নেশ্যনেল ডেস্ক, ১১ ফেব্ৰুৱাৰী :বিৰোধী মিত্ৰজোঁট 'ইণ্ডি'ৰ একাংশ অংশীদাৰ এনডিএত অন্তৰ্ভুক্ত হৈছে । তাৰ মাজতে ছত্তীশগড় কংগ্ৰেছৰ দায়িত্বত থকা শচীন পাইলটৰ গুৰুত্বপূৰ্ণ মন্তব্য । পাইলটৰ মতে 'ইণ্ডিয়া' ব্লক শক্তিশালী হৈ আছে । পাইলটে লগতে কয় যে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী তথা টিএমচিৰ মুৰব্বী মমতা বেনাৰ্জী মিত্ৰজোঁট 'ইণ্ডি'ৰ অংশ আৰু তেওঁলোকৰ প্ৰাথমিক লক্ষ্য হৈছে বিজেপিক পৰাজিত কৰা । শচীন পাইলটে কোৱা মতে তেওঁৰ সৈতে আসন ভাগ-বটোৱাৰা বিষয়ক লৈ আলোচনা চলি আছে আৰু পৰৱৰ্তী আলোচনাত ইয়াৰ সমাধান কৰা হ'ব ।
এনডিএয়ে ৪০০তকৈও অধিক আসনত জয়ী হোৱাৰ দাবী কৰিছে । প্ৰধানমন্ত্ৰী মোদীৰ এই দাবীৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি পাইলটে কয় যে এয়া অহংকাৰী মন্তব্য । তেওঁৰ মতে এয়া ভূমি স্তৰ আৰু ব্যৱহাৰিক মূল্যায়নৰ বাহিৰত । ন্যায় যাত্ৰা যি স্থানেৰে পাৰ হৈছে তাত বিৰূপ প্ৰভাৱ পৰিছে বুলি হোৱা বিতৰ্কও খাৰিজ কৰে পাইলটে ।
শচীন পাইলটৰ মতে মল্লিকাৰ্জুন খাৰ্গে আসন সন্দৰ্ভত আলোচনা কৰি আছে । তেওঁ লোকসভা নিৰ্বাচনৰ বাবে আসন ভাগ-বটোৱাৰাৰ ক্ষেত্ৰত সকলো দলৰ নেতাৰ সৈতে কথা পাতি আছে ।