অসম

assam

ETV Bharat / politics

অসমৰ ৰাইজে এন ডি এ চৰকাৰৰ কাম-কাজক স্বীকাৰ কৰিছে: সৰ্বানন্দ সোণোৱাল - Sarbananda Sonowal - SARBANANDA SONOWAL

Sarbananda Sonowal at Vajpayee Bhawan : নতুন-পুৰণি বিজেপিৰ প্ৰসংগ ঘৰুৱা কথা ৷ এইসমূহ আলোচনা কৰি সমাধান কৰা হ’ব বুলি ক’লে সৰ্বানন্দ সোণোৱালে ৷ আনহাতে অসমৰ ৰাইজে NDA চৰকাৰৰ কাম-কাজক স্বীকাৰ কৰা বুলি মন্তব্য কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৷

Sarbananda Sonowal at Vajpayee Bhawan
বাজপেয়ী ভৱনত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Jun 15, 2024, 10:45 PM IST

গুৱাহাটী, 15 জুন : দ্বিতীয়বাৰৰ বাবে কেন্দ্ৰীয় মন্ত্ৰীৰ দায়িত্ব লাভ কৰাৰ পিচত প্ৰথমবাৰৰ বাবে অসম বিজেপিৰ মুখ্য কাৰ্যালয়ত উপস্থিত হ’ল সৰ্বানন্দ সোণোৱাল ৷ গুৱাহাটীস্থিত বাজপেয়ী ভৱনত ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদগৰাকী উপস্থিত হোৱাৰ পিচতে আদৰণি জনোৱা হয় ৷

বাজপেয়ী ভৱনত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল (ETV Bharat Assam)

দ্বিতীয়বাৰৰ বাবে মোদী কেবিনেটত স্থান লাভ কৰি বশিষ্ঠস্থিত বিজেপি ৰাজ্যিক কাৰ্যালয়ত উপস্থিত হৈ দলীয় কাৰ্যকৰ্তাৰ অভিবাদন গ্ৰহণ কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৷ উল্লেখ্য যে শুকুৰবাৰে দিল্লীৰ পৰা আহি বিয়লি বৰঝাৰ বিমান বন্দৰত উপস্থিত হৈছিল কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ ইয়াৰ পিচতে শনিবাৰে বিয়লি ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ উপস্থিতিত বাজপেয়ী ভৱনত এক বৈঠকত মিলিত হয় সৰ্বানন্দ সোণোৱাল ।

বৈঠক অন্তত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, ‘‘অসমৰ নিৰ্বাচনৰ ফলাফলক লৈ উৎসাহিত হৈছোঁ । সেয়েহে অসমৰ ৰাইজক ধন্যবাদ, কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ । তদুপৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ পদক্ষেপক শলাগ লৈছোঁ ।’’

লগতে পঢ়ক:দিল্লীত মন্ত্ৰিত্বৰ কাৰ্যভাৰ গ্ৰহণ কৰিলে সোণোৱাল-মাৰ্ঘেৰিটাই

অসমৰ ৰাইজে তেওঁক দেশৰ বাবে কাম কৰাৰ বাবে সুবিধা প্ৰদান কৰিছে বুলি মন্তব্য কৰি সোণোৱালে কয়, ‘‘প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতৰ নেতৃত্বত দুগৰাকী সাংসদক মন্ত্ৰী সভাত সুযোগ দিয়াৰ বাবে ৷’’

ইফালে আগন্তুক পঞ্চায়ত আৰু উপ-নিৰ্বাচনত বিজেপিয়ে ভাল ফলাফল প্ৰদৰ্শন কৰিব বুলিও আশা প্ৰকাশ কৰে সৰ্বানন্দ সোণোৱালে ৷ লোকসভা নিৰ্বাচনত অসমৰ ৯৪ খন বিধানসভা আসনত বিজেপিয়ে প্ৰথম স্থান পাবলৈ সক্ষম হোৱা বুলি উল্লেখ কৰি দলীয় কাৰ্যকৰ্তাসকলক ধন্যবাদ জনায় কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৷

লগতে পঢ়ক:মোদীৰ কেবিনেটত পুনৰ স্থান লাভ এই কেইগৰাকী মন্ত্ৰীৰ

আনহাতে দলৰ জ্যেষ্ঠ নেতাৰ অসন্তুষ্টি সম্পৰ্কত তেওঁ কয়, ‘‘এয়া আমাৰ ঘৰৰ কথা ৷ আমি সকলোৱে মিলি আলোচনা কৰিম আৰু সমাধান কৰিম ৷’’ ইফালে বিগত নিৰ্বাচনৰ দৰে এইবাৰৰ নিৰ্বাচনত বিজেপিয়ে একক সংখ্যাগৰিষ্ঠতা নোপোৱা প্ৰসংগত কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে কয়, ‘‘আমি NDA হিচাপে নিৰ্বাচনত প্ৰতিন্দ্বন্দিতা আগবঢ়াইছোঁ ৷ NDA ক চৰকাৰ বনাবলৈ দেশৰ ৰাইজে সুবিধা দিছে । নৰেন্দ্ৰ মোদীক প্ৰধানমন্ত্ৰীক হিচাপে নিৰ্বাচিত কৰিছে ।’’

লগতে পঢ়ক:দ্বিতীয়বাৰলৈ কেন্দ্ৰীয় মন্ত্ৰী হৈ অসমত উপস্থিত সোণোৱাল; আদৰিবলৈ নাহিল বিজেপিৰ কোনো মন্ত্ৰী-বিধায়ক

ABOUT THE AUTHOR

...view details