মৰাণ,২৬ ফেব্ৰুৱাৰী :অসমত লোকসভা নিৰ্বাচনক লৈ ব্যাপক প্ৰস্তুতি দেখিবলৈ পোৱা গৈছে । শাসক আৰু বিৰোধী সকলো ৰাজনৈতিক দলে বিশেষ ৰণনীতিৰে কাম আৰম্ভ কৰিছে । বিজেপিৰ বিৰুদ্ধে ৰাজ্যত গঠন হোৱা বিৰোধী ঐক্যমঞ্চৰ অন্তৰ্ভুক্ত দলসমূহেও সমষ্টিয়ে সমষ্টিয়ে সাংগঠনিক ভেঁটি শক্তিশালী কৰাত ব্যস্ত হোৱা পৰিলক্ষিত হৈছে । ইফালে ৰাজ্যত অধিক শক্তিশালী ৰূপত থকা শাসকীয় দল বিজেপিয়ে ১২ খন আসনতে জয়ী হ'ব বুলিও দাবী কৰিছে । যাৰ বাবে দলটোৱে বিভিন্ন জিলাত দলীয় সভা আৰু যোগদান কাৰ্যসূচীৰ আয়োজন কৰিছে ।
কিন্তু ইয়াৰ মাজতে ডিব্ৰুগড় কংগ্ৰেছত মোক্ষম আঘাত । একালৰ কংগ্ৰেছ দলৰ অভেদ্য দুৰ্গ হিচাপে পৰিচিত নাহৰকটীয়াৰ জয়পুৰ চাহ বাগিচা অৱশেষত কংগ্ৰেছমুক্ত হৈ পৰিল । জয়পুৰ চাহ বাগিচাত দেওবাৰে অনুষ্ঠিত বিজেপি দলৰ এক যোগদান কাৰ্যসূচীত কংগ্ৰেছ দলৰ নেতা-কৰ্মীৰ লগতে অসম চাহ মজদুৰ সংঘৰ বিষয়ববীয়াসকলে বিজেপি দলত যোগদান কৰে ।