অসম

assam

ETV Bharat / sports

অষ্ট্ৰেলিয়াত মোক্ষম আঘাত; ভাৰতৰ বিৰুদ্ধে ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ পৰা বাদ পৰিল তাৰকা ক্ৰিকেটাৰ

Ind vs Aus: পিঠিৰ আঘাতৰ বাবে ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ পৰা বাদ পৰিছে অষ্ট্ৰেলিয়াৰ এগৰাকী তাৰকা অলৰাউণ্ডাৰ ৷

BORDER GAVASKAR TROPHY 2024
কেমেৰুণ গ্ৰীণ (AFP Photo)

By ETV Bharat Sports Team

Published : Oct 14, 2024, 4:15 PM IST

স্প’ৰ্টছ ডেস্ক, 14 অক্টোবৰ: ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ পূৰ্বে অষ্ট্ৰেলিয়াৰ বাবে এক দুঃখবৰ ৷ এই শৃংখলাৰ পৰা বাদ পৰিছে তাৰকা অলৰাউণ্ডাৰ কেমেৰুণ গ্ৰীণ ৷ পিঠিৰ আঘাতৰ সমস্যাৰ বাবে শৃংখলাটোৰ পৰা বাদ পৰিছে ক্ৰিকেটাৰগৰাকী ৷ প্ৰায় ছমাহলৈ ক্ৰিকেটৰ খেলপথাৰৰ পৰা আঁতৰি থাকিব এইগৰাকী খেলুৱৈ ৷

ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ পৰা বাহিৰ কেমেৰুণ গ্ৰীণ

বিগত ছেপ্টেম্বৰ মাহত পিঠিত আঘাতপ্ৰাপ্ত হৈছিল অষ্ট্ৰেলিয়াৰ অলৰাউণ্ডাৰ কেমেৰুণ গ্ৰীণ ৷ পৰৱৰ্তী সময়ত চিকিৎসকৰ পৰামৰ্শ অনুসৰি, সাময়িকভাৱে ক্ৰিকেটৰ পৰা বিৰতি ঘোষণা কৰিছে খেলুৱৈগৰাকীয়ে ৷ চিকিৎসকৰ মতে খেলুৱৈগৰাকী সম্পূৰ্ণৰূপে সুস্থ হৈ উঠিবলৈ প্ৰায় 9 মাহ সময়ৰ প্ৰয়োজন হ’ব ৷ কিন্তু অষ্ট্ৰেলিয়াৰ ক্ৰিকেট ব’ৰ্ডৰ মতে 6 মাহৰ পিছতো আৰোগ্য লাভ কৰিব পাৰে খেলুৱৈগৰাকীয়ে ৷

সদ্যহতে এই অস্ত্ৰোপচাৰৰ বাবে গ্ৰীণে ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী, শ্ৰীলংকা ভ্ৰমণ আৰু চেম্পিয়নছ ট্ৰফীকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ শৃংখলাত অংশগ্ৰহণৰ পৰা বিৰত থাকিব ৷ আই পি এল, জুন মাহত ডব্লিউ টি চিৰ ফাইনেল (যদি অষ্ট্ৰেলিয়াই যোগ্যতা অৰ্জন কৰে) আৰু অহা বছৰৰ জুন-জুলাইত ৱেষ্ট ইণ্ডিজৰ টেষ্ট ভ্ৰমণৰ বাবেহে খেলুৱৈগৰাকী উপলব্ধ হ’ব পাৰে ।

ক্ৰিকেট অষ্ট্ৰেলিয়াই কি কয় ?

ক্ৰিকেট অষ্ট্ৰেলিয়াই (চি এ) এক বিবৃতিত কয়, "আঘাতপ্ৰাপ্ত হোৱা অংশৰ সমীপত অন্য এক বিসংগতি আছে, যাৰ ফলত অনাগত সময়তো খেলুৱৈগৰাকী আঘাতপ্ৰাপ্ত হোৱাৰ সম্ভাৱনা আছে । সম্পূৰ্ণ পৰামৰ্শৰ পিছত এইটো নিৰ্ধাৰণ কৰা হৈছিল যে ত্ৰুটিটো ঠিক কৰিবলৈ আৰু ভৱিষ্যতে পুনৰ এনে হোৱাৰ আশংকা হ্ৰাস কৰিবলৈ কেমেৰুণে অস্ত্ৰোপচাৰৰ দ্বাৰাহে লাভান্বিত হ'ব" ৷

ডব্লিউ টি চি 2023 ৰ ফাইনেলত মুখ্য ভূমিকা

গ্ৰীণে যোৱা বছৰ অ’ভেলত প্ৰথম বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত উপনীত হোৱাৰ ক্ষেত্ৰত দলটোত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল ৷

গ্ৰীণৰ বিকল্প কোন ?

গ্ৰীণৰ প্ৰস্থানে স্মিথক তেওঁৰ পছন্দৰ চতুৰ্থ স্থানলৈ ঘূৰি যাবলৈ বাধ্য কৰিব পাৰে ৷ আনহাতে, অষ্ট্ৰেলিয়াই দলটোৰ যুৱ অলৰাউণ্ডাৰৰ অনুপস্থিতিত ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ বাবে আন এক বলিং বিকল্প বিচাৰিব লাগিব পাৰে । অষ্ট্ৰেলিয়াৰ মুখ্য নিৰ্বাচক জৰ্জ বেইলীয়ে নিশ্চিত কৰিছে যে, ব’ৰ্ডাৰ-গাভাস্কাৰ শৃংখলাৰ সময়ত স্মিথে ইনিংছ মুকলি নকৰে ।

লগতে পঢ়ক:ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী; ভাৰতৰ বিৰুদ্ধে ইনিংছ মুকলি নকৰে ষ্টিভ স্মিথে

ABOUT THE AUTHOR

...view details