স্প’ৰ্টছ ডেস্ক, ৮ ছেপ্টেম্বৰ:ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে বাংলাদেশৰ বিৰুদ্ধে প্ৰথমখন টেষ্ট মেচৰ বাবে ভাৰতীয় দলৰ খেলুৱৈৰ নাম ঘোষণা কৰিছে । এই ছিৰিজৰ বাবে বহু খেলুৱৈ দললৈ ঘূৰি আহিছে আৰু বহু খেলুৱৈক দলৰ পৰা বাদ দিয়া হৈছে । ৰেডবল ক্ৰিকেটলৈ ঘূৰি আহিছে উইকেটকীপাৰ বেটছমেন ঋষভ পন্ত ।
গাড়ী দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত হৈ দীৰ্ঘ বিশ্ৰাম লোৱাৰ পিচত প্ৰায় ২০ মাহৰ অন্তত ভাৰতৰ হৈ টেষ্ট ক্ৰিকেটলৈ ঘূৰি আহিব তেওঁ । ভাৰতীয় দলৰ অধিনায়ক হিচাপে ৰোহিত শৰ্মাক দেখা পোৱাৰ বিপৰীতে বিৰাট কোহলী আৰু যশপ্ৰীত বুমৰাহ দুয়োকে দলত অন্তৰ্ভুক্ত কৰা হৈছে । দুলীপ ট্ৰফীৰ প্ৰথমখন মেচত ৯ টা উইকেট দখল কৰা আকাশ দ্বীপ দলত অন্তৰ্ভুক্ত হোৱাৰ লগতে যুৱ বেগী বলাৰ যশ দয়ালকো প্ৰথমবাৰৰ বাবে দলত অন্তৰ্ভুক্ত কৰা হৈছে ।
অৱশ্যে মহম্মদ ছামীয়ে টেষ্ট দলত স্থান দখল কৰিবলৈ ব্যৰ্থ হয় যদিও নিৰ্বাচক দলৰ অধ্যক্ষ অজিত আগৰকাৰে পূৰ্বে কৈছিল যে সোঁহাতৰ বেগী বলাৰগৰাকীয়ে বাংলাদেশৰ বিৰুদ্ধে প্ৰথমখন টেষ্টত প্ৰত্যাৱৰ্তনৰ লক্ষ্য লৈছিল । ভাৰতৰ দীঘলীয়া টেষ্ট ছিজন আৰম্ভ হ’ব ১৯ ছেপ্টেম্বৰত ৷ চেন্নাইত বাংলাদেশৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া দুখন টেষ্ট মেচৰ ভিতৰত প্ৰথমখন খেল অনুষ্ঠিত হ’ব । ২৭ ছেপ্টেম্বৰৰ পৰা ১ অক্টোবৰলৈ কানপুৰৰ গ্ৰীণ পাৰ্ক ষ্টেডিয়ামত অনুষ্ঠিত হ’ব এই শৃংখলাৰ দ্বিতীয়খন টেষ্ট ।
এই খেলুৱৈসকলে নাপালে সুযোগ
শ্ৰেয়াছ আয়েৰ:বাংলাদেশৰ বিৰুদ্ধে প্ৰথমখন টেষ্ট মেচত শ্ৰেয়াছ আয়েৰক দলত স্থান দিয়া হোৱা নাই । অৱশ্যে দুলীপ ট্ৰফীৰ প্ৰথমখন মেচত বিশেষ একো প্ৰদৰ্শন কৰিব নোৱাৰিলে তেওঁ । ইংলেণ্ডৰ বিৰুদ্ধে টেষ্ট ছিৰিজতো তেওঁৰ প্ৰদৰ্শন উৎকৃষ্ট নাছিল ।
মুকেশ কুমাৰ: ভাৰতীয় দলৰ বেগী বলাৰ মুকেশ কুমাৰে বাংলাদেশৰ বিৰুদ্ধে প্ৰথমখন টেষ্ট মেচত স্থান লাভ কৰিবলৈ সক্ষম হোৱা নাই । ইংলেণ্ডৰ বিৰুদ্ধে টেষ্ট শৃংখলাৰ দুখনমান মেচত তেওঁ দলটোৰ অংশ আছিল ।