১৫ মে'ত বৰ্ষাপাৰাত আইপিএলৰ প্ৰথমখন মেচ স্পৰ্টছ ডেস্ক,২৫ এপ্ৰিল :অহা ১৫ আৰু ১৯ মে'ত গুৱাহাটীৰ অসম ক্ৰিকেট সন্থাৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হ'ব আইপিএলৰ মেচ । তাক লৈ অসম ক্ৰিকেট সন্থাই প্ৰস্তুতি অব্যাহত ৰাখিছে । ৰাজস্থান ৰয়েলছে দ্বিতীয় ঘৰুৱা খেলপথাৰত পাঞ্জাব কিংছ আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মুখামুখি হ'ব ।
এই সন্দৰ্ভত বৃহস্পতিবাৰে বিচিচিআইৰ যুটীয়া সম্পাদক দেৱজিৎ লন শইকীয়াই কয় যে ১৫ আৰু ১৯ মে'ত গুৱাহাটীৰ বৰ্ষাপাৰাত অনুষ্ঠিত হ'ব লগা আইপিএলৰ দুয়োখন খেলৰ বাবে সম্পূৰ্ণ সাজু অসম ক্ৰিকেট সন্থা । সম্প্ৰতি সকলো নীতি নিয়ম মানি খেলপথাৰ সাজু কৰিছে সন্থাই । ইতিমধ্যে গুৱাহাটীত উপস্থিত হৈ খেলপথাৰ পৰিদৰ্শন কৰিছে ৰাজস্থান ৰয়েলছ দলৰ কাৰিকৰী দল । লগতে অসম ক্ৰিকেট সন্থাই পাৰ্কিঙৰ ক্ষেত্ৰতো পূৰ্বৰ দৰেই ব্যৱস্থা গ্ৰহণ কৰিছে ।
আনহাতে অহা ২৭ এপ্ৰিলত অসম ক্ৰিকেট সন্থাই বিশেষ হস্পিটালিটী স্থান মুকলি কৰিব । ইতিমধ্যে অনলাইনযোগে খেলৰ টিকটো মুকলি কৰা হৈছে । খেলখনত যথেষ্ট দৰ্শকৰ সমাদৰ লাভ কৰিব বুলি আশাবাদী শইকীয়াই । আনহাতে দেৱজিৎ লন শইকীয়াই উল্লেখ কৰা মতে বিশেষ চুক্তিৰ অধীনত ২৫ এপ্ৰিলত অসমৰ ১৬ বছৰ অনূৰ্ধ্বৰ এটা দল বাংলাদেশলৈ ৰাওনা হয় ।
বাংলাদেশৰ ১৬ বছৰ অনূৰ্ধ্বৰ ৰাষ্ট্ৰীয় দলৰ সৈতে ৫ খন খেল খেলিব অসমৰ দলটোৱে । তাৰ দুখন ৩ দিনীয়া আৰু ৩ খন এদিনীয়া মেচ হ'ব । অসম দলটোৰ বাংলাদেশ ভ্ৰমণৰ প্ৰাকমুহূৰ্তত দলটোক দেৱজিৎ লন শইকীয়াই শুভেচ্ছা জ্ঞাপন কৰে । ইয়াৰপূৰ্বে বাংলাদেশৰ এটা দলো অসমলৈ আহিছিল ।
লগতে পঢ়ক :IPLৰ ৰোমাঞ্চকৰ খেলত দিল্লীৰ হাতত ধৰাশায়ী গুজৰাট - DC VS GT IPL 2024