এতিয়া সকলোতকৈ ডাঙৰ প্ৰশ্নটো হৈছে ৰাহুলে কোনখন আসন এৰি কোনখন ৰাখিব নিজৰ লগত ৷ ৰাজধানী দিল্লীত কংগ্ৰেছ যুৱৰাজগৰাকীক সাংবাদিকে এই প্ৰশ্ন কৰাত তেওঁ হাঁহিমুখে উত্তৰ দি কৈছিল যে, "মোক সোধা হৈছে যে মই ৱায়ানাড বা বৰেলীৰ সাংসদ হ'ম নেকি" ৷
একে সময়তে কংগ্ৰেছ নেতাগৰাকীয়ে সামাজিক মাধ্যমত এটা ভিডিঅ’ প্ৰকাশ কৰি দুয়োখন আসনৰ ভোটাৰসকলৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে ৷ লগতে তেওঁ দুয়োখন আসন ৰখাৰ ক্ষেত্ৰত সদিচ্ছা প্ৰকাশ কৰে যদিও এইক্ষেত্ৰত অসহায় বুলিও মন্তব্য প্ৰকাশ কৰে ৷
ৰাহুলে কোনখন আসন ৰাখিব পাৰে ? চাওক এক সৰল সমীকৰণ
এক সুদীৰ্ঘ সময়ৰ পিছত উত্তৰ প্ৰদেশলৈ ঘূৰি আহিছে কংগ্ৰেছৰ স্থিতি ৷ পূৰ্বে দুগৰাকী বিধায়ক থকা দলটোৱে এইবাৰৰ লোকসভা নিৰ্বাচনত উত্তৰ প্ৰদেশৰ পৰা লাভ কৰিছে ছয়গৰাকীকৈ সাংসদ ৷ যিয়ে একপ্ৰকাৰ অক্সিজেন যোগান ধৰিছে দলটোক ৷
বিশেষকৈ আমেঠীত কংগ্ৰেছৰ প্ৰত্যাৱৰ্তন কোনো বৃহৎ সাফল্যতকৈ কম নহয় ৷ গতিকে ইয়াক কেন্দ্ৰ কৰি আৰম্ভ হোৱা চৰ্চাসমূহৰ পৰা এটা কথা স্পষ্ট হৈছে যে কংগ্ৰেছে উত্তৰ প্ৰদেশত ৰাহুলৰ ভাৱমূৰ্তি নষ্ট হোৱাতো বিচৰা নাই ৷ যাৰ বাবে তেওঁ এই আসনখন নিজৰ লগত ৰখাৰ সম্ভাৱনাই অধিক ৷
ইফালে একে সময়তে ৰাহুল গান্ধীয়ে ৱায়ানাডৰ আসনখন এৰাৰ সম্ভাৱনা এইকাৰণে বেছি প্ৰকট হৈ পৰিছে যে, বৰ্তমানে দক্ষিণ ভাৰতত এক শক্তিশালী স্থিতিত আছে কংগ্ৰেছ নেতৃত্ব ৷ এই দিশটো লক্ষ্য কৰিলে কংগ্ৰেছ নেতাগৰাকীয়ে ৱায়ানাডৰ আসন এৰাৰ সম্ভাৱনা অধিক ৷ অৱশ্যে এই বিষয়ত বৰ্তমানলৈকে দলীয় নেতৃত্বই প্ৰকাশ কৰা নাই কোনো মন্তব্য ৷
যেতিয়া প্ৰিয়ংকা গান্ধীয়ে ৰায়বৰেলীত প্ৰচাৰ আৰম্ভ কৰিছিল, সেই সময়ছোৱাত নেত্ৰীগৰাকীয়ে সমষ্টিবাসীৰ সৈতে গান্ধী পৰিয়ালৰ এক সু-সম্পৰ্কৰ দোহাই দি সদায় কংগ্ৰেছে সমষ্টিবাসীৰ ওচৰত থকাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল ৷ দলটোৱে বৰ্তমান সময়ত তেওঁলোকৰ প্ৰতিশ্ৰুতি ভংগ কৰিবলৈ বিচৰা নাই ৷
কংগ্ৰেছে জানে যে ৰায়বৰেলী আৰু আমেঠী হৈছে দুটা সহজ পথ, যাৰ দ্বাৰা দলটোৱে উত্তৰ প্ৰদেশত পুনৰ প্ৰত্যাৱৰ্তন কৰি স্থিতি মজবুত কৰিব পাৰে ৷ কংগ্ৰেছে এইবাৰৰ নিৰ্বাচনত ছয়খন আসন দখলৰে পুনৰ প্ৰত্যাৱৰ্তন ঘটাইছে ৰাজ্যখনত ৷ গতিকে তেওঁলোকে কোনো পৰিস্থিতিতে এই সুবিধা নিজে কৰ্তন কৰিবলৈ নিবিচাৰে ৷
স্মৃতি ইৰাণীক পৰাস্ত কৰি কংগ্ৰেছে আমেঠীত প্ৰতিশোধ লৈছে । এতিয়া দলটোৱে নিবিচাৰিব যে, আন কোনো দলৰ প্ৰাৰ্থীয়ে এয়া নিজৰ দখলত আনি কংগ্ৰেছৰ ক্ষতি কৰক ৷ সেয়ে ৰায়বৰেলীত তেওঁলোকৰ স্থিতিত অটল থকাতো প্ৰয়োজনীয় । যিয়ে উত্তৰ প্ৰদেশত দলটোক এক শক্তিশালী স্থিতি প্ৰদানতো সহায় কৰিব ৷
উত্তৰ প্ৰদেশৰ ৰায়বৰেলী আৰু আমেঠী আসনক গান্ধী পৰিয়ালৰ সন্মান বুলি গণ্য কৰা হয় । এতিয়া দলটোৱে এই খ্যাতিৰ কোনো ধৰণৰ ক্ষতি নিবিচাৰিব । এক দীঘলীয়া সংগ্ৰামৰ পিছত দলটোৱে লাভ কৰা আসন দুখনৰ ক্ষেত্ৰত কোনো ভুল কৰিব নিবিচাৰিব ৷
কংগ্ৰেছে জানে যে, দক্ষিণত দলটোৰ স্থিতি যথেষ্ট শক্তিশালী ৷ আনকি ৰাহুল গান্ধীয়ে এই আসন এৰিলেও ইয়ে দলটোক বিশেষ প্ৰভাৱিত নকৰিব । যাৰ বাবে ৰাহুল গান্ধীয়ে ৱায়ানাডৰ আসনখন এৰিলেও বিৰোধীয়ে তাত কোনো সুযোগ লাভ কৰিব নোৱাৰে ৷