স্প’ৰ্টছ ডেস্ক, 22 ছেপ্টেম্বৰ:দুখন মেচৰ টেষ্ট শৃংখলাৰে ভাৰত ভ্ৰমণলৈ অহা বাংলাদেশে প্ৰথমখন টেষ্টত টীম ইণ্ডিয়াৰ বিৰুদ্ধে পৰাজয়বৰণ কৰে ৷ মেচৰ চতুৰ্থদিনা 280 ৰাণত বাংলাদেশৰ বিৰুদ্ধে জয় লাভ কৰে ভাৰতীয় ক্ৰিকেট দলটোৱে ৷ ভাৰতে প্ৰথম ইনিংছত 376 ৰাণ সংগ্ৰহ কৰি ইনিংছ ঘোষণা কৰাৰ পিছত প্ৰত্যুত্তৰত বাংলাদেশে আটাইকেইটা উইকেটৰ বিনিময়ত সংগ্ৰহ কৰিছিল 149 ৰাণ ৷
দ্বিতীয় ইনিংছত বাংলাদেশৰ বিৰুদ্ধে 515 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছিল ভাৰতে ৷ এই লক্ষ্য অনুসৰণ কৰি বাংলাদেশে সংগ্ৰহ কৰিবলৈ সক্ষম হয় মাত্ৰ 234 ৰাণ ৷
ভাৰতৰ হৈ ৰবিচন্দ্ৰন অশ্বিনে দ্বিতীয় ইনিংছত দখল কৰিছিল 6 টা উইকেট । ইয়াৰোপৰিও ৰবীন্দ্ৰ জাদেজাই 3 টা আৰু যশপ্ৰীত বুমৰাহে এটা উইকেট দখল কৰে । বেটে-বলে উজ্বলি উঠা অশ্বিনক আগবঢ়োৱা হয় প্লেয়াৰ অৱ দ্য মেচৰ বঁটা ৷ অশ্বিনে প্ৰথম ইনিংছত শতক অৰ্জন কৰাৰ লগতে দ্বিতীয় ইনিংছত দখল কৰিছিল 6 টাকৈ উইকেট ৷
ভাৰতৰ প্ৰথম ইনিংছ