লখিমপুৰ, ২৮ মাৰ্চ :প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ’ব লগীয়া সমষ্টিসমূহৰ অন্যতম ১২ নং লখিমপুৰ লোকসভা সমষ্টিৰ পৰা বুধবাৰে মনোনয়ন দাখিলৰ অন্তিম সময়লৈ কংগ্ৰেছসহ পাঁচজন প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰে । এই প্ৰাৰ্থী কেইজন হ’ল কংগ্ৰেছৰ উদয় শংকৰ হাজৰিকা, নিৰ্দলীয় প্ৰাৰ্থী দেবনাথ পাইট, গোবিন্দ বিশ্বকৰ্মা, ধীৰেণ কছাৰী আৰু বিক্ৰম ৰামচিয়াৰী ।
উল্লেখ্য যে, চিপিআই দলৰ পৰা ধীৰেণ কছাৰীয়ে বুধবাৰে মনোনয়ন দিবলৈ আহিছিল যদিও প্ৰ-পত্ৰত ছীল মোহৰৰ আসোঁৱাহৰ বাবে ৰিটাৰ্ণিং বিষয়াই তেওঁৰ মনোনয়ন গ্ৰহণ নকৰিলে । অৱশ্যে পৰৱৰ্তী সময়ত প্ৰাৰ্থীগৰাকীক দলৰ সলনি নিৰ্দলীয় হিচাপে মনোনয়ন দিব পাৰিব বুলি উল্লেখ কৰে । ফলত সমষ্টিটোত চিপিআই দলৰ প্ৰাৰ্থী নোহোৱা হৈ পৰে । আনহাতে, অজল নম শুদ্ৰ নামৰ এজন লোকেও ফৰৱাৰ্ড ব্লকৰ পৰা মনোনয়ন দিবলৈ আহিছিল যদিও তেওঁৰো তথ্য বিসংগতিৰ বাবে মনোনয়ন গ্ৰহণ নকৰিলে ৰিটাৰ্ণিং বিষয়াই ।
মনোনয়ন দাখিল কৰি নিৰ্দলীয় প্ৰাৰ্থী বিক্ৰম ৰামচিয়াৰীয়ে সংবাদ মাধ্যমৰ আগত কয়, ‘‘লখিমপুৰ লোকসভা সমষ্টিত এইবাৰ মামাৰ ৰাজনীতি নচলিব । মামাৰ ৰাজনীতিৰ বিপৰীতে এইবাৰ ভাগিন ওলাই আহিছে ৷’’ প্ৰদান বৰুৱাৰ দৰে সংসদত মাত মাতিব নোৱাৰা লোকৰ প্ৰয়োজন নাই বুলি উল্লেখ কৰি তেওঁ কয়, ‘‘সংসদত সবল ৰূপত সমস্যাৰাজি তুলি ধৰিবলৈ মই প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ওলাই আহিছো । নিৰ্বাচনত তেওঁ দহ লাখ ভোট পাব’’ ।