অসম

assam

উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ নৱ নিৰ্বাচিত সদস্যৰ শপত গ্ৰহণ

By ETV Bharat Assamese Team

Published : Jan 20, 2024, 1:44 AM IST

NC Hills Autonomous Council: ২৮ গৰাকী সদস্যযুক্ত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ নৱ নিৰ্বাচিত সদস্যই শুকুৰবাৰে শপত গ্ৰহণ কৰে ৷ শপত গ্ৰহণৰ পিচতে অধ্য়ক্ষ আৰু মুখ্য কাৰ্যবাহী সদস্য কোন হ'ব তাক লৈ চলিছে চৰ্চা ।

NC Hills Autonomous Council
Oath taking ceremony

হাফলং, ২০ জানুৱাৰী:উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ নৱ নিৰ্বাচিত সদস্যৰ শপত গ্ৰহণ অনুষ্ঠান শুকুৰবাৰে হাফলং পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় । ২৮ গৰাকী সদস্যক উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ পদ আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰায় ডিমা হাছাও জিলাৰ জিলা আয়ুক্ত সীমান্ত কুমাৰ দাসে । দিনৰ ১২ বজাত এই শপত গ্ৰহণ অনুষ্ঠান আৰম্ভ হয় । বিজেপিৰ নিৰ্বাচিত ২৫ সদস্য আৰু ৩ নিৰ্দল সদস্যই নিজৰ নিজৰ মাতৃভাষাত শপত গ্ৰহণ কৰে ।

এই শপত গ্ৰহণ অনুষ্ঠানৰ পিচতে উত্তৰ কাছাৰ পাৰ্বত্য় স্বায়ত্তশাসিত পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য তথা পাৰ্বত্য পৰিষদৰ দিহাংগী সমষ্টিৰ পৰা জয়লাভ কৰা বিজেপি প্ৰাৰ্থী দেবলাল গাৰ্লোচাই কয় যে কাইলৈৰ ভিতৰত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষ পদৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ'ব । আজি এই অধ্যক্ষ পদৰ বাবে বিধান পৰিষদীয় দলৰ বৈঠক অনুষ্ঠিত হ'ব । বিজেপি দলৰ মজিয়াত আৰু দলৰ হাইকমাণ্ডৰ লগত এই সন্দৰ্ভত আলোচনা হোৱাৰ পিচতে অধ্যক্ষৰ নাম ঠিক কৰা হ'ব বুলি তেওঁ কয় ।

তেওঁ কয় যে অধ্যক্ষগৰাকী বিনা প্ৰতিদ্বন্দিতাত কৰা হ'ব । মোহিত হোজাই ১৩ সংখ্যক উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ পৰৱৰ্তী অধ্যক্ষ হোৱাৰ ইংগিত দিয়ে দেবলাল গাৰ্লোচাই । কিয়নো মোহিত হোজাই পূৰ্বে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য আছিল । তেওঁ পুনৰ কয় যে ইয়াৰ পিচতে দ্বিতীয় পৰ্যায়ত বিধান পৰিষদীয় দলৰ বৈঠকত পৰিষদীয় নেতা নিৰ্বাচন কৰি উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য গৰাকীৰ নাম ৰাজ্যপালৰ অনুমোদনৰ বাবে ৰাজভৱনলৈ প্ৰেৰণ কৰা হ'ব ।

অহা ২৬ জানুৱাৰীৰ ভিতৰতে নতুন পৰিষদ গঠন হোৱাৰ সম্ভাৱনা আছে বুলি মন্তব্য কৰি দেবলাল গাৰ্লোচাই কংগ্ৰেছক কঠোৰ সমালোচনা কৰি কয় যে এইবাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদ কংগ্ৰেছ শূন্য হৈ পৰিছে । পৰিষদত কোনো বিৰোধী নাই । ১৯৫২ চনৰ পৰা প্ৰতিটো নিৰ্বাচনত জয়লাভ কৰি উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদত কংগ্ৰেছ ক্ষমতাত থকাৰ পিচতো আজি কংগ্ৰেছৰ এই অৱস্থা । দেবলাল গাৰ্লোচাই কয় যে অহা দিনত যিমান নিৰ্বাচন অনুষ্ঠিত হ'ব সকলো নিৰ্বাচনত কংগ্ৰেছ শূন্য হৈ পৰিব । কিয়নো বিজেপি সদায় শান্তি আৰু উন্নয়নৰ হকে কাম কৰে ।

লগতে পঢ়ক:ভাৰত জোড়ো ন্যায় যাত্ৰালৈ ভয় খাইছে মুখ্যমন্ত্ৰী শৰ্মাই: লুৰীণজ্যোতিৰ কটাক্ষ

ABOUT THE AUTHOR

...view details