গুৱাহাটী, ২১ জানুৱাৰী :ৰাহুল গান্ধীৰ সৈতে বিৰোধী ঐক্য মঞ্চৰ আজি অৰ্থাৎ দেওবাৰে এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় ৷ অসম-অৰুণাচল সীমান্তৰ সোলেঙি এলেকাৰ ৰাজগড়ত ডেৰ ঘণ্টা ধৰি এই বৈঠক অনুষ্ঠিত হয় ৷ বৈঠকত ৰাহুল গান্ধীয়ে ১৫ টা বিৰোধী দলৰ প্ৰতিগৰাকী মুৰব্বী নেতাৰ মন্তব্য গুৰুত্বসহকাৰে শুনে ৷ ৰাহুল গান্ধীয়ে প্ৰতিটো দলৰ নেতাৰ মন্তব্য শুনাৰ অন্তত অসম তথা দেশত বিজেপিৰ বিৰুদ্ধে ৰাইজক জাগ্ৰত কৰিবলৈ সকলোকে একত্ৰিতভাৱে কাম কৰিবলৈ আহ্বান জনায় ৷
কংগ্ৰেছৰ ভূপেন কুমাৰ বৰা, আপৰ ভৱেন চৌধুৰী, অসম জাতীয় পৰিষদৰ লুৰীণজ্যোতি গগৈ, ৰাইজৰ দলৰ অখিল গগৈ, চিপিআই দলৰ হৈ পিংকুমণি দত্ত, কনক গগৈ, চিপিআইএম দলৰ হৈ বিধায়ক মনোৰঞ্জন তালুকদাৰ, আৰজেডিৰ স্বৰ্ণ হাজৰিকা, শিৱসেনাৰ উদ্ধৱ গোটৰ নেতা ৰাম নাৰায়ণ সিং, এপিএইছএলচিৰ জন ইংতি কাথাৰ, অসম জাতীয় দলৰ দিগন্ত কোঁৱৰে নিজৰ দলৰ হৈ মন্তব্য প্ৰদান কৰে ৷ এই বৈঠকত আটাইকেইটা দলৰ সৈতে সমন্বয় কেনেকৈ বৃদ্ধি কৰিব পাৰি সেই সম্পৰ্কে আলোচনা কৰা হয় ৷
লোকসভা নিৰ্বাচনলৈ দুটা মাহ বাকী থকা অৱস্থাত বিৰোধী দলৰ স্থিতি কেনেকৈ শক্তিশালী কৰিব পৰা যায়, দলকেইটাক কেনেদৰে ৰাইজৰ মাজলৈ নিব পৰা যায় তাকে লৈ আলোচনা কৰা হয় ৷ বিজেপিৰ বিৰুদ্ধে শক্তিশালী ৰূপত আত্মপ্ৰকাশ কৰিব পৰা যায়, তাৰ বাবে সিদ্ধান্ত ল’বলৈ আটাইকেইটা দলৰ নেতৃত্বক আহ্বান জনায় ৷ কংগ্ৰেছ দলে লোকসভা নিৰ্বাচনক লৈ প্ৰকাশ কৰিবলগীয়া ইস্তাহাৰত অসমৰ বিৰোধী ঐক্য মঞ্চৰ দাবী সন্নিৱিষ্ট কৰিব বুলিও কথা দিয়ে ৰাহুল গান্ধী ৷