অসম

assam

শিৰদী সাই মন্দিৰত ওপজা দিনৰ আশীৰ্বাদ বিচাৰিলে যুৱ ক্ৰিকেটাৰ ঈশান কিষাণে - INDIA VS SRI LANKA

By ETV Bharat Assamese Team

Published : Jul 18, 2024, 8:22 PM IST

Ishan Kishan : আজি ভাৰতীয় ক্ৰিকেট দলৰ অন্যতম সদস্য ঈশান কিশানৰ জন্মদিন ৷ 26 বছৰীয়া উদীয়মান ক্ৰিকেটাৰ গৰাকীয়ে মুম্বাইৰ শিৰদীস্থিত সাই বাবা মন্দিৰত উপস্থিত হৈ আশীৰ্বাদ গ্ৰহণ কৰে ৷

INDIA VS SRI LANKA
ঈশান কিষাণৰ আজি ওপজাদিন (ANI)

স্প’ৰ্টছ ডেস্ক, 18 জুলাই: ভাৰতৰ উইকেটকীপাৰ বেটছমেন ঈশান কিষাণৰ আজি ওপজা দিন ৷ সেই উপলক্ষে খেলুৱৈগৰাকী উপস্থিত হয় শিৰদীস্থিত সাই বাবা মন্দিৰত ৷ ভাৰত আৰু শ্ৰীলংকাৰ মাজত অনুষ্ঠিত হ’বলগীয়া শৃংখলাৰ বাবে এতিয়াও বাছনি কৰা হোৱা নাই দল ৷ দীৰ্ঘসময়ৰ বাবে দলৰ পৰা আঁতৰি থকা খেলুৱৈগৰাকীয়ে আধ্যাত্মিকভাৱে জন্মদিনটো পালন কৰি ভাৰত-শ্ৰীলংকাৰ শৃংখলাটোত নিজৰ নাম অন্তৰ্ভুক্তিৰ আশা কৰে ৷

ঈশানে সাই বাবাৰ আশীৰ্বাদ ল'বলৈ শিৰদীত উপস্থিত হোৱা ফটো ইতিমধ্যে সামাজিক মাধ্যমৰ জৰিয়তে শ্বেয়াৰ কৰিছে ৷ ভাৰতীয় ক্ৰিকেটৰ আটাইতকৈ প্ৰতিশ্ৰুতিসম্পন্ন যুৱ প্ৰতিভাসকলৰ মাজৰে এজন ঈশান কিষাণে চলিত বছৰত কঠিন সময় পাৰ কৰি আহিছে ৷ ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডে(বি চি চি আই) বাওহতীয়া বেটছমেন গৰাকীৰ নাম মূল একাদশৰ পৰা কৰ্তন কৰিছিল ৷

খেলুৱৈগৰাকীৰ ইনষ্টাগ্ৰাম হেণ্ডেলত আপলোড কৰা এটা পোষ্টত ঈশানক আশীৰ্বাদ বিচাৰি নমস্কাৰ ভংগীত থকা দেখা যায় ৷ এদিনীয়া মেচত দ্ৰুততম দ্বি-শতক অৰ্জন কৰাৰ ক্ষেত্ৰত অভিলেখ গঢ়া বাওঁহতীয়া বেটছমেনগৰাকীক 2023-24 বৰ্ষত তিনিওটা ফৰ্মেটত দক্ষিণ আফ্ৰিকা ভ্ৰমণৰ বাবে নিৰ্বাচিত কৰা হৈছিল ।

অৱশ্যে কিষাণে ব্যক্তিগত কাৰণ দেখুৱাই শৃংখলাটোৰ পৰা আঁতৰত আছিল ৷ ক্ৰিকেটাৰগৰাকীক আফগানিস্তানৰ বিৰুদ্ধে অনুষ্ঠিত শৃংখলাৰ পৰাও বাদ দিয়া হৈছিল ৷ লগতে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ে ৰাষ্ট্ৰীয় দলত স্থান অৰ্জন কৰিবলৈ খেলুৱৈসকলে ঘৰুৱা ক্ৰিকেট খেলিব লাগিব বুলি কোৱাৰ পিছতো ঈশানে ৰঞ্জী ট্ৰফীৰ খেলসমূহত অংশগ্ৰহণ কৰা দেখা পোৱা হোৱা নাছিল ।

কিষাণৰ অন্তিমখন আন্তঃৰাষ্ট্ৰীয় খেল 2023 চনত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে আছিল, যেতিয়া তেওঁ দলটোৰ বিৰুদ্ধে দ্বি-পাক্ষিক টি-20 শৃংখলাৰ বাবে ভাৰতৰ হৈ দলত অংশগ্ৰহণ কৰিছিল । চলিত ছিজনত কিষাণে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত উন্নত প্ৰদৰ্শন দাঙি ধৰাত ব্যৰ্থ হয় ৷ খেলুৱৈগৰাকীয়ে 22.86 গড় আৰু 148.84 ৰ ষ্ট্ৰাইক ৰেটৰ সৈতে 14 টা ইনিংছত মাত্ৰ 320 ৰাণহে সংগ্ৰহ কৰিবলৈ সক্ষম হয় । পৰৱৰ্তী সময়ত ভাৰতীয় উদীয়মান ক্ৰিকেটাৰগৰাকীয়ে মূল একাদশলৈ প্ৰত্যাৱৰ্তন কৰাৰ বাবে চেষ্টা অব্যাহত ৰাখিব ৷

লগতে পঢ়ক:আই চি চি পুৰুষ টি-20 ৰেংকিঙৰ 6 নং স্থানত ভাৰতৰ যশস্বী জয়ছোৱাল : শুভমন গিলৰো অগ্ৰগতি - ICC MENS T20I RANKINGS

ABOUT THE AUTHOR

...view details