অসম

assam

পাৰিবাৰিক সমস্যা; ৰাজকোট টেষ্টৰ মাজতে দলৰ পৰা বাহিৰ অশ্বিন

By ETV Bharat Assamese Team

Published : Feb 17, 2024, 12:53 PM IST

Ashwin Withdraws From Rajkot Test : ৰাজকোটৰ নিৰঞ্জন শ্বাহ ষ্টেডিয়ামত অনুষ্ঠিত ভাৰত আৰু ইংলেণ্ডৰ মাজৰ তৃতীয়খন টেষ্ট মেচৰ মাজভাগতে ভাৰতে বাবে এক মোক্ষম আঘাত । ভাৰতীয় দলৰ কিংবদন্তী অফ স্পিনাৰ আৰ অশ্বিনে পাৰিবাৰিক সমস্যাৰ বাবে ৰাজকোট টেষ্ট মাজভাগতে এৰিবলগা হৈছে ।

ৰাজকোট টেষ্টৰ মাজতে দলৰ পৰা বাহিৰ অশ্বিন
ৰাজকোট টেষ্টৰ মাজতে দলৰ পৰা বাহিৰ অশ্বিন

স্পৰ্টছ ডেস্ক, ১৭ ফেব্ৰুৱাৰী :ভাৰত-ইংলেণ্ডৰ মাজৰ তৃতীয় টেষ্টৰ তৃতীয়দিনা ভাৰতীয় শিবিৰত মোক্ষম আঘাত । অফ স্পিনাৰ আৰ অশ্বিনে পাৰিবাৰিক চিকিৎসাজনিত জৰুৰীকালীন অৱস্থাৰ বাবে তাৎক্ষণিকভাৱে ৰাজকোট টেষ্ট দলৰ পৰা নিজৰ নাম প্ৰত্যাহাৰ কৰিছে । বিচিচিআয়ে সংবাদ মাধ্যমলৈ দিয়া এক বিবৃতিত প্ৰকাশ কৰিছে যে বিচিচিআয়ে চেম্পিয়ন ক্ৰিকেটাৰগৰাকী আৰু তেওঁৰ পৰিয়াললৈ আন্তৰিক সমৰ্থন আগবঢ়াইছে । খেলুৱৈ আৰু তেওঁলোকৰ প্ৰিয়জনৰ স্বাস্থ্য আৰু কল্যাণ অতি গুৰুত্বপূৰ্ণ । বোৰ্ডে লগতে অশ্বিন আৰু তেওঁৰ পৰিয়ালৰ গোপনীয়তাক সন্মান জনাবলৈও অনুৰোধ জনায় । লগতে কয় যে তেওঁলোকে বৰ্তমান এক প্ৰত্যাহ্বানপূৰ্ণ সময়ৰ মাজেৰে গতি কৰি আছে ।

"বোৰ্ড আৰু দলে অশ্বিনক সকলো প্ৰয়োজনীয় সমৰ্থন আগবঢ়োৱাটো অব্যাহত ৰাখিব । আমি প্ৰয়োজন অনুসৰি সহায়ৰ বাবে অশ্বিনৰ সৈতে যোগাযোগৰ সকলো মাধ্যম মুকলি ৰাখিম । টীম ইণ্ডিয়াই অনুৰাগী আৰু সংবাদ মাধ্যমক এই সংবেদনশীল সময়ছোৱাত অশ্বিনৰ গোপনীয়তাক সন্মান কৰিবলৈ অনুৰোধ জনাইছে ।" বিবৃতিটোত কোৱা হৈছে ।

উল্লেখ্য যে অশ্বিনে টেষ্টখন মাজভাগত এৰি যোৱাৰ বাবে ভাৰতীয় দলটোৱে তেওঁৰ স্থানত খেলি থকা খেলুৱৈজনক বেটিং বা বলিং কৰাবলৈ সক্ষম নহ'ব । ৰাজকোট টেষ্টত এতিয়াও তিনিদিন বাকী আছে । সাধাৰণতে অন্য এজন খেলুৱৈক কেৱল এজন খেলুৱৈৰ আঘাতৰ বাবে বা কোভিড-19-ৰ বাবে দলৰ পৰা বাহিৰ হোৱাৰ ক্ষেত্ৰতহে বিকল্প হিচাপে খেলিবলৈ অনুমতি দিয়া হয় ।

ইফালে অশ্বিনৰ অনুপস্থিতিত ভাৰতে এই টেষ্টখনৰ বাকী অংশৰ বাবে আগশাৰীৰ স্পিন বিকল্প হিচাপে ৰবীন্দ্ৰ জাদেজা আৰু কুলদীপ যাদৱৰ সৈতে খেলিব লাগিব । উল্লেখ্য যে ৰাজকোটত দ্বিতীয়দিনা অশ্বিনে এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি অৰ্জন কৰে । ৫০০ টা টেষ্ট উইকেট দখল কৰা তেওঁ নৱমগৰাকী বলাৰ হিচাপে পৰিগণিত হয় ।

লগতে পঢ়ক :আন্তঃৰাষ্ট্ৰীয় টেষ্ট ক্ৰিকেটত 500 উইকেট দখল ৰবিচন্দ্ৰন অশ্বিনৰ

ABOUT THE AUTHOR

...view details