নতুন দিল্লী: আই চি চি চেম্পিয়নছ ট্ৰফী ২০২৫ ৰ আয়োজক দেশ পাকিস্তানৰ ক্ৰিকেট ব’ৰ্ড পি চি বিয়ে নিশ্চিত কৰিছে যে ভাৰতৰ সকলো খেল ডুবাইত অনুষ্ঠিত হ’ব আৰু যদি টীম ইণ্ডিয়াই নকআউটৰ বাবে যোগ্যতা অৰ্জন কৰে তেন্তে ইউ এ ইত দ্বিতীয়খন ছেমি ফাইনেল আৰু ফাইনেলো অনুষ্ঠিত হ’ব ।
ভাৰতে ইউ এ ইত খেলিব
পাকিস্তানৰ সংবাদ মাধ্যমৰ বাতৰি অনুসৰি পাকিস্তান ক্ৰিকেট ব’ৰ্ডৰ মুখপাত্ৰ আমিৰ মিৰে কয় যে ব’ৰ্ডে সংযুক্ত আৰব আমিৰশ্বাহীক নিৰপেক্ষ স্থান হিচাপে বাছি লৈছে । এই সন্দৰ্ভত আই চি চি কো আনুষ্ঠানিক তথ্য দিয়া হৈছে । পিচিবিৰ মুখপাত্ৰৰ মতে, ভাৰত আৰু পাকিস্তানৰ মাজত চেম্পিয়নছ ট্ৰফীৰ মেচ এতিয়া ইউ এ ইত অনুষ্ঠিত হ’ব । আয়োজক পাকিস্তানে চেম্পিয়নছ ট্ৰফীৰ নিৰপেক্ষ স্থান নিৰ্ধাৰণ কৰিবলগীয়া হৈছিল ।
পিচিবিৰ মুখপাত্ৰগৰাকীয়ে লগতে কয় যে পিচিবিৰ অধ্যক্ষ মহছিন নাকভী আৰু ইউ এ ই ক্ৰিকেট ব’ৰ্ডৰ অধ্যক্ষ শ্বেখ আল নাহিয়ানৰ মাজত হোৱা বৈঠকৰ অন্তত এই স্থান সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত লোৱা হৈছে ।
পাকিস্তানত আৰু নিৰপেক্ষ স্থানত অনুষ্ঠিত হ’ব চেম্পিয়নছ ট্ৰফী ২০২৫
ইয়াৰ পূৰ্বে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে বৃহস্পতিবাৰে ঘোষণা কৰিছিল যে চেম্পিয়নছ ট্ৰফী ২০২৫ পাকিস্তানত আৰু নিৰপেক্ষ স্থানত অনুষ্ঠিত হ’ব । য'ত অনুষ্ঠিত হ'ব ভাৰতৰ মেচ । অৱশ্যে আইচিচিয়ে আৰু কয় যে ২০২৭ চনলৈকে আইচিচিয়ে আয়োজন কৰা প্ৰতিখন প্ৰতিযোগিতাৰ বাবে এই ব্যৱস্থা প্ৰযোজ্য হ’ব ।
শীঘ্ৰে ঘোষণা কৰা হ’ব চেম্পিয়নছ ট্ৰফীৰ সূচী
কিন্তু চেম্পিয়নছ ট্ৰফীৰ সূচী এতিয়াও ঘোষণা কৰা হোৱা নাই । সংবাদ মাধ্যমৰ বাতৰি যদি বিশ্বাস কৰিব লাগে তেন্তে পাকিস্তানে ৯ ৰ পৰা ১০ খন খেল আয়োজন কৰিব পাৰে । যদি ভাৰতে ফাইনেলৰ বাবে যোগ্যতা অৰ্জন নকৰে তেন্তে লাহোৰত অনুষ্ঠিত হ’ব ফাইনেল মেচ । অহা বছৰ ভাৰতত অনুষ্ঠিত হ’বলগীয়া মহিলা ক্ৰিকেট বিশ্বকাপ আৰু ২০২৬ চনত ভাৰত আৰু শ্ৰীলংকাই আয়োজন কৰা টি-২০ বিশ্বকাপৰ বাবেও হাইব্ৰিড ব্যৱস্থা ৰূপায়ণ কৰা হ’ব ।
দুয়োখন দেশৰ মাজত শেষৰখন দ্বিপাক্ষিক শৃংখলা ২০১২ চনত অনুষ্ঠিত হৈছিল
নিৰাপত্তাজনিত কাৰণত ভাৰতে ফেব্ৰুৱাৰী-মাৰ্চত অনুষ্ঠিত হ’বলগীয়া চেম্পিয়নছ ট্ৰফীৰ বাবে পাকিস্তানলৈ যাবলৈ অস্বীকাৰ কৰিছে । ২০০৮ চনৰ মুম্বাইত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত পাকিস্তানত ভাৰতীয় দলসমূহে খেলা নাই । দুয়োখন দেশৰ মাজত শেষৰখন দ্বিপাক্ষিক শৃংখলা ২০১২ চনত অনুষ্ঠিত হৈছিল । ইয়াৰ উপৰিও পাকিস্তান ভ্ৰমণৰ বাবে ভাৰত চৰকাৰৰ অনুমোদনৰ প্ৰয়োজন হয়, যিয়ে বৰ্তমানৰ পৰিস্থিতিৰ ওপৰত নিজৰ স্থিতি অক্ষুণ্ণ ৰাখিছে ।
লগতে পঢ়ক:অপেক্ষাৰ অন্ত ! হাইব্ৰিড মডেলত অনুষ্ঠিত হ’ব আই চি চি চেম্পিয়নছ ট্ৰফী