অসম

assam

ETV Bharat / sports

কিহৰ বাবে এনে আচৰণ ! হোটেল কৰ্তৃপক্ষৰে হাত মিলাবলৈ অস্বীকাৰ কোহলীৰ - VIRAT KOHLI HAND SHAKE VIRAL VIDEO - VIRAT KOHLI HAND SHAKE VIRAL VIDEO

Virat Kohli Gesture Viral: দ্বিতীয় টেষ্টৰ পূৰ্বে মঙলবাৰে ভাৰতীয় ক্ৰিকেট দলটো উপস্থিত হয় কানপুৰত ৷ হোটেল কৰ্তৃপক্ষই দুয়োটা দলকে উষ্ম আদৰণি জনায় ৷ পিছে টীম ইণ্ডিয়াৰ অন্যতম সদস্য বিৰাট কোহলীয়ে হোটেল কৰ্তৃপক্ষৰ সৈতে হাত মিলাই অভিবাদন জনাবলৈ অস্বীকাৰ কৰে ৷ পিছে কিহৰ বাবে এনে কৰিলে ক্ৰিকেটাৰগৰাকীয়ে ?

VIRAT KOHLI HAND SHAKE VIRAL VIDEO
কানপুৰৰ হোটেলত বিৰাট কোহলী (ETV Bharat)

By ETV Bharat Sports Team

Published : Sep 25, 2024, 1:51 PM IST

স্প’ৰ্টছ ডেস্ক, 25 ছেপ্টেম্বৰ:দ্বিতীয়খন টেষ্টত অংশগ্ৰহণৰ উদ্দেশ্যে কানপুৰত উপস্থিত হৈছে টীম ইণ্ডিয়া ৷ দলটো চহৰখনত উপস্থিত হোৱাৰ পিছতে জনোৱা হৈছিল উষ্ম আদৰণি ৷ হোটেল কৰ্তৃপক্ষৰ ফালৰ পৰাও দলটোক আদৰিবলৈ কৰা হৈছিল ব্যাপক আয়োজন ৷ দলটো হোটেলত উপস্থিত হোৱাৰ পিছত তাৰকা ক্ৰিকেটাৰ বিৰাট কোহলীৰ এক বিশেষ ভিডিঅ’ ভাইৰেল হৈ পৰে সামাজিক মাধ্যমত ৷

প্ৰকৃততে বিৰাট কোহলী হোটেলত উপস্থিত হোৱাৰ লগে লগে গ্ৰীণপাৰ্ক ক্ৰিকেট এছ’চিয়েশ্যনৰ বিষয়াসকলেও দলটোৰ সৈতে তাৰকা খেলুৱৈগৰাকীক আদৰণি জনায় । সেই সময়ত তাত উপস্থিত আছিল হোটেলখনৰ শীৰ্ষ বিষয়াসকলো ৷

হোটেল কৰ্তৃপক্ষই কোহলীক এটা ফুলৰ থোপাৰে সম্ভাষণ জনায় ৷ তাৰপিছতে আন এগৰাকী বিষয়াই কোহলীৰ সৈতে হাত মিলাই অভিবাদন জনাব বিচাৰে ৷ পিছে এখন হাতত নিজৰ বেগ আৰু এখন হাতত ফুলৰ থোপা লৈ থকা কোহলীয়ে হাত মিলাবলৈ অস্বীকাৰ কৰে ৷ কোহলীয়ে বিষয়াগৰাকীক এনেদৰে কয় "মহাশয় মোৰ মাথো দুখনহে হাত" ৷ তাৰপিছতে অভিবাদন নজনোৱাকৈ হোটেলৰ কোঠালৈ গমন কৰে ক্ৰিকেটাৰগৰাকীয়ে ৷

এই মুহূৰ্তটোৰ ভিডিঅ’ পৰৱৰ্তী সময়ত ভাইৰেল হৈ পৰে সামাজিক মাধ্যমত ৷ ভিডিঅ’টোৱে সামাজিক মাধ্যম ব্যৱহাৰকাৰীৰ মাজত লাভ কৰে ব্যাপক চৰ্চা ৷

ভাৰত আৰু বাংলাদেশৰ মাজৰ দ্বিতীয়খন টেষ্ট মেচ 27 ছেপ্টেম্বৰৰ পৰা কানপুৰত অনুষ্ঠিত হ’ব । এই মেচখনত কানপুৰ ষ্টেডিয়ামৰ কৰ্মচাৰীসকলে 2000 স্কুলীয়া ছাত্ৰ-ছাত্ৰীক বিনামূলীয়া মেচ উপভোগ কৰাৰ সুবিধা প্ৰদানৰ লগতে খাদ্য আৰু খোৱাপানী যোগান ধৰিব । এই ষ্টেডিয়ামখনত প্ৰায় 20,000 দৰ্শকৰ বাবে আসনৰ সুবিধা মজুত আছে ৷ ইতিমধ্যে বিক্ৰীৰ বাবে মুকলি কৰা হৈছে টিকট ৷

চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত প্ৰথমখন টেষ্টত ভাৰতে বাংলাদেশক 280 ৰাণত পৰাস্ত কৰিছিল । ৰবিচন্দ্ৰন অশ্বিনৰ উপৰিও শুভমন গিল আৰু ঋষভ পন্তে উক্ত মেচত অৰ্জন কৰিছিল শতক । তদুপৰি আৰ অশ্বিনে দ্বিতীয় ইনিংছত 6 টাকৈ উইকেট দখল কৰে, যাৰ বাবে খেলুৱৈগৰাকীক প্লেয়াৰ অৱ দ্য মেচৰ বঁটা আগবঢ়োৱা হয় ৷

লগতে পঢ়ক:ৰোহিত-বিৰাট এজনো নহয় ! আৰ অশ্বিনৰ দৃষ্টিত ভাৰতীয় দলৰ কহিনুৰ হীৰা কোন ? - R Ashwin on Fittest cricketer

ABOUT THE AUTHOR

...view details