নিউজ ডেস্ক, ১৫ ছেপ্টেম্বৰ :নৰেন্দ্ৰ মোদীৰ পাচত এইবাৰ কোন হ’ব প্ৰধানমন্ত্ৰী ? চৰ্চাত আছে বহু জ্যেষ্ঠ ৰথী-মহাৰথীৰ নাম ৷ এইবোৰৰ মাজতে বিভিন্ন সময়ত চৰ্চালৈ আহে কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ প্ৰসংগ ৷ শনিবাৰে মহাৰাষ্ট্ৰৰ নাগপুৰ চহৰত সাংবাদিকতা বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকি এই সন্দৰ্ভত বিজেপিৰ জ্যেষ্ঠ নেতাগৰাকীয়ে কেতবোৰ মন্তব্য কৰে ।
প্ৰধানমন্ত্ৰী পদৰ বাবে চৰ্চালৈ অহা কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে এই সন্দৰ্ভত কয় যে এজন ৰাজনৈতিক নেতাই এবাৰ তেওঁক এই পদৰ বাবে সমৰ্থন কৰাৰ হেতুকো প্ৰস্তাৱ দিছিল ৷ কিন্তু তেওঁ প্ৰধানমন্ত্ৰী পদৰ এই দৌৰত প্ৰৱেশ নকৰে, তেওঁৰ এনে উচ্চাকাংক্ষা নাই বুলি মন্তব্য কৰে ৷ লগতে তেওঁ উক্ত প্ৰস্তাৱটো অস্বীকাৰ কৰাৰ কথাও কয় ।
"মোৰ এটা ঘটনা মনত আছে, মই কাৰো নাম নকওঁ, সেই ব্যক্তিজনে কৈছিল- আপুনি যদি প্ৰধানমন্ত্ৰী হ'বলৈ বিচাৰে, তেন্তে আমি আপোনাক সমৰ্থন কৰিম ৷’’ গাডকাৰীয়ে কয় ৷
লগতে তেওঁ কয়, "কিন্তু, মই সুধিলো যে আপুনি মোক কিয় সমৰ্থন কৰিব লাগে আৰু মই আপোনাৰ সমৰ্থন কিয় ল'ম ? প্ৰধানমন্ত্ৰী হোৱাটো মোৰ জীৱনৰ লক্ষ্য নহয় । মোৰ দৃঢ় বিশ্বাস আৰু মই মোৰ সংগঠনৰ প্ৰতি আনুগত্যশীল আৰু তাৰ বাবে মই আপোচ কৰিবলৈ যোৱা নাই । মই কোনো পদৰ বাবে আপোচ নকৰো, কাৰণ মোৰ বিশ্বাস মোৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ ৷’’
উক্ত অনুষ্ঠানৰ ভাষণত মন্ত্ৰীগৰাকীয়ে সাংবাদিকতা আৰু ৰাজনীতি উভয়তে নৈতিকতাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে । CPI ৰ এগৰাকী জ্যেষ্ঠ কাৰ্যকৰ্তাৰ সৈতে হোৱা বৈঠকৰ কথা স্মৰণ কৰি গাডকাৰীয়ে কয় যে তেওঁ কমিউনিষ্ট নেতাজনক কয় যে প্ৰয়াত এ বি বৰ্ধন নাগপুৰ আৰু বিদৰ্ভৰ আটাইতকৈ জ্যেষ্ঠ ৰাজনীতিবিদসকলৰ ভিতৰত অন্যতম ।