স্প’ৰ্টছ ডেস্ক:প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ হৰভজন সিঙৰ বক্তব্যই তোলপাৰ লগাইছে ক্ৰিকেট জগতত ৷সিঙে শেহতীয়া এটা সাক্ষাৎকাৰত প্ৰকাশ কৰিছে যে, তেওঁ আৰু এম এছ ধোনীৰ মাজত কোনোধৰণৰ কথা-বতৰা নহয় ৷
এক সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত প্ৰাক্তন অফ স্পিনাৰগৰাকীয়ে কয় যে, ধোনীৰ সৈতে তেওঁৰ কোনো সমস্যা নাই ৷ কিন্তু বৰ্তমান সময়ত প্ৰাক্তন অধিনায়কগৰাকীৰ সৈতে বন্ধুত্ব মসৃণ নহয় সিঙৰ ।
হৰভজন আৰু ধোনী দুয়ো আছিল বিশ্বকাপ দলৰ গুৰুত্বপূৰ্ণ অংশ
2007 চনৰ টি-20 বিশ্বকাপ আৰু 2011 চনৰ এদিনীয়া বিশ্বকাপত হৰভজন আৰু ধোনী আছিল দুগৰাকী গুৰুত্বপূৰ্ণ খেলুৱৈ । প্ৰতিযোগিতাখনত যেনেদৰে ধোনীৰ অধিনায়কত্বৰ প্ৰশংসা কৰা হৈছিল, তেনেদৰে টি-20 ত সাতটা উইকেট আৰু এদিনীয়া বিশ্বকাপত 9 টা উইকেট দখল কৰা হৰভজন সিঙকো প্ৰশংসাৰে উপচাই দিয়া হৈছিল ৷ টীম ইণ্ডিয়াক নেতৃত্ব প্ৰদান কৰা এম এছ ধোনীৰ সময়ত হৰভজনে 133 খন মেচ খেলি 229 টা উইকেট দখল কৰিছিল ৷
হৰভজন আৰু ধোনী এতিয়া বন্ধু নহয়
হৰভজনে শেহতীয়া এটা সাক্ষাৎকাৰত প্ৰকাশ কৰিছে যে, দুয়োগৰাকীৰে মাজত এতিয়া কোনো বন্ধুত্ব নাই ৷ বহুসময় পাৰ হ’ল দুয়োগৰাকী ক্ৰিকেটাৰে কথা নপতা । তেওঁ লগতে কৈছিল যে, বিগত সময়ৰ আই পি এল ছিজনত অংশগ্ৰহণ কৰাৰ সময়তে দুয়োগৰাকীৰ মাজত বাৰ্তালাপ হৈছিল ৷ তাৰপিছৰে পৰা আৰু কোনো ধৰণৰ কথা-বতৰা হোৱা নাই খেলুৱৈ দুগৰাকীৰ মাজত ৷
তদুপৰি এই বাৰ্তালাপ বন্ধ হোৱাৰ আঁৰত খেলুৱৈগৰাকীয়ে কোনো কাৰণ নথকা বুলিও প্ৰকাশ কৰে ৷ কিন্তু আওপকীয়াকৈ ধোনীয়ে কোনো কাৰণৰ বাবেই তেওঁৰ সৈতে বাৰ্তালাপ বন্ধ কৰা বুলিও ইংগিত প্ৰদান কৰে ৷