যোৰহাট,১ মাৰ্চ :শেহতীয়াকৈ প্ৰাক্তন বিধায়ক তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীয়ে কংগ্ৰেছ দল ত্যাগ কৰি বিজেপিত যোগদান কৰাৰ পিচতে যোৰহাট জিলা কংগ্ৰেছত অস্থিৰতাৰ সৃষ্টি হৈছে । জিলা কংগ্ৰেছৰ ভিতৰচ'ৰাত মিশ্ৰিত প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছে । ইয়াৰ মাজতে তিতাবৰ সমষ্টিৰ বিধায়ক ভাস্কৰ বৰুৱাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে ৰাণা গোস্বামীয়ে দল এৰাত তেওঁৰ ব্যক্তিগতভাৱে দুখ লাগিছে ।
তেওঁৰ মতে ৰাণা গোস্বামীয়ে সকলোখিনি দলীয় কাম চোৱাচিতা কৰিছিল । কিন্তু তেওঁ বিজেপিলৈ যোৱাৰ লগে লগে এতিয়া বিধায়কগৰাকীলৈ এই সম্পৰ্কত সকলোৰে ফোন আহিবলৈ আৰম্ভ কৰিছে । তেওঁ পূৰ্বে পুৱাৰ পৰা গধুলিলৈ কেৱল তিতাবৰ সমষ্টিৰ উন্নয়নৰ কামতে ব্যস্ত আছিল । তেওঁ কোনো দলীয় কথাত মনোযোগ দিয়া নাছিল । বিধায়কগৰাকীৰ মতে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে গঢ়ি যোৱা সমষ্টিটোত কিদৰে উন্নয়নৰ ধাৰা অব্যাহত ৰাখি জাকত-জিলিকা কৰিব পৰা যায় তাত তেওঁ ব্ৰতী আছিল । দলীয় কামসমূহ তিতাবৰ নিৰ্বাচিত ব্লক আৰু তৃণমূল কৰ্মীয়ে কৰি গৈছিল । তেওঁ সেই কামত সদায় সহযোগ কৰি গৈছিল আৰু তেওঁৰ ফালৰ পৰা কোনো অসুবিধা পোৱা নাছিল ।