অসম

assam

ভাৰত বনাম ইংলেণ্ড দ্বিতীয় টেষ্ট : যশস্বীৰ দ্বিশতক, ভাৰতৰ প্ৰথম ইনিংছত ৩৯৬ ৰাণ

By ETV Bharat Assamese Team

Published : Feb 3, 2024, 11:42 AM IST

IND Vs ENG 2nd Test Day2 : বিশাখাপট্টনম টেষ্টৰ দ্বিতীয় দিনটো ভাৰতৰ হৈ যশস্বী জয়ছোৱাল আৰু ৰবিচন্দ্ৰন অশ্বিনে আৰম্ভ কৰে । দিনটোৰ মুখ্য আকৰ্ষণ হৈছে যশস্বী জয়ছোৱালৰ দ্বিশতক । প্ৰথম ইনিংছত ভাৰতে ৩৯৬ ৰাণ সংগ্ৰহ কৰে ।

যশস্বীৰ দ্বিশতক, ভাৰতৰ প্ৰথম ইনিংছত ৩৯৬ ৰাণ
যশস্বীৰ দ্বিশতক, ভাৰতৰ প্ৰথম ইনিংছত ৩৯৬ ৰাণ

স্পৰ্টছ ডেস্ক, ৩ ফেব্ৰুৱাৰী :ইংলেণ্ডৰ বিৰুদ্ধে চলিত টেষ্ট শৃংখলাৰ দ্বিতীয় টেষ্টত ভাৰতৰ প্ৰথম ইনিংছ ৩৯৬ ৰাণত থমকি ৰয় । ছয় উইকেটত ৩৩৬ ৰাণৰ পৰা দ্বিতীয় দিনৰ খেল আৰম্ভ কৰা ভাৰতীয় দলটোৱে প্ৰায় ডেৰ ঘণ্টাৰ ভিতৰত ৩৯৬ ৰাণত বাকী চাৰিটা উইকেট হেৰুৱায় ।

দ্বিতীয় দিনৰ গুৰুত্বপূৰ্ণ দিশটো হৈছে যুৱ ক্ৰিকেটাৰ যশস্বী জয়ছোৱালৰ দ্বিশতক । যশস্বীয়ে ২০৯ ৰাণ সংগ্ৰহ কৰে । এয়া হৈছে যশস্বীৰ আন্তৰাষ্ট্ৰীয় টেষ্ট কেৰিয়াৰ প্ৰথমটো দ্বিশতক । আনহাতে, তৃতীয় কনিষ্ঠ ভাৰতীয় হিচাপে ষশস্বীয়ে ইতিহাস সৃষ্টি কৰে ।

এটা প্ৰান্তত টেইল এণ্ডাৰৰ সৈতে যশস্বীয়ে দ্ৰুততাৰে যিমান সম্ভৱ ৰাণ কৰিবলৈ চেষ্টা কৰে । তেওঁ এণ্ডাৰছনৰ ১৬ নম্বৰ অভাৰৰ অন্তিম বলটোত এক ডাঙৰ শ্বট খেলিবলৈ চেষ্টা কৰে । অৱশ্যে তেওঁ এটা ভুল শ্বট নিৰ্বাচন কৰে বলটো বহু ওপৰলৈ উঠে যদিও দূৰত্ব লাভ কৰাত বিফল হয় । ফলত জনি বেয়াৰষ্টোৱে অক্সট্ৰা ক'ভাৰ বাউণ্ডেৰীৰ পৰা দৌৰি আহি এটা সৰল কেছ আয়ত্ত কৰে ।

দ্বিতীয় টেষ্টত যশস্বীৰ বাবে এইটো এটা ডাঙৰ মুহূৰ্ত । শ্বোৱেইব বছিৰৰ দুটা বলত ক্ৰমাগত ছয় আৰু চাৰি মাৰি তেওঁ ২০০ ৰাণৰ মাইলৰ খুঁটি স্পৰ্শ কৰে । ইয়াৰ পূৰ্বে ভাৰতে ৰবিচন্দ্ৰন অশ্বিনৰ ৰূপত সপ্তমটো আৰু দিনটোৰ প্ৰথমটো উইকেট হেৰুৱায় । তেওঁ এণ্ডাৰছনৰ বলত আউট হয় । যশস্বীয়ে তেওঁৰ দ্বিশতকৰ ফালে আগবাঢ়ি থকাৰ সময়ত ৰবিচন্দ্ৰন অশ্বিনে বেটেৰে কেইবাটাও আকৰ্ষণীয় ষ্ট্ৰোক খেলে আৰু ৰাণৰ গতি অব্যাহত ৰাখিবলৈ চেষ্টা কৰে ।

সংক্ষিপ্ত স্ক'ৰ

ভাৰত (প্ৰথম ইনিংছ) : যশস্বী জয়ছোৱাল ২০৯ (২৯০), ৰোহিত শৰ্মা ১৪ (৪১), শুভমন গিল ৩৬ (৪৬), শ্ৰেয়স আয়াৰ ২৭ (৫৯), ৰজত পাতিদাৰ ৩২ (৭২), অক্ষৰ পেটেল ২৭ (৫১), শ্ৰীকৰ ভৰত ১৭ (২৩), ৰবিচন্দ্ৰন অশ্বিন ২০ (৩৭), কুলদ্বীপ যাদৱ* ৮ (৪২), যশপ্ৰীত বুমৰাহ ৬ (৯), মুকেশ কুমাৰ ০ (৩) ।

ইংলেণ্ড বলিং : জেমছ এণ্ডাৰছন ৩ উইকেট (৪৭ ৰাণ), টম হাৰ্টলী ১ উইকেট (৭৪ৰাণ), শ্বোৱেইব বছিৰ ৩ উইকেট (১৩৮ ৰাণ), ৰেহান আহমেদ ৩ উইকেট (৬৫ ৰাণ) ।

লগতে পঢ়ক :বয়স 41 বছৰ 187 দিন; টেষ্ট মেচ খেলা আটাইতকৈ জ্যেষ্ঠ পেচাৰ জেমছ এণ্ডাৰছন

ABOUT THE AUTHOR

...view details