অসম

assam

ETV Bharat / sports

দেৱজিৎ লন শইকীয়াৰ কান্ধত গুৰু দায়িত্ব... - DEVAJIT LON SAIKIA

Secretary of BCCI: বছৰৰ শেষত এটি ভাল খবৰ ৷ ক্ৰীড়াক্ষেত্ৰৰ পৰা অহা এই ভাল খবৰক লৈ গৌৰৱবোধ কৰিছে ৰাজ্যবাসীয়ে ৷

Devajit lon saikia
দেৱজিৎ লন শইকীয়া (Devajit Lon Saikia Fb Account)

By ETV Bharat Sports Team

Published : Dec 8, 2024, 2:20 PM IST

স্প’ৰ্টছ ডেস্ক: বছৰৰ শেষত ৰাজ্যবাসীৰ বাবে এটি ভাল খবৰ । বি চি চি আইৰ সচিব পদত অধিষ্ঠিত হ’ল অসম সন্তান দেৱজিৎ লন শইকীয়া । শইকীয়া হৈছে বি চি চি আইৰ এনে শীৰ্ষ পদ লাভ কৰা প্ৰথমগৰাকী অসমীয়া ।

ইয়াৰ পূৰ্বে তেওঁ বি চি চি আইৰ যুটীয়া সচিবৰূপে কাৰ্যনিৰ্বাহ কৰি আছিল । প্ৰথমবাৰৰ বাবে এগৰাকী অসমীয়া অধিষ্ঠিত হ’ল ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ সচিব পদত । 1 ডিচেম্বৰত জয় শ্বাহে আই চি চিৰ অধ্যক্ষ হিচাপে দায়িত্ব গ্ৰহণৰ পাছত পূৰ্বতে অধিষ্ঠিত হৈ থকা বি চি চি আইৰ সচিব পদটো খালী পৰে ৷

যাৰ বাবে বি চি চি আইৰ সভাপতি ৰ’জাৰ বিন্নীয়ে এই পদৰ ভাৰপ্ৰাপ্ত দায়িত্ব অসমৰ দেৱজিৎ লন শইকীয়াৰ হাতত অৰ্পণ কৰে । প্ৰথম শ্ৰেণীৰ ক্ৰিকেট খেলুৱৈ দেৱজিৎ লন শইকীয়া ইয়াৰ পূৰ্বে বি চি চি আইৰ যুটীয়া সচিবৰ দায়িত্বত আছিল । ইয়াৰ পূৰ্বে শইকীয়াক আই চি চিৰ ব’ৰ্ড অৱ ডাৰেক্টৰ্ছৰ ভাৰতৰ প্ৰতিনিধি হিচাপে নিৰ্বাচিত কৰা হৈছিল ।

বি চি চি আইৰ সংবিধান অনুসৰি পৰৱৰ্তী পূৰ্ণাংগ সচিব নিৰ্বাচন নকৰালৈকে এই পদত কাৰ্যনিৰ্বাহ কৰি থাকিব দেৱজিৎ লন শইকীয়া । কেৱল ভাৰপ্ৰাপ্তই নহয়, এগৰাকী পূৰ্ণ পৰ্যায়ৰ বি চি চি আইৰ সচিব পদতো অধিষ্ঠিত হোৱাৰ বাট মুকলি হ’ল দেৱজিৎ লন শইকীয়াৰ ।

আই চি চিৰ অধ্যক্ষ জয় শ্বাহৰ সৈতে দেৱজিৎ লন শইকীয়া (Devajit Lon Saikia Fb Account)

উল্লেখ্য যে, জয় শ্বাহৰ স্থানত বি চি চি আইৰ সচিবৰ দায়িত্ব লোৱা দেৱজিৎ লন শইকীয়া অহা বছৰৰ ছেপ্টেম্বৰ মাহলৈকে এই দায়িত্বত ন্যস্ত থাকিব । এগৰাকী প্ৰতিষ্ঠিত অধিবক্তা দেৱজিৎ লন শইকীয়াই অসম ক্ৰিকেট সন্থাৰ সাধাৰণ সম্পাদকৰ দায়িত্ব লৈ অসম ক্ৰিকেট উত্তৰণৰ বাবে বহু পদক্ষেপ গ্ৰহণ কৰিছিল । পৰৱৰ্তী সময়ত বি চি চি আইৰ যুটীয়া সচিব পদত অধিষ্ঠিত হৈছিল দেৱজিৎ শইকীয়া ৷

লক্ষণীয় বিষয় যে, ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব'ৰ্ডৰ সচিব জয় শ্বাহে বিশ্ব ক্ৰিকেটৰ সৰ্বোচ্চ সংস্থা আন্তঃৰাষ্ট্ৰীয় ক্রিকেট কাউঞ্চিলৰ অধ্যক্ষৰ দায়িত্ব গ্রহণ পাছত শুকুৰবাৰে ডুবাইস্থিত আই চি চিৰ মুখ্য কাৰ্যালয়ত দেৱজিৎ শইকীয়াই আই চি চিৰ ব'ৰ্ড সঞ্চালকৰ দায়িত্ব গ্ৰহণ কৰে । এনে দায়িত্ব লাভ কৰা শইকীয়া হৈছে প্ৰথমগৰাকী অসমীয়া ।

উল্লেখ্য যে, পূৰ্বে আন্তঃৰাষ্ট্ৰীয় ক্রিকেট কাউঞ্চিলৰ ব'ৰ্ড সঞ্চালকৰ দায়িত্বত আছিল জয় শ্বাহ । জয় শ্বাহে 1 ডিচেম্বৰত সংস্থাটোৰ অধ্যক্ষৰ দায়িত্ব লোৱাৰ পাছত দেৱজিৎ শ‍ইকীয়াক এই দায়িত্বৰ বাবে নিৰ্বাচন কৰা হয় । এই সন্মানীয় দায়িত্ব লাভ কৰাৰ পাছতে আন এক সন্মানীয় পদবী বি চি চি আইৰ সচিব পদত অধিষ্ঠিত হয় দেৱজিৎ শইকীয়া । প্রাক্তন ৰঞ্জি ক্ৰিকেটাৰ দেৱজিৎ লন শ‍ইকীয়া গুৱাহাটী ক্রীড়া সন্থা আৰু গুৱাহাটী টাউন ক্লাবৰো সম্পাদকৰ দায়িত্বত ন্যস্ত আছে ।

ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় ক্ৰিকেট ব’ৰ্ডৰ বিষয়ববীয়াৰূপে নিজৰ দীৰ্ঘদিনীয়া অভিজ্ঞতাৰে ভাৰতীয় ক্ৰিকেটক সাংগঠনিক নেতৃত্ব দিয়াৰ সুবিধা লাভ কৰা দেৱজিৎ শইকীয়াই এতিয়াৰে পৰা আই চি চিত বি চি চি আইক প্ৰতিনিধিত্ব কৰি বিশ্ব ক্ৰিকেটৰ সাংগঠনিক ক্ষেত্ৰত নিজৰ অৱদান আগবঢ়োৱাৰ সুবিধা পাব ৷

লগতে পঢ়ক:আই চি চিৰ অধ্যক্ষৰূপে কাৰ্যভাৰ গ্ৰহণ অমিত তনয় জয় শ্বাহৰ

ABOUT THE AUTHOR

...view details