স্প’ৰ্টছ ডেস্ক: ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ তৃতীয়খন টেষ্ট মেচ ব্ৰীছবেনৰ গাব্বাত অনুষ্ঠিত হ'ব । বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত উপনীত হোৱাৰ বাবে পাঁচখন খেলৰ শৃংখলাৰ বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ তৃতীয়খন টেষ্ট মেচ টীম ইণ্ডিয়াৰ বাবে হ’ব অতি গুৰুত্বপূৰ্ণ ৷
14 ডিচেম্বৰৰ পৰা অনুষ্ঠিত হ’বলগীয়া এই টেষ্টত বতৰে বিধি-পথালি দিয়াৰ পূৰ্ণ সম্ভাৱনা দেখা গৈছে ৷ যদিহে বৰষুণৰ বাবে মেচখন বাতিল কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হয়, তেন্তে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপত টীম ইণ্ডিয়াৰ পথ প্ৰশস্ত কৰাৰ ক্ষেত্ৰত কি হ'ব সমীকৰণ ?
গাব্বা টেষ্টৰ বতৰ কেনে হ'ব ?
বতৰ বিজ্ঞানীসকলৰ মতে, ব্ৰীছবেনৰ গাব্বা ক্ৰিকেট গ্ৰাউণ্ডত অনুষ্ঠিত হ'বলগীয়া তৃতীয়খন টেষ্ট মেচৰ প্ৰথম চাৰিদিন বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে বৰষুণ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে । এই সময়ছোৱাত তাপমাত্ৰা প্ৰায় 27 ডিগ্ৰী ছেলচিয়াছ হ'ব । যাৰ বাবে খেলুৱৈসকলে অধিক পৰিমাণে আৰ্দ্ৰতাৰ সন্মুখীন হ'ব লাগিব ।
এই খেলখনৰ প্ৰথমদিনা বিশেষকৈ পুৱা আৰু আবেলি সময়ত 65% বৰষুণ হোৱাৰ সম্ভাৱনা আছে । দ্বিতীয় আৰু তৃতীয় দিনত ক্ৰমান্বয়ে 58% আৰু 60% বৰষুণ হোৱাৰ সম্ভাৱনা আছে । ইয়াৰোপৰি, চতুৰ্থ দিনাও 55% বৰষুণ হোৱাৰ সম্ভাৱনা আছে । আনহাতে, চাৰিদিনৰ তুলনাত পঞ্চম দিনটোত বৰষুণ হোৱাৰ সম্ভাৱনা কিছু কম দেখা গৈছে । অন্তিম দিনটোত বৰষুণৰ সম্ভাৱনা আছে মাত্ৰ 1% ।
ক্ৰিকেট অনুৰাগীসকলে এই খেলখনৰ বতৰৰ প্ৰতিবেদন দেখি হতাশ হৈছে ৷ কিয়নো খেলখনৰ পাঁচোটা দিনতে বৰষুণ হোৱাৰ সম্ভাৱনা তেনেই প্ৰবল ৷ যাৰ বাবে প্ৰথম চাৰিদিনৰ খেল উপভোগ কৰাৰ সুবিধাৰ পৰা বঞ্চিত হ’ব অনুৰাগীসকল ৷ ইতিমধ্যে খেলৰ টিকট ক্ৰয় কৰা অনুৰাগীসকলে বতৰৰ পূৰ্বানুমানৰ বিষয়ে জানিব পাৰি হতাশ হৈছে ৷