চামগুৰি,১৯ জুলাই:একালৰ সতীৰ্থ তথা বৰ্তমানৰ ৰাজনৈতিক বৈৰী হিচাপে পৰিগণিত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ জালত ভৰি নিদিয়ে সাংসদ ৰকিবুল হুছেইনে । মুখ্যমন্ত্ৰী শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে পুনৰ ল'বলৈ ওলোৱা এহেজাৰ কোটি টকাৰ ঋণৰ প্ৰসংগ ঢাকিবলৈ মুখ্যমন্ত্ৰীয়ে মুছলমানৰ বিবাহ বিচ্ছেদ আইনৰ প্ৰসংগৰ অৱতাৰনা কৰিছে বুলি পূৰ্বৰ সমষ্টি চামগুৰিত উপস্থিত হৈ মন্তব্য কৰে ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ ৰকিবুল হুছেইনে ।
শুকুৰবাৰে চামগুৰিত উপস্থিত হৈ সংবাদ মাধ্যমৰ সন্মুখত ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়ে কবলৈ হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাই ৰকিবুল হুছেইনে । ছয় জনগোষ্ঠীক জনজাতিৰ স্বীকৃতি প্ৰদান কৰি জনজাতীয় লোকৰ বাবে মুখ্যমন্ত্ৰীৰ পদ এৰিবলৈও আহ্বান জনালে সাংসদগৰাকীয়ে । লগতে এ আই ইউ ডি এফৰ সভাপতি বদৰুদ্দিন আজনলকো তীব্ৰ সমালোচনাৰে থকাসৰকা কৰি বান সাহাৰ্য প্ৰদানৰ সময়ত অসুস্থ হৈ নাঁৱত শুই পৰা বদৰুদ্দিন আজমলে গাৰু-তুলি ক'ত পালে বুলিও প্ৰশ্ন কৰে সাংসদ হুছেইনে ।
মানুহক ঠগিব নাপাই বুলি আজমলক পৰামৰ্শ প্ৰদান কৰি সাংসদগৰাকীয়ে আজমলে বান সাহাৰ্য প্ৰদান কৰাসকলক আজমলৰ ফালে যাবলৈয়ো আহ্বান জনায় । লগতে আজমলে বান সাহাৰ্য প্ৰদান কৰা তালিকাখন ৰাজহুৱা কৰাৰো দাবী জনাই হুছেইনে। আজমলে ১৫ বছৰত যিমান দিন বানাক্ৰান্ত অঞ্চললৈ গৈছে তেওঁ ১০ দিনৰ ভিতৰতে একেখিনি অঞ্চল পৰিদৰ্শন কৰিছে বুলিও কটাক্ষ কৰে সাংসদগৰাকীয়ে ।