গুৱাহাটী,২৩ ফেব্ৰুৱাৰীঃষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ বিজ্ঞান আৰু গণিতৰ পাঠ্যপুথি দ্বিভাষিক হ'ব । পাঠ্যপুথিৰ এটা পৃষ্ঠাত থাকিব মাতৃভাষা আৰু এটা পৃষ্ঠাত থাকিব ইংৰাজী । শুকুৰবাৰে অসম বিধানসভাৰ বাজেট অধিৱেশনত এই কথা সদৰি কৰে শিক্ষা মন্ত্রী ডাঃ ৰণোজ পেগুৱে । উল্লেখ্য যে আজি সদনত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই মাতৃভাষাৰ মাধ্যমৰ বিদ্যালয়ত পাঠ্যপুথি ইংৰাজী কৰাৰ বিষয়টো উত্থাপন কৰিছিল । বিৰোধী দলপতিয়ে ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ প্ৰসংগৰে মাতৃভাষাৰ মাধ্যমৰ গুৰুত্ব উল্লেখ কৰিছিল ।
ইয়াৰ উত্তৰত সদনত শিক্ষা মন্ত্রীয়ে কয়,"আমি 'সৱকা সাথ, সৱকা বিকাশ' নীতিত বিশ্বাস কৰো । যাৰ বাবে সকলো পক্ষৰ কথা শুনাৰ পাছত, সাহিত্য সভা সমূহৰ লগত আলোচনা কৰাৰ পাছত সিদ্ধান্ত লোৱা হয় যে ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ বিজ্ঞান আৰু গণিতৰ পাঠ্যপুথি দ্বি-ভাষিক হ'ব । অৰ্থাৎ মাতৃভাষা আৰু ইংৰাজী ভাষাত পাঠ্যপুথি হ'ব । পাঠ্যপুথিৰ এটা পৃষ্ঠাত ইংৰাজী থাকিব আৰু আনটো পৃষ্ঠাত অসমীয়া থাকিব ।" আগন্তুক শৈক্ষিক বৰ্ষৰ বাবে এই পাঠ্যপুথি প্ৰেৰণৰ ব্যৱস্থা কৰা হৈছে বুলি উল্লেখ কৰি সদনত পাঠ্যপুথিৰ নমুনা দেখুৱাই তেওঁ কয় যে শিক্ষাৰ্থী সকলে নিজৰ সুবিধা অনুসৰি দুয়োটা ভাষাতে পঢ়িব পাৰিব । শিক্ষাৰ্থী সকলৰ ওপৰত কোনো ধৰণৰ হেঁচা নাথাকিব বুলি সদৰি কৰি তেওঁ কয় যে শিক্ষাৰ্থী সকলে নিজৰ ইচ্ছা অনুসৰি অধ্যয়ন কৰিব পাৰিব ।