অসম

assam

ETV Bharat / sports

টি 20 বিশ্বকাপত পাকিস্তানৰ বিৰুদ্ধে 6 উইকেটত জয় লাভ ভাৰতৰ - ICC WOMENS T20 WORLD CUP 2024

Ind beat pak in t20: দেওবাৰে মহিলা বিশ্বকাপৰ এখন মেচত পাকিস্তানৰ বিৰুদ্ধে জয় লাভ ভাৰতৰ ৷ 6 উইকেটত জয় লাভ কৰে ভাৰতে ৷

By ETV Bharat Sports Team

Published : 4 hours ago

ICC WOMENS T20 WORLD CUP 2024
ভাৰতীয় মহিলা ক্ৰিকেট দল (IANS PHOTO)

স্প’ৰ্টছ ডেস্ক, 6 অক্টোবৰ:দেওবাৰে ডুবাইত অনুষ্ঠিত হোৱা আই চি চি মহিলা বিশ্বকাপ 2024 প্ৰতিযোগিতাৰ এখন মেচত জয় লাভ কৰিছে ভাৰতে ৷ পাকিস্তানৰ বিৰুদ্ধে 6 উইকেটত জয় লাভ কৰে ভাৰতীয় মহিলা ক্ৰিকেট দলে ৷ ভাৰতে পাকিস্তানে নিৰ্ধাৰণ কৰি দিয়া 106 ৰাণৰ লক্ষ্য আগত লৈ 18.4 অভাৰত লক্ষ্যত উপনীত হয় ৷ বিনিময়ত ভাৰতে হেৰুৱায় 4 টা উইকেট ।

এই জয়ৰ লগে লগে শৃংখলাটোত ভাৰতে দলৰ জয়ৰ একাউণ্ট মুকলি কৰে ৷ টছত জয়ী হৈ প্ৰথমে বেটিং কৰি পাকিস্তানৰ বেটছমেনসকলক ভাৰতীয় বলাৰৰ সন্মুখত দিশহাৰা হৈ পৰা দেখা যায় ৷ কোনো এগৰাকী পাকিস্তানী বেটছমেনে বিশেষ প্ৰদৰ্শন দাঙি ধৰিবলৈ সক্ষম নহ’ল ৷

পাকিস্তানৰ হৈ সৰ্বাধিক ৰাণ সংগ্ৰহ কৰে নিদা দাৰে ৷ ক্ৰিকেটাৰগৰাকীয়ে 64 টা বলত 28 ৰাণ সংগ্ৰহ কৰিছিল । ইয়াৰ বাহিৰে কোনো এগৰাকী বেটছমেনে 20 ৰাণৰ সীমা স্পৰ্শ কৰিব নোৱাৰিলে । পাকিস্তানৰ অধিনায়ক ফাতিমা ছানাই 8 টা বলত সংগ্ৰহ কৰিছিল 13 ৰাণ, যি দলটোক এটা শক্তিশালী স্থিতিত উপনীত কৰোৱাৰ ক্ষেত্ৰত পৰ্যাপ্ত নাছিল ৷

ভাৰতে 106 ৰাণৰ লক্ষ্য আগত লৈ শ্বেফালী বাৰ্মা(32), হৰমনপ্ৰীত কৌৰ(29) আৰু জেমিমা ৰড্ৰিগছ (23) ৰাণৰ সহায়ত দল নিশ্চিত বিজয় প্ৰদান কৰে ৷ অৱশ্যে, ৰিচা ঘোষে শূন্যতে ওভতে পেভিলিয়নলৈ ৷ তদুপৰি স্মৃতি মন্ধানাই সংগ্ৰহ কৰে মাত্ৰ 7 ৰাণ ৷

ভাৰতীয় বলাৰ অৰুন্ধতী ৰেড্ডীয়ে 4 অভাৰত 19 ৰাণ ব্যয় কৰি দখল কৰে 3 টা উইকেট ৷ আনহাতে, তাৰকা বলাৰ শ্ৰেয়ংকা পাটিলে 4 অভাৰত 12 ৰাণৰ বিনিময়ত মাত্ৰ দুটা উইকেটহে দখল কৰে ৷ ৰেণুকা সিং, দীপ্তি শৰ্মা আৰু আশা শোভানাই তেওঁলোকৰ সমগ্ৰ স্পেলত এটাকৈ উইকেট লাভ কৰিছিল ।

এই প্ৰতিযোগিতাখনত ভাৰতৰ এয়া প্ৰথমটো জয় । ইয়াৰ পূৰ্বে টীম ইণ্ডিয়াই কিৱি খেলুৱৈসকলৰ বিপক্ষে পৰাজয়ৰ সন্মুখীন হ'বলগীয়া হৈছিল । দেওবাৰৰ এই জয়ে পৰৱৰ্তী মেচসমূহত অংশগ্ৰহণ কৰাত টীম ইণ্ডিয়াৰ মনোবল অটুট ৰখাত সহায় কৰিব ৷

লগতে পঢ়ক:পাকিস্তানক ধূলিসাৎ কৰাৰ উদ্দেশ্যৰে দেওবাৰে ক্ৰিজত নামিব ভাৰত - ICC WOMENS T20 WORLD CUP 2024

ABOUT THE AUTHOR

...view details