অসম

assam

ETV Bharat / sports

পঞ্চম ব্ৰহ্মপুত্ৰ ভলীবল লীগ; আন্তঃৰাষ্ট্ৰীয় ভলীবল খেলুৱৈ-শীৰ্ষ বিষয়াৰ উপস্থিতিৰে উদুলি-মুদুলি তেজপুৰ - BRAHMAPUTRA VOLLEYBALL LEAGUE

সম্পূৰ্ণ গাঁৱৰ পৰিৱেশত ব্ৰহ্মপুত্ৰ ভলীবলৰ চূড়ান্ত লীগত বিশ্ব ভলীবলৰ সভাপতি । বিশ্ব ভলীবলৰ সভাপতিৰ উপস্থিতিত, ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় খেলুৱৈৰ সমাহাৰত উখল-মাখল তেজপুৰ পল' ফিল্ড ।

Brahmaputra Volleyball League
তেজপুৰত পঞ্চম ব্ৰহ্মপুত্ৰ ভলীবল লীগ (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Jan 25, 2025, 11:30 AM IST

তেজপুৰ : বিশ্ব ভলীবলৰ সভাপতিৰ উপস্থিতিত তথা ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় খেলুৱৈৰ সমাহাৰত উখল-মাখল তেজপুৰ পল' ফিল্ড । অসমৰ জাতীয় উৎসৱ বিহুৰ ঢোলৰ চেৱত কঁকাল ঘূৰাই নাচিলে বিশ্ব ভলীবলৰ সভাপতিকে ধৰি কেইবাগৰাকীও আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ তথা অলিম্পিকৰ পদক বিজেতাই ।

ব্ৰহ্মপুত্ৰ ভলীবলৰ চূড়ান্ত লীগৰ অনুষ্ঠানত অংশগ্ৰহণ কৰি আন্তঃৰাষ্ট্ৰীয় ভলীবলৰ সভাপতি ফেবিঅ' অজেভেড'ৱে সাংবাদিকৰ আগত কয়, "মই অতিকৈ আনন্দিত যে সকলো মানুহে একেলগে এই বৃহৎ অনুষ্ঠানটোৰ আয়োজন কৰিছে । এই সকলো সম্ভৱ হৈ পৰিছে একমাত্ৰ অভিজিতৰ বাবে । অসমীয়া সংস্কৃতিৰ এই চানেকি দেখি মই অভিভূত হৈ পৰিছো । যিদৰে সমগ্ৰ খেলৰ লগত সকলো জড়িত হৈ পৰিছে ই সঁচাকৈ আচৰিত ।"

তেজপুৰত পঞ্চম ব্ৰহ্মপুত্ৰ ভলীবল লীগ (ETV Bharat Assam)

তেওঁ লগতে কয়, "আজি মই ইয়াৰ পৰা এই বাৰ্তা দিব বিচাৰিছো যে এই ব্ৰহ্মপুত্ৰ ভলীবলৰ পৰা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ভলীবলৈ বিয়পি যাওক । মানুহে আৰু দল আঁকোৱালি লওক আৰু এই সৰু সৰু ল'ৰা-ছোৱালীসকলৰ বাবে ই এক প্ৰেৰণা হৈ ৰওক । ই বহুতো শিশুৰ জীৱনৰ লগত জড়িত হৈ পৰিছে ।"

অসমৰ কৃষ্টি-সংস্কৃতি প্ৰদৰ্শন (ETV Bharat Assam)

ব্ৰহ্মপুত্ৰ ভলীবল লীগ সন্দৰ্ভত তেওঁ কয়, "ব্ৰহ্মপুত্ৰ ভলীবলৰ জৰিয়তে অসমৰ নাম জড়িত হৈ পৰিল, ইয়াত কোনো সন্দেহ নাই । ব্ৰহ্মপুত্ৰ ভলীবলৰ জৰিয়তে আমি বিশ্বৰ যাত্ৰা আৰম্ভ কৰিব পাৰো । সকলো সলনি কৰিব পাৰিম বুলি মই বিশ্বাস কৰো ।"

খেলুৱৈসকলৰ অভিবাদন গ্ৰহণ অতিথিবৃন্দৰ (ETV Bharat Assam)

আনহাতে, তেওঁ সাংবাদিকসকলক ধন্যবাদ জ্ঞাপন কৰি কয়, "ব্ৰহ্মপুত্ৰ ভলীবলৰ বাবে আপোনালোকে মুখ্য ভূমিকা গ্ৰহণ কৰিব লাগিব । কাৰণ আমাৰ ওপৰত আপোনালোকে দৃষ্টি ৰাখিব লাগিব ।"

অংশগ্ৰহণকাৰী খেলুৱৈৰ একাংশ (ETV Bharat Assam)

উল্লেখ্য যে ব্ৰহ্মপুত্ৰ ভলীবল লীগৰ ছুপাৰ লীগৰ বাবে শুকুৰবাৰে ঊষা নগৰী তেজপুৰ এক ঐতিহাসিক মুহূৰ্তৰ সাক্ষী হৈ পৰে । গ্ৰামাঞ্চলৰ তৃণমূল পৰ্যায়ৰ পৰা ভলীবল খেলক বিশ্ববাসীৰ দৃষ্টি আকৰ্ষণ কৰা ব্ৰহ্মপুত্ৰ ভলীবল লীগৰ পঞ্চম ছুপাৰ লীগৰ বাবে শুকুৰবাৰে পুৱাতেই তেজপুৰ তথা জিলাবাসীক উৎফুল্লিত কৰি উপস্থিত হয় আন্তঃৰাষ্ট্ৰীয় ভলীবল ফেডাৰেচনৰ সভাপতি, ব্ৰাজিল নিবাসী ফেবিঅ' অজেভেড', ভলীবলত তিনিবাৰকৈ অলিম্পিকৰ স্বৰ্ণ পদক বিজয়ী যুগোশ্লাভিয়াৰ ড৹ ভ্লাডিমিৰ গাৰবিছ, অলিম্পিকৰ ব্ৰঞ্জৰ পদক লাভ কৰা আন্তঃৰাষ্ট্ৰীয় ভলীবল ফেডাৰেচনৰ কাৰ্যকৰী সঞ্চালক ৰাছিয়াৰ নিবাসী এলিজাবেথ ব্ৰাচট, নেদাৰলেণ্ডৰ ডাচ ভলীবল ফেডাৰেচনৰ আন্তঃৰাষ্ট্ৰীয় ভলীবল খেলুৱৈ পীটাৰ ভান ৰাৰেলী, বিশ্ব ভলীবল সম্ৰাট হিতেশ মালহোত্ৰা, অৰ্জুন আৰু দ্ৰোণাচাৰ্য বঁটা বিজয়ী শ্যামসুন্দৰ ৰাওৰ লগতে অভিজিৎ ভট্টাচাৰ্যৰ গুৰু দিব্যজ্যোতি ভাগৱতী উপস্থিত থাকে ।

আন্তঃৰাষ্ট্ৰীয় ভলীবল সন্থাৰ বিষয়ববীয়া তথা খেলুৱৈৰ বিহুনাচ উপভোগ (ETV Bharat Assam)

ইয়াৰ লগতে অসমৰ ক্ৰীড়া মন্ত্ৰী নন্দিতা গাৰ্লোছা, ক্ৰীড়া বিভাগৰ সচিবকে ধৰি দেশ-বিদেশৰ বহুকেইগৰাকী প্ৰসিদ্ধ ক্ৰীড়াবিদ আৰু ক্ৰীড়া সংগঠকো উপস্থিত থাকে ।

বিহু প্ৰদৰ্শন (ETV Bharat Assam)

আনহাতে, বিশ্ব ভলীবলৰ সঞ্চালক ৰাছিয়া নিবাসী এলিজাবেথ ব্ৰাচটে কয়, "ই সঁচাকৈয়ে এক আবেগিক মুহূৰ্ত । কাৰণ খেলৰ জৰিয়তে সকলোকে বিশ্বৰ মাজত চিনাকি কৰাই দিয়া হ'ল ব্ৰহ্মপুত্ৰ ভলীবলৰ উদ্দেশ্য । তেজপুৰৰ পৰা এই বাৰ্তা বিশ্ব ভলীবলৰ দৰবাৰলৈ গৈছে । ইয়ালৈ আহি এই দৃশ্য প্ৰত্যক্ষ কৰি মই অভিভূত হৈছোঁ । সকলোৰে প্ৰচেষ্টাৰ বাবে ব্ৰহ্মপুত্ৰ ভলীবলৰ আয়োজন হৈছে, সেয়া আমি দেখিবলৈ পালো ।"

অতিথিবৃন্দক আদৰণি (ETV Bharat Assam)

ইফালে ৰাজ্যৰ ক্ৰীড়া মন্ত্ৰী নন্দিতা গাৰ্লোছাই কয়, "খেলৰ বাবে এয়া এক ভাল খবৰ, বিশেষকৈ ব্ৰহ্মপুত্ৰ ভলীবলৰ । বিগত কেইবা মাহ অভিজিতৰ লগত ইয়াৰ বিষয়ে আলোচনা কৰিছিলোঁ আৰু আজি অকল অসমতেই নহয় সমগ্ৰ বিশ্ববাসীয়ে জানিলে যে ব্ৰহ্মপুত্ৰ ভলীবল কি আৰু আমাক এটা ভাল বাৰ্তা প্ৰেৰণ কৰিছে বিশেষকৈ নৱ প্ৰজন্মৰ খেলুৱৈসকলৰ বাবে, যাতে ভৱিষ্যতত তেওঁলোকে ভাল খেল প্ৰদৰ্শন কৰি বিশ্বৰ ভলীবলত অংশগ্ৰহণ কৰিব পাৰে ।"

হস্তশিল্প প্ৰদৰ্শন (ETV Bharat Assam)

উল্লেখ্য যে, ২২ জানুৱাৰীৰ নিশা তেজপুৰৰ পল' ফিল্ডত চাৰিখনকৈ ক'ৰ্টৰ ভিতৰত তৰুণ অসম সংঘৰ ক'ৰ্টখন যুগোশ্লাভিয়াৰ বিশ্ব প্ৰসিদ্ধ ভলীবল খেলুৱৈ ড৹ ভ্লাডিমিৰ গাৰবিছে শুভাৰম্ভ কৰাৰ পিছত শুকুৰবাৰে তৃতীয় দিনটোৰ পুৱাতেই কেইবা সহস্ৰ ক্ৰীড়ানুৰাগীৰ উপস্থিতিত এক উৎসৱমুখৰ পৰিৱেশত পল' ফিল্ডত উপস্থিত হয় বিশ্ব ভলীবল সংস্থাৰ সভাপতিকে ধৰি আন অতিথিসকল ।

তেওঁলোকক তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভা, শোণিতপুৰ জিলাৰ আয়ুক্ত অংকুৰ ভৰালী, ব্ৰহ্মপুত্ৰ ভলীবল লীগৰ স্ৰষ্টা তথা ভাৰতীয় জাতীয় ভলীবল দলৰ প্ৰাক্তন অধিনায়ক অভিজিৎ ভট্টাচাৰ্য, উদ্যোক্তা তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ সভাপতি জিতেন বৰঠাকুৰৰ নেতৃত্বত গায়ন বায়নেৰে আদৰি অনাৰ সময়ত এশ গৰাকী মহিলাই অসমীয়া জাতীয় সাজ পৰিধান কৰি মংগল উৰুলিৰে অনন্য পৰিৱেশৰ সূচনা কৰে । ইয়াৰ পিছত অতিথিসকলে সম্পূৰ্ণ অসমীয়া গ্ৰাম্য সমাজৰ এখন খেৰীঘৰৰ অতিথি গৃহৰ সন্মুখত আসন গ্ৰহণ কৰে ।

ৰাজ্যখনৰ বিশিষ্ট সাংবাদিক মৃণাল তালুকদাৰৰ লগতে টিনাত আতিফা মাছুদে আঁতধৰা বৰ্ণিল অনুষ্ঠানটিৰ মাজতে অতিথিসকলে আয়োজক সমিতিয়ে প্ৰদৰ্শনৰ বাবে ব্যৱস্থা কৰা গোহালি, ঢেঁকীশাল, মাছধৰা জাল, জাকৈ,পল, খেতিৰ সঁজুলিসমূহ, গৰুৰ সৈতে অসমীয়া কৃষক, তাঁতশাল আদি প্ৰত্যক্ষ কৰি অভিভূত হৈ পৰে ।

আনহাতে, বৰ অসমৰ সাতভনীৰ কৃষ্টি-সংস্কৃতি তথা বিহুনাচ, বাগৰুম্বা, ঝুমুৰ নৃত্য, বৰপেটাৰ হোলী গীত, সত্ৰীয়া নৃত্য আদিৰে অতিথিসকলক আদৰণি জনোৱাৰ পিছত তেজপুৰৰ এশগৰাকী মহিলাই ব্ৰহ্মপুত্ৰ ভলীবল লীগৰ শীৰ্ষ গীত পৰিৱেশন কৰে ।

লগতে পঢ়ক :তেজপুৰ পল’ ফিল্ডত ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় খেলুৱৈৰ পয়োভৰ - BRAHMAPUTRA VOLLEYBALL LEAGUE
লগতে পঢ়ক :গাঁৱলীয়া পৰিবেশত বিশ্ব ভলীবলৰ সভাপতিক আদৰিবলৈ সাজু তেজপুৰ - BRAHAMPUTRA VOLLEYBALL LEAGUE

ABOUT THE AUTHOR

...view details