অসম

assam

মুখ্যমন্ত্ৰীক বৰ্খাস্তকৰণৰ দাবীত ৰাষ্ট্ৰপতিলৈ স্মাৰক পত্ৰ বিৰোধী ঐক্য মঞ্চৰ - Opposition Unity Forum

By ETV Bharat Assamese Team

Published : Aug 29, 2024, 3:04 PM IST

Opposition Unity Forum on CM : বুধবাৰে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে দিছপুৰ থানাত এজাহাৰ দাখিলৰ পাছতে আজি বিৰোধী ঐক্য মঞ্চই মুখ্যমন্ত্ৰীক বৰ্খাস্ত কৰাৰ দাবীৰে ৰাজ্যপালৰ জৰিয়তে ৰাষ্ট্ৰপতিলৈ প্ৰেৰণ কৰে স্মাৰকপত্ৰ । সাম্প্ৰদায়িকতাৰ বিষবাষ্প সিঁচি দিবৰ বাবে বিভিন্ন বক্তব্যৰে মুখ্যমন্ত্ৰীয়ে প্ৰৰোচিত কৰাৰ অভিযোগ ঐক্য মঞ্চৰ ।

Opposition Unity Forum on CM
মুখ্যমন্ত্ৰীক বৰ্খাস্ত কৰাৰ দাবীৰে ৰাজ্যপালৰ যোগেদি ৰাষ্ট্ৰপতিলৈ স্মাৰক পত্ৰ বিৰোধী ঐক্যমঞ্চৰ (ETV Bharat)

গুৱাহাটী, ২৯ আগষ্ট : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক বৰ্খাস্ত কৰাৰ দাবীৰে বিৰোধী ঐক্য মঞ্চই বৃহস্পতিবাৰে ৰাজ্যপালৰ জৰিয়তে ৰাষ্ট্ৰপতিলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰে । বুধবাৰে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে দিছপুৰ থানাত এজাহাৰ দাখিলৰ পাছতে আজি বিৰোধী ঐক্য মঞ্চই মুখ্যমন্ত্ৰীক বৰ্খাস্ত কৰাৰ দাবীৰে ৰাজ্যপালৰ জৰিয়তে ৰাষ্ট্ৰপতিলৈ প্ৰেৰণ কৰে এই স্মাৰকপত্ৰ ।

ৰাষ্ট্ৰপতিলৈ স্মাৰক পত্ৰ বিৰোধী ঐক্যমঞ্চৰ (ETV Bharat)

বিৰোধী ঐক্য মঞ্চৰ সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈ, সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু ৰকিবুল হুছেইনৰ নেতৃত্বত বিৰোধী ঐক্য মঞ্চৰ এটা সজাতি দলে ৰাজভৱনত উপস্থিত হৈ ৰাজ্যপালৰ সচিব এছ এছ মীনাক্ষী সুন্দৰমক স্মাৰকপত্ৰ প্ৰদান কৰে ।

লগতে পঢ়ক :২৪ ঘন্টাৰ বাবে শ্বেৰমান আলীক সদনৰ পৰা নিলম্বন: বিধানসভা চৌহদতে প্ৰতিবাদ আলীৰ - ASSAM ASSEMBLY AUTUMN SESSION

  • লুৰীণজ্যোতি গগৈৰ মন্তব্য :

সংবাদ মাধ্যমৰ আগত বিৰোধী ঐক্য মঞ্চৰ সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈয়ে কয়, ‘‘আজি আমি বিৰোধী ঐক্যমঞ্চৰ তৰফৰ পৰা ৰাষ্ট্ৰপতিলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰিলো । অসমৰ মুখ্যমন্ত্ৰীয়ে দেশৰ সংবিধান আৰু আইন ৰক্ষা কৰিব পৰা নাই । তাৰ বিপৰীতে তেওঁ সমগ্ৰ অসমত মানুহৰ মাজত সাম্প্ৰদায়িকতাৰ বিষবাষ্প সিঁচি দিবৰ বাবে বিভিন্ন বক্তব্যৰে প্ৰৰোচিত কৰিছে ।’’

‘‘বিধানসভাৰ বাহিৰে-ভিতৰে তেওঁ সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱা মন্তব্য কৰিছে । সাম্প্ৰদায়িক সংঘাত লগাবৰ বাবে তেওঁ বিভিন্ন সময়ত কূট-কৌশল ৰচনা কৰা আমি দেখিবলৈ পাইছো । দেশৰ সাংবিধানৰ প্ৰতি ভয়াৱহতা নমাই আনিছে । আইন ৰক্ষা কৰিব পৰা নাই । আইনৰ শাসন এতিয়া সংকটৰ গৰাহত ।’’ গগৈয়ে কয় ৷

গগৈয়ে আৰু কয়, ‘‘আনহাতে তেওঁ নিজেও ঘোষণা কৰিছে যে তেওঁ পগলা কুকুৰ । গতিকে সংবিধানৰ বিধি অনুসৰি তেওঁক ৰাষ্ট্ৰপতিয়ে অযোগ্য ঘোষণা কৰিব লাগে । আমি তেওঁৰ উন্মাদনা দেখিছো আৰু তেওঁ নিজেই পগলা বুলি ঘোষণা কৰিছে । তেওঁৰ সকলো কথাতে সাম্প্ৰদায়িকতা দেখিবলৈ পোৱা গৈছে ।’’

‘‘আমি স্মাৰকপত্ৰযোগে ৰাষ্ট্ৰপতিক ক'ব বিচাৰিছো যে এইগৰাকী ব্যক্তিয়ে দেশৰ সংবিধান আৰু আইন ব্যৱস্থা সংকটত পেলাইছে আৰু সাম্প্ৰদায়িক সংঘৰ্ষ সৃষ্টিৰ অন্যতম মূল উৎস হিচাপে মুখ্যমন্ত্ৰী হোৱাৰ পিছতো কাম-কাজ কৰিছে । গতিকে তেওঁক বৰ্খাস্ত কৰিব লাগে । আমি এই কথাও কৈছো যে ভৱিষ্যতে যদি অসমত সাম্প্ৰদায়িক তথা গোষ্ঠীগত সংঘাত হয়, তেন্তে তাৰ বাবে দায়ী হ'ব অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ।’’ গগৈয়ে কয় ৷

লগতে পঢ়ক :হিন্দু মুছলমান প্ৰসংগক লৈ পুনৰ উত্তপ্ত বিধানসভা : ১০ মিনিটৰ বাবে স্থগিত সদন - ASSAM ASSEMBLY AUTUMN SESSION

  • প্ৰদ্যুৎ বৰদলৈৰ মন্তব্য :

আনহাতে, সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে কয়, ‘‘সংবিধান প্ৰদত্ত এটা দায়িত্বত থাকি মুখ্যমন্ত্ৰী হৈ তেওঁ নিজেই উৎকট-উগ্ৰ সাম্প্ৰদায়িক মনোবৃত্তিৰে সমাজৰ বিভাজন কৰাই নহয়, তেওঁ বিভিন্ন ধৰণেৰে আইন হাতত তুলি লোৱাৰ বাবে মানুহক উদগনি যোগাইছে । আনকি তেওঁ নিজৰ সম্পৰ্কেও অদ্ভুত মন্তব্য কৰাও দেখা গৈছে । মই ক'বলৈ বেয়া পাইছো যদিও তেওঁ নিজকে পগলা কুকুৰৰ লগত তুলনা কৰিছে ।’’

‘‘সাংবিধানিক পদবীত থকা এজন ব্যক্তিয়ে যদি এনেধৰণৰ অস্থিৰ মনোবৃত্তিৰে সৈতে কাম কৰিলে জনসাধাৰণৰ আস্থা নোহোৱা হৈ পৰিব । আমি বিৰোধী ঐক্য মঞ্চই বিশ্বাস কৰো যে তেওঁ আচলতে অসমৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্বভাৰ চলাই যোৱাৰ বাবে যোগ্য নহয়। গতিকে আমি ৰাষ্ট্ৰপতিক আবেদন জনাইছো যে অসমৰ মুখ্যমন্ত্ৰীক শীঘ্ৰে তেওঁৰ পদৰ পৰা বৰ্খাস্ত কৰিব লাগে । কাৰণ তেওঁ বিপদজনক ব্যক্তি হৈ পৰিছে ।’’ বৰদলৈয়ে কয় ৷

লগতে পঢ়ক :কংগ্ৰেছৰ দিনত বছৰত গড়ে ৫৫ টাকৈ মথাউৰি ভাগিছিল: মন্ত্ৰী পীযুষ হাজৰীকা - Assam flood

ABOUT THE AUTHOR

...view details