অসম

assam

ETV Bharat / sports

অনুপ্ৰেৰণাৰ আন এক নাম 102 বছৰীয়া অলিম্পিয়ান এগনেছ কালেটি - Paris Olympic 2024

Paris Olympic 2024 : দ্বিতীয় বিশ্বযুদ্ধত নাজী বাহিনীৰ হাতত তেওঁৰ পিতৃ নিহত হোৱাৰ পিচত এগনেছ কালেটিয়ে অলিম্পিকত ধ্বজা উৰুৱাইছিল । ছোভিয়েট সেনাৰ দ্বাৰা নিহত সেনা আৰু জনসাধাৰণৰ মৃতদেহ সমাধিস্থ কৰাৰ দৰে ভয়ানক কামত তেওঁক নিয়োজিত কৰিছিল । কিন্তু 102 বছৰ বয়সতো তেওঁ এতিয়াও শিশুসকলৰ সৈতে জড়িত হৈ আছে । এইগৰাকী প্ৰেৰণাদায়ক মহিলাৰ জীৱনবৃত্ত জানিবলৈ পঢ়ক এই বিশেষ প্ৰতিবেদন ।

By ETV Bharat Assamese Team

Published : Jul 11, 2024, 7:06 PM IST

Paris Olympic 2024
102 বছৰীয়া অলিম্পিয়ান এগনেছ কালেটি (ETV Bharat)

বিশেষ প্ৰতিবেদন, ১১ জুলাই :এগনেছ কালেটি হৈছে হাংগেৰীৰ সৰ্বশ্ৰেষ্ঠ জিমনাষ্ট । তেওঁ এগৰাকী হাংগেৰিয়ান নাগৰিক আৰু বৰ্তমান তেওঁৰ বয়স 102 বছৰ । তেওঁ হৈছে আটাইতকৈ পুৰণি অলিম্পিক চেম্পিয়ন । 1950-ৰ দশকত তেওঁ দুখন অলিম্পিক গেমছত জিমনাষ্টিক ইভেণ্টত দহটা পদক জয় কৰিছিল । একেগৰাকী খেলুৱৈয়ে ১০ টা পদক জয় কৰাটো এটা ডাঙৰ সাফল্য । কিন্তু তেওঁ পৰৱৰ্তী প্ৰজন্মক অনুপ্ৰাণিত কৰাৰ এইটোৱেই একমাত্ৰ কাৰণ নহয় ।

নাজী সৈন্যই ইউৰোপ দখল কৰাৰ পিচত তেওঁৰ পৰিয়ালটোৱে বহুতো কষ্টৰ সন্মুখীন হৈছিল । আনহাতে, তেওঁৰ পিতৃ আৰু খুৰাকক ৰাজনৈতিক যুদ্ধবন্দী শিবিৰত হত্যা কৰাৰ পিচত কালেটিয়ে তেওঁৰ মাতৃ আৰু ভগ্নীৰ সৈতে পলাই গৈ অৰণ্যত বাস কৰিছিল । তেওঁলোকে পিচত বন্ধুবৰ্গৰ সৈতে যোগাযোগ কৰিবলৈ সক্ষম হয় আৰু তেওঁলোকৰ নাগৰিকত্ব সলনি কৰিবলৈ ভুৱা পাছপোৰ্ট প্ৰস্তুত কৰিছিল । ইয়াৰ পিচত এগনেছে এখন গাঁৱত দাসী হিচাপে কাম কৰিবলৈ গৈছিল ।

যুদ্ধক্ষেত্ৰত মৃত্যু হোৱা লোকক সমাধিস্থ কৰাৰ দৰে ভয়ানক কাম কৰিছিল

ছোভিয়েট সেনাৰ বুডাপেষ্ট অৱৰোধৰ সময়ত এগনেছ উক্ত শ্ৰমিকসকলৰ ভিতৰত আছিল, যিসকলক এক জঘন্য কামৰ বাবে নিযুক্ত কৰা হৈছিল । প্ৰত্যেক দিনা পুৱা তেওঁলোকে যুদ্ধত নিহতসকলৰ মৃতদেহ সংগ্ৰহ কৰি এটা গণকবৰত সমাধিস্থ কৰিব লাগিছিল । অৱশ্যে ১৯৪৫ চনত যুদ্ধ সমাপ্ত হোৱাৰ পিচত এগনেছ জিমনাষ্ট হিচাপে অনুশীলন কৰিবলৈ উভতি যায় ।

কিন্তু তেওঁৰ জীৱন আৰু কেৰিয়াৰ তেওঁৰ দেশ আৰু ধৰ্মৰ ৰাজনীতিৰ সৈতে জড়িত আছিল । দ্বিতীয় বিশ্বযুদ্ধৰ কিছুদিন পূৰ্বে তেওঁ প্ৰথমে জিমনাষ্টিকৰ প্ৰতি আগ্ৰহী হৈছিল আৰু বুডাপেষ্টৰ বিখ্যাত ইহুদী ভি এ চি ক্লাবত তেওঁৰ প্ৰশিক্ষণ আৰম্ভ হৈছিল । তাৰ পিচত তেওঁ অতি কম দিনৰ ভিতৰতে এগৰাকী শীৰ্ষ যুৱ জিমনাষ্ট হৈ পৰিছিল ।

দ্বিতীয় বিশ্বযুদ্ধৰ পিচত কালেটি পুনৰ জিমনাষ্টিকলৈ উভতি আহে আৰু 1946 চনত তেওঁৰ প্ৰথমবাৰ হাংগেৰিয়ান চেম্পিয়নশ্বিপ জয় কৰে । 1947 চনত তেওঁ কেন্দ্ৰীয় ইউৰোপীয় জিমনাষ্টিক চেম্পিয়নশ্বিপত আধিপত্য বিস্তাৰ কৰি প্ৰথমবাৰৰ বাবে আন্তৰ্জাতিক ক্ষেত্ৰত প্ৰভাৱ পেলাইছিল । যুদ্ধৰ পিচত তেওঁ প্ৰথমতে এগৰাকী কৰ্মচাৰী হিচাপে জীৱিকা অৰ্জন কৰিছিল । কিন্তু পিচত তেওঁ 'বুডাপেষ্ট স্কুল ফৰ ফিজিকেল কালচাৰ'ৰ জিমনাষ্টিক পৰিষদত এগৰাকী পৰামৰ্শদাতা আছিল । কালেটি এগৰাকী দক্ষ সংগীতজ্ঞও । তেওঁ চেলো (এবিধ ভায়'লিন সদৃশ বাদ্যযন্ত্ৰ) বজাইছিল আৰু তেওঁ ইয়াক পেছা হিচাপে গ্ৰহণ কৰিছিল ।

১৯৫২ চনত অলিম্পিকত অংশগ্ৰহণ

১৯৪৮ চনত এগৰাকী অল্টাৰনেটৰ হিচাপে সেৱা আগবঢ়োৱাৰ পিচত কালেটিয়ে ১৯৫২ আৰু ১৯৫৬ চনৰ অলিম্পিক গেমছত অংশগ্ৰহণ কৰে আৰু পাঁচটা স্বৰ্ণসহ ১০ টা পদক লাভ কৰে । 1954 চনৰ বিশ্ব জিমনাষ্টিক চেম্পিয়নশ্বিপত তেওঁ uneven parallel bars-ত বিজয়ী হয়, যিটো তেওঁৰ একমাত্ৰ ব্যক্তিগত বিশ্ব খিতাপ আছিল ।

তেওঁৰ আটাইতকৈ ডাঙৰ জিমনাষ্টিক প্ৰচেষ্টা 1956 চনৰ মেলবোৰ্ণ অলিম্পিকত আহিছিল । সেইবাৰ তেওঁ চাৰিটা স্বৰ্ণসহ ছয়টা পদক জিকিছিল । ব্যক্তিগত ফাইনেলত তেওঁ বেলেন্স বীম, ফ্ল'ৰ এক্সাৰচাইজ আৰু আনইভেন পেৰেলেল বাৰ জয় কৰিছিল । অৱশ্যে হৰ্ছ ভ'ল্টত দুৰ্বল প্ৰদৰ্শনৰ বাবে তেওঁ 23 নম্বৰ স্থান লাভ কৰিছিল ।

ইজৰাইলত জিমনাষ্টিক প্ৰশিক্ষক হয়

মেলবোৰ্ণত সফলতা লাভ কৰাৰ পিচতো ৰাজনীতিয়ে পুনৰ তেওঁৰ কেৰিয়াৰত হস্তক্ষেপ কৰে । অক্টোবৰৰ শেষৰ ফালে ইজৰাইলে ইজিপ্তৰ ছিনাই উপদ্বীপ আক্ৰমণ কৰে আৰু তাৰ পিচত ১৯৫৬ চনৰ অলিম্পিকৰ কিছুদিন পূৰ্বে ১৯৫৬ চনৰ ৪ নৱেম্বৰত ছোভিয়েট টেংকসমূহে বিদ্ৰোহ দমন কৰিবলৈ বুডাপেষ্টত প্ৰৱেশ কৰে । এই দুয়োটা ঘটনাৰ ফলত কিছু দেশে অলিম্পিক বৰ্জন কৰিছিল । যদিও হাংগেৰীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছিল, কিন্তু দলটোৰ বহু খেলুৱৈয়ে দলত্যাগ কৰিছিল আৰু কালেটি তেওঁলোকৰ মাজৰ এগৰাকী আছিল । তাৰ পিচত তেওঁ অষ্ট্ৰেলিয়াত বাস কৰিবলৈ লৈছিল আৰু তাৰ পৰা আহি ইজৰাইলত বসতি স্থাপন কৰিছিল । তাত তেওঁ অৰ্ড উইংগেট ইনষ্টিটিউটত শাৰীৰিক শিক্ষা অধ্যয়ন কৰিছিল আৰু পিচলৈ ৰাষ্ট্ৰীয় মহিলা জিমনাষ্টিক প্ৰশিক্ষক হৈছিল ।

মানৱ জাতিৰ বাবে প্ৰেৰণাদায়ক এগনেছৰ জীৱন পৰিক্ৰমা

এগনেছ কালেটিৰ জীৱন আৰু কৃতিত্ব মানৱ জাতিৰ বাবে এক ডাঙৰ অনুপ্ৰেৰণা । বিশেষকৈ যিসকল বৃদ্ধ আৰু তেওঁলোকৰ সৰ্বশ্ৰেষ্ঠ দিনবোৰ শেষ হোৱাৰ বাবে নিৰুৎসাহিত অনুভৱ কৰে, তেওঁলোকৰ বাবে । বৃদ্ধ লোকসকলৰ বহুতে হতাশগ্ৰস্ত হৈ পৰে যে তেওঁলোকৰ এতিয়া গৌৰৱ কৰিবলগা একো নাই । তেওঁলোকৰ বাবে কালেটিৰ জীৱন হৈছে এক নতুন জীৱন আৰম্ভ কৰাৰ অভিজ্ঞতা ।

অতীতক পাহৰিব বিচাৰে এগনেছে

১৯৫৯ চনত তেওঁ ৰবাৰ্ট বিৰো নামৰ এগৰাকী শাৰীৰিক শিক্ষা প্ৰশিক্ষকক বিয়া কৰায় । তেওঁ এতিয়াও নিয়মীয়াকৈ ব্যায়ামাগাৰলৈ যায় আৰু তাত তেওঁ সৰু ল'ৰা-ছোৱালীক প্ৰশিক্ষণ দিয়ে । তেওঁক সাক্ষাতৰ সময়ত সাংবাদিকে তেওঁৰ দীৰ্ঘজীৱন আৰু ফিটনেছৰ ৰহস্যৰ বিষয়ো সোধাত কয় যে তেওঁ সদায় ভৱিষ্যতটো চায় আৰু কেতিয়াও অতীতলৈ উভতি নাযায় । অতীতক তেওঁ চিৰদিনৰ বাবে পাহৰি গৈছে । কিন্তু এটা সোণালী ভৱিষ্যৎ আছে । আমি সকলোৱে ভৱিষ্যতৰ বিষয়ে আলোচনা কৰিব লাগে । ভৱিষ্যতটো ধুনীয়া হ'ব লাগে ।

নিজকে এতিয়াও যুৱতী বুলি ভাবে এগনেছে

এগনেছে বৰ্তমানক অতীততকৈ অধিক গুৰুত্বপূৰ্ণ বুলি ভাবে । তেওঁৰ মুখত সদায় এটা প্ৰশান্তিৰ হাঁহি থাকে আৰু তেওঁৰ বাবে কিবা আচহুৱা যেন লাগিলে জোৰেৰে হাঁহি দিয়ে । দুবছৰ পূৰ্বে সংবাদ সংস্থা ফ্ৰান্স-২৪ক দিয়া এক সাক্ষাৎকাৰত তেওঁ এইদৰে কৈছিল, "মই নিজৰ বিষয়ে কথা পাতিবলৈ বা আইনাত নিজকে চাবলৈ ভাল নাপাওঁ । মোৰ মনত মই এতিয়াও যুৱতী আৰু শাৰীৰিকভাৱে ফিট । যেতিয়ালৈকে মোৰ মনটোৱে এইটো বিশ্বাস কৰে, মোৰ শৰীৰে মোৰ বিশ্বাসক অনুসৰণ কৰি যাব ।

১০২ বছৰ বয়সতো আনৰ বাবে প্ৰেৰণাৰ উৎস

যেতিয়াই আমি নিজকে চিন্তাৰ মাজত সোমাই থকা দেখিবলৈ পাওঁ আৰু অনুভৱ কৰোঁ যে জীৱন আমাৰ বাবে উচিত নহয়, আমি এই মহিলাগৰাকীৰ কথা মনত পেলাব লাগিব । কাৰণ তেওঁ জীৱনত বহুতো বাধা অতিক্ৰম কৰিছে আৰু 102 বছৰ বয়সতো শক্তিশালীভাৱে আগবাঢ়ি আছে । তেওঁ এতিয়াও মুখত এটা ভুৱনভুলোৱা হাঁহিৰে এই কৰ্কশ পৃথিৱীৰ মুখামুখি হৈ আছে ।

লগতে পঢ়ক :পেৰিছ অলিম্পিকলৈ ভাৰতৰ শ্বুটিং দল: ইতিহাস-অভিলেখ আৰু খেলুৱৈৰ প্ৰ'ফাইল - Paris Olympic 2024
লগতে পঢ়ক :ভাৰতীয় বক্সাৰ নিখাত জাৰিনৰ কেৰিয়াৰ সাফল্য আৰু পুৰস্কাৰ - Paris Olympic 2024

ABOUT THE AUTHOR

...view details