গুৱাহাটী, ১১ মে’ : অসমত তিনিটা পৰ্যায়ত লোকসভা নিৰ্বাচন অনুষ্ঠিত হৈ যোৱাৰ পিচত এতিয়া আসনক লৈ হিচাপ-নিকাচ আৰম্ভ হোৱাৰ সমান্তৰালকৈ আন এটা প্ৰসংগ বিশেষভাৱে চৰ্চালৈ আহিছে । দেশত নিৰ্বাচনী প্ৰক্ৰিয়া সমাপ্ত হোৱাৰ পিচত ৪ জুনত ফলাফল ঘোষণা হ’ব । লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণা হ'বলৈ যথেষ্ট সময় আছে যদিও বৰ্তমান উপ-নিৰ্বাচনক লৈ বিশেষভাৱে তৎপৰ হৈ পৰিছে শাসকীয় দল বিজেপি ।
লক্ষ্যণীয় বিষয় যে বিজেপিৰ গুৱাহাটীৰ বশিষ্ঠস্থিত ৰাজ্যিক মুখ্য কাৰ্যালয়ত প্ৰাৰ্থিত্বৰ বাবে ইতিমধ্যে লবীকেন্দ্ৰিক ৰাজনীতি আৰম্ভ হৈছে । উল্লেখ্য যে অহা ৪ জুনত লোকসভা নিৰ্বাচনৰ ভোটগণনা অনুষ্ঠিত হ'ব । ফলাফল ঘোষণাৰ পূৰ্বে চলি থকা চৰ্চা অনুসৰি ফলাফল হ'লে অসম বিধানসভাৰ পাঁচখন আৰু ৰাজ্যসভাৰ দুখন আসন খালী হ'ব ।
উল্লেখ্য যে এইবাৰ লোকসভা নিৰ্বাচনত গেৰুৱা দলটোৱে বিহালীৰ বিধায়ক ৰঞ্জিত দত্তক শোণিতপুৰ লোকসভা সমষ্টিত, ধলাইৰ বিধায়ক পৰিমল শুক্লবৈদ্যক শিলচৰ সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদান কৰিছিল । সেইদৰে কংগ্ৰেছে চামগুৰিৰ বিধায়ক ৰকিবুল হুছেইনক ধুবুৰীত প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ বিপৰীতে অগপই বঙাইগাঁৱৰ বিধায়ক ফণীভূষণ চৌধুৰীক বৰপেটা সমষ্টিত আৰু ইউ পি পি এল দলে চিদলীৰ বিধায়ক জয়ন্ত বসুমতাৰীক কোকৰাঝাৰত প্ৰাৰ্থী হিচাপে থিয় কৰাইছিল ।
ইফালে চি পি আই এমৰ বিধায়ক মনোৰঞ্জন তালুকদাৰে বৰপেটাৰ পৰা নিৰ্বাচন খেলিছে । সেইদৰে বি পি এফৰ কলাইগাঁৱৰ বিধায়ক দুৰ্গা দাস বড়োৱে দৰং-ওদালগুৰি সমষ্টিৰ পৰা নিৰ্বাচন খেলিছে । আনহাতে ধিং সমষ্টিৰ এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলামে নগাঁও লোকসভা সমষ্টিৰ পৰা নিৰ্বাচন খেলিছে ।
এইবাৰৰ নিৰ্বাচনত আঠগৰাকী বিধায়ক আৰু ৰাজ্যসভাৰ দুইগৰাকী সাংসদে সংসদীয় ৰাজনীতিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে । তেনেস্থলত চৰ্চা অনুসৰি পাঁচগৰাকী বিধায়ক আৰু ৰাজ্যসভাৰ দুয়োগৰাকী সাংসদ দিল্লীলৈ যোৱাৰ সম্ভাৱনা আছে । যদিহে এই বিধায়ককেইজন সাংসদ হিচাপে নিৰ্বাচিত হয় তেনেহ'লে বিহালী, চামগুৰি, ধলাই, চিদলী আৰু বঙাইগাঁও বিধানসভা সমষ্টিত উপ-নিৰ্বাচনৰ প্ৰয়োজন হ'ব ।
একেদৰে বিজেপিয়ে এইবাৰ ৰাজ্যসভাৰ সাংসদ সৰ্বানন্দ সোণোৱালক ডিব্ৰুগড় লোকসভা সমষ্টিত আৰু কামাখ্যা প্ৰসাদ তাছাক কাজিৰঙা সমষ্টিত প্ৰাৰ্থিত্ব দিছে । বিজেপিৰ এই দুয়োগৰাকী ৰাজ্যসভাৰ সাংসদ তাছা আৰু সোণোৱালো যদি জয়ী হয় তেন্তে ৰাজ্যসভাৰো দুখন আসন খালী হ’ব । এনে পৰিস্থিতিত শাসকীয় দলটোৰ বহুকেইজন নেতাই এতিয়া বিধায়ক আৰু সাংসদ হোৱাৰ বাবে মন মেলিছে ।
দলীয় এক বিশেষ সূত্ৰই প্ৰকাশ কৰা মতে সাংসদ তথা বিধায়ক হ'ব খোজা বিজেপিৰ নেতাসকলে এইবাৰৰ লোকসভা নিৰ্বাচনতো দেহে-কেহে খাটিছিল । লক্ষ্য আছিল যাতে তেওঁলোকে দলৰ শীৰ্ষ নেতাসকলৰ দৃষ্টি আকৰ্ষণ কৰিব পাৰে । সূত্ৰটোৰ মতে নিৰ্বাচনত দলৰ হৈ দিন-ৰাতি একাকাৰ কৰা নেতাসকলৰ ভিতৰত কেবাজনো নেতা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ অতি ঘনিষ্ঠ । মুখ্যমন্ত্ৰীৰ নিৰ্দেশতে তেওঁলোকে ভৱিষ্যতৰ কথা ভাবি এইবাৰৰ লোকসভা নিৰ্বাচনত দিনে-নিশাই দলৰ হৈ প্ৰচাৰ চলাইছিল ।