অসম

assam

ETV Bharat / politics

আৰক্ষীয়ে দাবী-ধমকিৰে কংগ্ৰেছ কৰ্মীক বিজেপিত যোগদান কৰোৱাইছে : প্ৰদ্যুৎ বৰদলৈ - Lok Sabha Election 2024 - LOK SABHA ELECTION 2024

এগৰাকী আৰক্ষীৰ বিৰুদ্ধে কংগ্ৰেছ কৰ্মীক ভয়-ভাবুকিৰে বিজেপিত যোগদান কৰোৱাৰ অভিযোগ প্ৰদ্যুৎ বৰদলৈৰ । নিৰ্বাচন আয়োগৰ ভূমিকাতো অসন্তুষ্ট বৰদলৈ । কংগ্ৰেছ, এ আই ইউ ডি এফৰ প্ৰাৰ্থীক মুকলি তৰ্কত ভাগ লবলৈ প্ৰত্যাহ্বান বৰদলৈৰ।

Nagaon Congress Candidate
প্ৰদ্যুৎ বৰদলৈৰ বিস্ফোৰক অভিযোগ

By ETV Bharat Assamese Team

Published : Apr 12, 2024, 5:35 PM IST

কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈৰ সংবাদমেল

নগাঁও, 12 এপ্ৰিল : ৰাজ্যত নিৰ্বাচন আচৰণ বিধি বলবৎ হৈ থকাৰ সময়তে সংবাদমেলৰ যোগেদি কেবাটাও বিস্ফোৰক অভিযোগ উত্থাপন কৰে নগাঁও লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈয়ে ৷ শুকুৰবাৰে পুৱা নগাঁও ৰাজীৱ ভৱনত কংগ্ৰেছ নেতা তথা ধুবুৰী লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইন, বিধায়ক নুৰুল হুদা, আছিফ নজৰক লগত লৈ সংবাদমেল সম্বোধন কৰে নগাঁও লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈয়ে ৷ নগাঁও লোকসভা সমষ্টিত প্ৰশাসনে আৰু আৰক্ষীয়ে নিষ্ঠাবান কংগ্ৰেছ কৰ্মীৰ ওপৰত দমনমূলক নীতি গ্ৰহণ কৰাৰ অভিযোগ উত্থাপন কৰে কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈয়ে ৷

ইফালে সংবাদমেলত চামগুৰি সমষ্টিৰ খাটোৱাল আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ উত্থাপন কৰে বৰদলৈয়ে ৷ আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে কংগ্ৰেছ কৰ্মীক ভয়-ভাবুকিৰে বিজেপিমুখী কৰাৰ চেষ্টা কৰাৰ অভিযোগ কৰে প্ৰদ্যুৎ বৰদলৈয়ে ৷ একাংশ কংগ্ৰেছ কৰ্মীক বিজেপিত যোগদান নকৰিলে মিছা গোচৰত জেললৈ পঠিওৱাৰ ভাবুকি দিয়াৰো অভিযোগ উঠিছে আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে ৷ আনকি মনোনয়ন দাখিলৰ সময়ত নীতিবহিৰ্ভূতভাৱে ৰকিবুল হুছেইনক জিলা আয়ুক্ত কাৰ্যালয়ত প্ৰৱেশত বাধা দিয়া অতিৰিক্ত আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতীম শইকীয়াৰ বিৰুদ্ধে নিৰ্বাচন আয়োগক অভিযোগ দিয়াৰ পিচতো কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰি অসন্তুষ্টি ব্যক্ত কৰে কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈয়ে ৷

তদুপৰি কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে নগাঁও লোকসভা সমষ্টিত প্ৰতিদন্দ্বিতা কৰা প্ৰতিজন প্ৰাৰ্থীক এখন নিৰপেক্ষ মঞ্চত মুকলি বিতৰ্কত অংশগ্ৰহণ কৰিবলৈকো প্ৰত্যাহ্বান জনাই সংবাদমেলত ৷ কেৱল এয়াই নহয় ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰি নিৰ্বাচনী সভাত আঁচনি ঘোষণা কৰাৰ অভিযোগ কৰিছে প্ৰদ্যুৎ বৰদলৈয়ে ৷ সংবাদমেলত ধুবুৰী লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী বিধায়ক ৰকিবুল হুছেইন পুনৰ সৰৱ হৈ পৰে নগাঁৱৰ বিজেপি প্ৰাৰ্থী সুৰেশ বৰাৰ বিৰুদ্ধে ৷ বিজেপি প্ৰাৰ্থী সুৰেশ বৰাক পাপী বুলি পুনৰ কটাক্ষ কৰি মাহে 50 লাখ টকা উপাৰ্জন কৰাৰ দম্ভালি মৰা প্ৰাৰ্থীগৰাকীয়ে নিৰ্বাচনী শপতনামাত এই কথা সন্নিৱিষ্ট নকৰাৰ কথাও উল্লেখ কৰি তেওঁৰ মনোনয়ন বাতিলৰ বাবে পৰৱৰ্তী সময়ত ন্যায়ালয়ৰ কাষ চাপিব বুলিও মন্তব্য কৰে ৰকিবুল হুছেইনে ৷

আনহাতে শুকুৰবাৰে নগাঁৱৰ ৰিটাৰ্ণিং বিষয়াৰ জৰিয়তে কেবাটাও দাবীত নিৰ্বাচন আয়োগলৈ এখনি স্মাৰক পত্ৰ প্ৰেৰণ কৰে প্ৰদ্যুৎ বৰদলৈ আৰু ৰকিবুল হুছেইনে ৷ সংবাদমেলৰ লগতে স্মাৰক পত্ৰ প্ৰদানৰ সময়ত কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈক সংগ দিয়ে ৰকিবুল হুছেইনৰ উপৰিও বিধায়ক নুৰুল হুদা, বিধায়ক আছিফ নজৰ, নগাঁও জিলা কংগ্ৰেৰ সভাপতি প্ৰশান্ত কুমাৰ শইকীয়া, ধিং সমষ্টিৰ কংগ্ৰেছ নেতা হাইদৰ আলীয়ে ৷

লগতে পঢ়ক :কংগ্ৰেছক নস্যাৎ ! বিজেপিক জয়ী কৰোৱাৰ পণ কলিয়াবৰৰ সংখ্যালঘু ভোটাৰৰ - Lok Sabha Election 2024

ABOUT THE AUTHOR

...view details