আজিৰ খেল বৰ্ষাপাৰাত (Source : Etv Bharat Assam) গুৱাহাটী, 19 মে’:দেওবাৰে অনুষ্ঠিত হ’ব চলিত বৰ্ষৰ আই পি এলৰ লীগ পৰ্যায়ৰ অন্তিমখন মেচ ৷ গুৱাহাটী মহানগৰীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত সন্ধিয়া 7.30 বজাৰ পৰা আৰম্ভ হ’ব ৰাজস্থান ৰয়েলছ আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মাজত ক্ৰিকেটৰ মহাৰণ ৷ ইতিমধ্যে ষ্টেডিয়ামৰ বাকৰিত ভিৰ কৰিছেহি দুয়োটা দলৰ অনুৰাগীয়ে ৷
তাৰমাজতে দৃষ্টি আকৰ্ষণ কৰিছে এগৰাকী বিশেষ ক্ৰিকেটপ্ৰেমীয়ে ৷ ত্ৰিপুৰাৰ পৰা অহা ক্ৰিকেটপ্ৰেমীগৰাকীৰ সৈতে একপি ফটো উঠিবলৈ অধিকাংশ লোকে হেতা-ওপৰা কৰা পৰিলক্ষিত হৈছে ৷ আচলতে ক্ৰিকেটৰ প্ৰতি কিমান আকৰ্ষণ থাকিলে এগৰাকী ব্যক্তিয়ে স্থগিত কৰিব পাৰে নিজৰ বিয়া ?
জানিলে আচৰিত হ’ব যে, ত্ৰিপুৰাৰ পৰা লোকগৰাকীৰ আজি আছিল বিয়া ৷ পিছে কইনাক আৰু অলপ অপেক্ষা কৰিবলৈ দি দৰাৰ সাজেৰে ব্যক্তিগৰাকীয়ে নিজৰ পচন্দৰ দল কলকাতা নাইট ৰাইডাৰ্ছক সন্মুখৰ পৰা সমৰ্থন আগবঢ়াবলৈ বিবাহস্থলীৰ সলনি আহি উপস্থিত হ’ল বৰ্ষাপাৰা ষ্টেডিয়ামত ৷ এই কথাই অৱশ্যে আমোদো দিয়ে বহুতকে ৷
উল্লেখ্য যে, ৰাজস্থান ৰয়েলছে ধাৰাবাহিকভাৱে চাৰিখন মেচত পৰাস্ত হোৱাৰ আজি কে কে আৰৰ বিৰুদ্ধে বৰ্ষাপাৰাত আগবঢ়াব প্ৰতিদ্বন্দ্বিতা ৷ ৰাজস্থান ৰয়েলছৰ অন্যতম সদস্য তথা অসম সন্তান ৰিয়ান পৰাগৰ বাবে ঘৰুৱা খেলপথাৰখন সহায়ক হ’ব বুলিয়ে ধাৰণা কৰা হৈছে ৷
পূৰ্বৰ খেল সমূহৰ দৰে আজিৰ খেলতো ৰিয়ানে উৎকৃষ্ট প্ৰদৰ্শন আগবঢ়াব বুলি আশা প্ৰকাশ কৰিছে অনুৰাগীসকলে ৷ ঘৰুৱা খেলপথাৰত স্থানীয় খেলুৱৈগৰাকীৰ খেল উপভোগ কৰিবলৈ অনুৰাগীসকল যথেষ্ট উৎসাহিত হৈ আছে ৷ অৱশ্যে আজিৰ মেচখনত ৰাজস্থান ৰয়েলছৰ দলটোত নাথাকিব জছ বাটলাৰ ৷
দেওবাৰে বিয়লি ৪.৩০ বজাৰ লগে লগে খুলি দিয়া হৈছে ষ্টেডিয়ামৰ ৭ খনকৈ প্ৰৱেশদ্বাৰ ৷ সুৰক্ষাৰ স্বাৰ্থত মাথোন ম’বাইল আৰু মানিবেগহে দৰ্শকসকলে ষ্টেডিয়ামৰ ভিতৰলৈ নিব পাৰিব ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ বিহাৰৰ দৰে চুবুৰীয়া ৰাজ্যৰ পৰাও খেল উপভোগ কৰিবলৈ বৰ্ষাপাৰালৈ আগমন ঘটিছে অনুৰাগীৰ ৷
লগতে পঢ়ক:আই পি এল 2024 ৰ প্লে’ অফত আৰচিবি; কোহলী-অনুষ্কাৰ চকুত চকুলো কিয় ? - IPL 2024