স্প’ৰ্টছ ডেস্ক, 26 আগষ্ট: ক্ৰিকেট জগতক চিৰবিদায় জনাবলগীয়া হ’ব পাৰে বাংলাদেশৰ ক্ৰিকেট দলৰ অলৰাউণ্ডাৰ শ্বাকিব আল হাছানে ৷ খেলপথাৰত বহু সময়ত হাছানৰ উগ্ৰ আচৰণ প্ৰত্যক্ষ কৰিছে সকলোৱে । তেওঁ অলপতে পাকিস্তানৰ উইকেটকীপাৰ বেটছমেন মহম্মদ ৰিজৱানক লক্ষ্য কৰি এটা বল মাৰি পঠিয়াইছিল, য’ত খেলুৱৈগৰাকীৰ খং আৰু বিৰক্তিভাৱ পৰিস্ফুট হৈ পৰিছে ৷
ক্ৰিকবাজৰ এক শেহতীয়া প্ৰতিবেদন অনুসৰি, শ্বাকিবৰ বিৰুদ্ধে জাৰি কৰা হৈছে এখন আইনী জাননী । ক্ৰিকেটাৰগৰাকীৰ বিৰুদ্ধে হত্যাৰ অভিযোগ উত্থাপন হোৱাৰ পিছত এই জাননী প্ৰেৰণ কৰা হৈছে বাংলাদেশ ক্ৰিকেট ব’ৰ্ডলৈ ৷
শ্বাকিবৰ বিৰুদ্ধে হত্যাৰ অভিযোগ
আচৰণত উগ্ৰ বুলি জনাজাত ক্ৰিকেটাৰ শ্বাকিব আল হাছানৰ বিৰুদ্ধে উত্থাপিত হৈছে হত্যাৰ অভিযোগ ৷ বাংলাদেশত অব্যাহত থকা প্ৰতিবাদ আৰু হিংসাৰ সময়তে এগৰাকী যুৱকক হত্যা কৰাৰ ক্ষেত্ৰত ক্ৰিকেটাৰগৰাকীৰ হাত থকা বুলি ভুক্তভোগীৰ পিতৃয়ে দাখিল কৰিছিল এজাহাৰ ৷ সম্প্ৰতি ভুক্তভোগীৰ পিতৃয়ে অধিবক্তাৰ সহায়ত বাংলাদেশ ক্ৰিকেট ব'ৰ্ডলৈ প্ৰেৰণ কৰিছে এক আইনী জাননী ৷ এই জাননীৰ জৰিয়তে অধিবক্তাসকলে সকলো ধৰণৰ ক্ৰিকেটৰ পৰা শ্বাকিবক আঁতৰত ৰখাৰ বাবে দাবী উত্থাপন কৰিছে ৷