ছিডনী:ব'ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ পঞ্চম আৰু অন্তিম টেষ্ট মেচত তৃতীয় দিনা ভাৰতক পৰাস্ত কৰে অষ্ট্ৰেলিয়াই । অষ্ট্ৰেলিয়াই ৪টা উইকেট হেৰুৱাই ১৬২ ৰাণৰ লক্ষ্যত উপনীত হয় । যাৰ সহায়ত অষ্ট্ৰেলিয়াই ১০ বছৰৰ পাছত ১-৩ ত ব'ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী দখল কৰে । ২০১৪-১৫ চনৰ পিছত অষ্ট্ৰেলিয়াই ঘৰুৱা মাটিত বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী লাভ কৰা নাছিল । স্কট ব’লেণ্ডক খেলৰ শ্ৰেষ্ঠ খেলুৱৈ আৰু যশপ্ৰীত বুমৰাহক ছিৰিজৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান প্ৰদান কৰা হয় ।
ছিডনী টেষ্টত জয়ী হোৱাৰ বাবে অষ্ট্ৰেলিয়াৰ ১৬২ ৰাণৰ লক্ষ্য
তৃতীয় দিনা ১৪১/৬ ত অগ্ৰগতি লাভ কৰি থকা ভাৰতে নিজৰ নিশাৰ স্ক’ৰত মাত্ৰ ১৬ ৰাণহে সংযোজন কৰিব পাৰিলে আৰু তৃতীয় দিনটোৰ প্ৰথম ৪৫ মিনিটত দ্বিতীয় ইনিংছ ১৫৭ ৰাণত সমাপ্ত হয় । যাৰবাবে ভাৰতে ১৬১ ৰাণৰ অগ্ৰগতি লাভ কৰে আৰু অষ্ট্ৰেলিয়াই ১৬২ ৰাণৰ লক্ষ্য লাভ কৰি জয়লাভ কৰে । আনহাতে অষ্ট্ৰেলিয়াৰ স্কট ব’লেণ্ডে ৬টা উইকেট দখল কৰাত সফল হোৱাৰ বিপৰীতে অধিনায়ক পেট কামিন্সে ৩টা উইকেট দখল কৰে ।
বলিং কৰিবলৈ খেলপথাৰলৈ নাহিল বুমৰাহ
১৬২ ৰাণৰ সৰু লক্ষ্য ৰক্ষা কৰিবলৈ ভাৰতীয় বলাৰৰ পৰা অলৌকিকতাৰ আশা কৰা হৈছিল যদিও ভাৰতৰ বাবে চিন্তাৰ বিষয় আছিল যে বুমৰাহ খেলপথাৰলৈ বলিং কৰিবলৈ অহা নাছিল । যাৰবাবে অষ্ট্ৰেলিয়াৰ বাবে এই মেচত জয়ী হোৱাটো বৰ কঠিন নাছিল । অষ্ট্ৰেলিয়াই ২৭ অভাৰত চেজ সম্পূৰ্ণ কৰাৰ লগতে ওছমান খোৱাজা (৪১), বিউ ৱেবষ্টাৰ (৩৯ নট আউট) আৰু ট্ৰেভিছ হেড (৩৪ নট আউট) বিশেষ অৰিহণা যোগায় ।
দ্বিতীয় ইনিংছত প্ৰসিদ্ধ কৃষ্ণই তিনিটা উইকেট দখল কৰে যদিও ভাৰতৰ বাবে সেয়া যথেষ্ট নাছিল ৷ কিয়নো তেওঁৰ বলিং প্ৰদৰ্শন অতি দুৰ্বল আছিল আৰু কামিন্স এণ্ড কোম্পানীয়ে পাৰ্থত ২৯৫ ৰাণত পৰাস্ত হোৱাৰ পিছতো দীৰ্ঘ বিৰতিৰ পাছত ট্ৰফীটো লাভ কৰিবলৈ সক্ষম হয় ৷
ডব্লিউ টি চিৰ ফাইনেলত প্ৰৱেশ অষ্ট্ৰেলিয়া