স্পৰ্টছ ডেস্ক, ৬ মে' :আইপিএল ২০২৪-ত দেওবাৰে সন্ধিয়া কলকাতা নাইট ৰাইডাৰ্ছৰ হাতত শোচনীয়ভাৱে পৰাজিত লক্ষ্ণৌ চুপাৰ জায়াণ্টছ । কেকেআৰয়ে এলএছজিক তেওঁলোকৰ ঘৰুৱা খেলপথাৰতে পৰাস্ত কৰে । প্ৰথমে বেটিং কৰি কেকেআৰয়ে লক্ষ্ণৌৰ বলাৰসকলক তীব্ৰ আক্ৰমণ কৰে আৰু পিচত বলিংত সমগ্ৰ লক্ষ্ণৌ দলটোক কম সময়ৰ ভিতৰতে অলআউট কৰে । যাৰ বাবে কেকেআৰ দলটো মেচখন ৯৮ ৰাণত জয়ী হয় ।
কলকাতাৰ অলৰাউণ্ডাৰ সুনীল নাৰিন পুনৰ এবাৰ জিলিকি উঠে । প্ৰথম ইনিংছত লক্ষ্ণৌৰ বিৰুদ্ধে নাৰিনে ৩৮ টা বলত ৮১ ৰাণৰ এক আকৰ্ষণীয় ইনিংছ খেলে । নাৰিনে ইনিংছত ৭ টা ছিক্সাৰ আৰু ৬ টা চাৰি কোবাবলৈ সক্ষম হয় । ইয়াৰ লগে লগে নাৰিন অৰেঞ্জ কেপ দৌৰত তৃতীয় স্থানত উপনীত হৈছে ।
ইয়াৰ উপৰিও, ফিল চল্টে প্ৰথমতে ১৪ টা বলত ৩২ ৰাণৰ ইনিংছ খেলি কলকাতাক সুন্দৰ আৰম্ভণি দিয়ে । আনহাতে ৰমনদীপ সিঙে শেষৰ ৬ টা বলত ২৫ ৰাণ সংগ্ৰহ কৰে । অৱশ্যে আক্ৰমণাত্মক চৰিত্ৰৰ বাবে জনাজাত ৰিংকু সিঙে এই খেলখনত কলকাতাৰ বাবে বিশেষ অৱদান আগবঢ়াব নোৱাৰিলে । ১১ টা বলত মাত্ৰ ১৬ ৰাণ কৰিয়ে আউট হয় ৰিংকু ।