গুৱাহাটী: “আমাক ২০ জন বিধায়ক দিয়ক, আমি আপোনালোকক নতুন অসম দিম ৷’’ বুধবাৰে অসমবাসীৰ প্ৰতি ৰাইজৰ দলৰ বিধায়ক তথা সভাপতি অখিল গগৈৰ আহ্বান এয়া । ২০২৬ ৰ অসমৰ বিধানসভা নিৰ্বাচনৰ বাবে ৰাজ্যজুৰি ৰণচালি ধৰিছে অখিল গগৈৰ নেতৃত্বাধীন ৰাইজৰ দলে ৷ ২০২৬ ত অখিল গগৈৰ লক্ষ্য ২০ খন বিধানসভা আসন ৰাইজৰ দলৰ দখললৈ অনা ।
অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈ, ব্ৰহ্মপুত্ৰৰ উপত্যকাৰ পৰা বৰাক উপত্যকালৈ ধাৰাবাহিকভাৱে জনসভাত অংশগ্ৰহণ কৰাৰ লগতে দলৰ আন্তঃগাঁথনি শক্তিশালী কৰাত ব্যস্ত অখিল গগৈ ৷ প্ৰায় প্ৰতিখন সভাতেই বিজেপি-হিমন্ত বিশ্ব শৰ্মা আৰু বদৰুদ্দিন আজমলক অখিল গগৈয়ে কঠোৰ সমালোচনা কৰা দেখা গৈছে । তাৰ মাজে মাজে কংগ্ৰেছ দল আৰু গৌৰৱ গগৈকো সমালোচনা ।
ইতিমধ্যেই অখিল গগৈৰ ঘোষণা- “২০২৬ত ৰাজ্যত চৰকাৰ গঠন কৰিবলৈ হ’লে কোনেও ৰাইজৰ দলৰ সহযোগিতা অবিহনে চৰকাৰ গঠন কৰিব নোৱাৰিব ৷”
লগতে পঢ়ক:অখিল গগৈয়ে জাতীয় পৰিষদক গ্ৰাস কৰিব ! ৰাইজৰ দল-অজাপ একত্ৰিত হোৱাত বাধা ক'ত ?
বুধবাৰে অখিল গগৈয়ে মুকলিকৈ ঘোষণা কৰে যে ৰাইজৰ দলে ২০২৬ ত মুঠ ২০ খন আসনত জয়লাভৰ বাবে লক্ষ্য নিৰ্ধাৰণ কৰিছে । ৰাজহুৱা সভাত অখিল গগৈৰ জনতালৈ আহ্বান- ‘‘সাম্প্ৰদায়িকতা মুক্ত অসম এখন লাগে, ২০২৬ৰ আমাৰ সপোন ৷’’ আমাক ২০জন বিধায়ক দিয়ক, আমি আপোনালোকক নতুন অসম দিম ৷ ৰঙা নদীসমষ্টিৰ পৰা ৰাইজৰ দলক এজন বিধায়ক আমাক উপহাৰ দিয়ক ৷ আমি এখন নতুন ৰঙানদী উপহাৰ দিম ৷’’