গুৱাহাটী, ৩১ মে’ : ‘‘ধুবুৰীত আজমলক উপেক্ষা কৰিব নোৱাৰি ৷ আজমল হ’ল এটা ফৰ্চ ৷ ৰকিবুল হুছেইনকো উপেক্ষা কৰিব নোৱাৰি, কাৰণ গঁড়ৰ কথা আহিলেই তেওঁক বিশ্বৰ মানুহে চিনি পায় ৷’’- এই মন্তব্য শিলাদিত্য দেৱৰ ৷
প্ৰাক্তন বিধায়ক শিলাদিত্য দেৱ (ETV Bharat Assam) ধুবুৰী লোকসভা সমষ্টিৰ নিৰ্বাচনী যুঁজৰ প্ৰসংগত প্ৰাক্তন বিধায়ক শিলাদিত্য দেৱে কয় যে ধুবুৰীত ত্ৰিকোণীয় যুঁজ হ’লে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী তথা অগপৰ জাবেদ ইছলাম জয়ী হোৱাৰ সম্ভাৱনা আছে ৷ কাৰণ তেওঁ ধুবুৰীৰ স্থানীয় লোক আৰু তেওঁৰ পিতৃ-মাতৃ প্ৰতিষ্ঠিত ৰাজনীতিক ৷
শুকুৰবাৰে প্ৰাক্তন বিধায়ক তথা জ্যেষ্ঠ বিজেপি নেতা শিলাদিত্য দেৱে কয় যে এইবাৰ বিজেপি ৪০৭ খন আসনত জয়ী হ’ব আৰু তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত চৰকাৰ হ’ব । আনহাতে তেওঁ কয় যে অসমত বিজেপিয়ে ১১ খন আসন লাভ কৰিব ।
নিজৰ অভিজ্ঞতাৰ প্ৰসংগত প্ৰাক্তন বিধায়কগৰাকীয়ে কয় যে তেওঁ বিভিন্ন ঠাই ঘূৰি নিৰ্বাচনৰ পৰিৱেশ দেখিছে আৰু সকলোতে মোদীৰ প্ৰভাৱ দেখিছে ৷ তদুপৰি তেওঁ কয় যে নৱ প্ৰজন্মৰ ভোটাৰসকলে মোদীক ভোট দিয়াৰ সপোন পূৰণৰ বাবে ওলাই আহিছে । পুনৰ হয়তো মোদীক ভোট দিবলৈ নাপাব পাৰে , কাৰণ নৰেন্দ্ৰ মোদীৰ বয়স হৈ আহিছে ৷ এই ধাৰণা নতুন প্ৰজন্মৰ বুলি কয় প্ৰাক্তন বিধায়কগৰাকীৰ ৷
2004 চনৰ নিৰ্বাচনত ৰাইজে ভুল কৰিছিল বুলি মন্তব্য কৰে শিলাদিত্য দেৱে ৷ সেই নিৰ্বাচনত সাতখন আসনৰ বাবে অটল বিহাৰী বাজপেয়ী প্ৰধানমন্ত্ৰী হ’ব নোৱৰাৰ কথা উল্লেখ কৰে বিজেপি নেতাগৰাকীয়ে ৷ তেওঁ কয় যে 2004 চনত কৰা ভুল যাতে নৰেন্দ্ৰ মোদীৰ ক্ষেত্ৰত পুনৰাবৃত্তি নহয় তাৰ বাবে এইবাৰ ভোটদান কৰা বুলি কয় শিলাদিত্য দেৱে ৷
আনহাতে দেশত বিৰোধী হিচাপে একো নাই বুলি কৈ তেওঁ সাংসদ বদৰুদ্দিন আজমলৰ প্ৰসংগতো প্ৰতিক্ৰিয়া ব্যক্ত কৰে । ধুবুৰীৰ অগপ প্ৰাৰ্থীগৰাকীৰ প্ৰসংগত প্ৰাক্তন বিধায়গৰাকীয়ে কয় যে অগপৰ প্ৰাৰ্থীগৰাকী দুবাৰ বিধায়ক হৈছে আৰু তেওঁৰ পিতৃ-মাতৃও ৰাজনীতিক ৷ আনহাতে নতুন ৰাজনৈতিক দলৰ প্ৰসংগত শিলাদিত্য দেৱে কয় যে প্ৰত্যেক বছৰে এটা-দুটা নতুন দলৰ জন্ম হয় আৰু তেওঁলোকৰ মাজতে চকীখেল খেলি থাকে । বিৰোধী ঐক্য মঞ্চক অপ্ৰাসংগিক আখ্যা দিয়ে শিলাদিত্য দেৱে ৷
ইফালে ৰাজ্যিক বিজেপিৰ নতুন-পুৰণিৰ সংঘাতৰ প্ৰসংগত তেওঁ কয় যে জ্যেষ্ঠ হোৱাৰ পিচত অৱসৰ ল’ব লাগে । ক্ৰিকেট আৰু ৰাজনীতিক জনপ্ৰিয় খেল আখ্যা দি তেওঁ কয় যে নিজকে ছিনিয়ৰ বুলি কৈ থাকিব নালাগে আৰু বয়স হ’লে অৱসৰ ল'ব লাগে ৷
এইবাৰৰ নিৰ্বানত ভোটাৰসকল নীৰৱ হৈ থকা বুলি উল্লেখ কৰে শিলাদিত্য দেৱে ৷ কাৰণ ৰাইজে মন স্থিৰ কৰিছিল যে মোদীক ভোট দিব ৷ মোদীৰ বিকল্প নাই বুলি উল্লেখ কৰে প্ৰাক্তন বিধায়কগৰাকীয়ে ৷ নৰেন্দ্ৰ মোদী আঁতৰি গ’লে ভাৰতবৰ্ষৰ অগ্ৰগতিৰ ক্ষেত্ৰত যথেষ্ট ক্ষতি হ’ব বুলি উল্লেখ কৰি শিলাদিত্য দেৱে কয় যে সেই কথা নতুন প্ৰজন্মই বুজি পাইছে ৷
লগতে পঢ়ক:ডিব্ৰুগড়ত বিজয় নিশ্চিত : হাস্যবদনেৰে সোণোৱালে ক’লে- 400 পাৰ হ’বই