ষ ৰঞ্জিত বৰঠাকুৰে এই কথা সদৰী কৰে ৷ তেওঁ কয় যে, আই পি এলৰ মেচৰ বাবে গুৱাহাটীলৈ অভিনেত্ৰী তথা পঞ্জাৱ কিংছৰ স্বত্বাধিকাৰী প্ৰীতি জিন্তা আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ স্বত্বাধিকাৰী তথা বলিউড অভিনেতা শ্বাহৰুখ খান অহাৰ সম্ভাৱনা আছে ৷
ৰঞ্জিত বৰঠাকুৰে শ্বাহৰুখ খানৰ সৈতে এই সন্দৰ্ভত কথা পতাৰ বুলিও উল্লেখ কৰে ৷ বৰ্তমান তেওঁৰ শ্বুটিং চলি আছে আৰু শ্বুটিংৰ সময় মিলাব পাৰিলে অহাৰ সম্ভাৱনা আছে ৷ তেওঁলোক দুয়োজন মেচ দুখনত উপস্থিত থকাৰ আশা কৰা হৈছে বুলি মন্তব্য কৰে ৰঞ্জিত বৰঠাকুৰে ৷ তেওঁ কয় যে 15 মে'ত ৰাজস্থান ৰয়েলছে কিংছ ইলেভেন পাঞ্জাৱৰ বিৰুদ্ধে বৰ্ষাপাৰাত প্ৰথমখন খেলত অৱতীৰ্ণ হ'ব ৷ পুনৰ 19 মে'ত ৰাজস্থান ৰয়েলছ মুখামুখি হ’ব কলকাতা নাইট ৰাইডাৰ্ছৰ ৷
তেওঁ জনায় যে ৰাজস্থান ৰয়েলছ 13 মে'ত আহিব আৰু 20 মে’ লৈকে গুৱাহাটীতে থাকিব ৷ ৰাজস্থান ৰয়েলছ দলটো ইমান দীঘলীয়া সময়লৈ ক’তো থকা নাই বুলি উল্লেখ কৰি এই কেইদিন খেলৰ লগত জড়িত 200-300 মানুহ গুৱাহাটীৰ বিভিন্ন হোটেলত থাকিব বুলি জনায় অধ্যক্ষগৰাকীয়ে ৷ তেওঁ জনায় যে 14 মে'ৰ পৰা বৰ্ষাপাৰাত অনুশীলন হ’ব ৷ প্ৰথমখন খেলৰ 60/70 শতাংশ টিকট ইতিমধ্যে বিক্ৰী হৈছে, লগতে দ্বিতীয়খন খেলৰ টিকটো প্ৰায় বিক্ৰী হৈছে বুলি জনায় তেওঁ ৷ ক্ৰিকেটাৰসকলে পবিতৰা অভয়াৰণ্য, শ্বিলং আদি যোৱাৰ কথা আছে বুলিও জনায় তেওঁ ৷