স্প’ৰ্টছ ডেস্ক, 15 জুলাই : কোপা আমেৰিকা ফুটবল লীগত কলম্বিয়াক পৰাস্ত কৰি খিতাপ দখল কৰিলে আৰ্জেন্টিনাই ৷ সৰ্বমুঠ 16 বাৰ কোপা আমেৰিকাৰ খিতাপ দখল আৰ্জেন্টিনা দলটোৰ ৷ সোমবাৰে নিশা অনুষ্ঠিত হোৱা ফাইনেল মেচখন নিৰ্ধাৰিত সময়লৈকে ড্ৰ’ হৈ থকাত অতিৰিক্ত সময়ৰ বাবে খেলোৱা হৈছিল ৷ 112 মিনিটত আৰ্জেন্টিনাৰ মাৰ্টিনেজে একমাত্ৰ গ’লটো কৰি দলৰ বাবে ট্ৰফী আঁজুৰি আনে ৷ বৰ্তমানলৈকে 16 বাৰ এই খিতাপ দখল কৰিছে আৰ্জেন্টিনাই ৷
এই জয়ৰ জৰিয়তে আৰ্জেণ্টিনাই 2024 চনৰ ফেব্ৰুৱাৰী মাহত আলবিচেলেষ্টৰ হাতত পৰাস্ত হোৱাৰ পিচত কলম্বিয়াই 28 খন খেলত অপৰাজিত হৈ থকাৰ ধাৰাবাহিকতাৰো অন্ত পেলায় । আৰ্জেণ্টিনাৰ বাবে এই জয় বিশেষ আছিল, কাৰণ ফাইনেল মেচখনত ভৰিৰ আঘাতৰ বাবে তেওঁলোকৰ নিজৰ শ্ৰেষ্ঠ খেলুৱৈ আৰু অধিনায়ক লিয়নেল মেছি খেলপথাৰৰ পৰা বাহিৰ হ’বলগা হৈছিল ৷
64 মিনিটত কলম্বিয়াৰ গ’ল পোষ্টৰ সমীপত গ’লৰ সন্ধানত দৌৰি থকাৰ সময়তে মেছিয়ে ভৰিত আঘাত পায় । ফলত তেওঁ খেলপথাৰৰ পৰা বাহিৰলৈ আহি বেঞ্চত বহি নিজৰ দলৰ খেল উপভোগ কৰিব লগীয়া হয় ৷ খেল চাই থাকোঁতে তেওঁ প্ৰায়েই হাতেৰে মুখখন ঢাকি ৰাখিছিল । ফাইনেলৰ একমাত্ৰ গ’লটো দি আৰ্জেণ্টিনাৰ বাবে 16 সংখ্যক কোপাৰ খিতাপ দখল কৰা মাৰ্টিনেজে এচি মিলানৰ ষ্ট্ৰাইকাৰগৰাকীৰ ফালে দৌৰি গৈ সাৱটি ধৰে ।