বিশ্বনাথ : অহা ১৩ নৱেম্বৰত ৰাজ্যত অনুষ্ঠিত হ'ব উপ-নিৰ্বাচন । এই উপ-নিৰ্বাচনক লৈ ৰাজ্যত সৃষ্টি হৈছে উত্তাল পৰিস্থিতিৰ । ৰাজ্যৰ অন্যতম বিধানসভা সমষ্টি চামগুৰিত দেখা গৈছে নিৰ্বাচনকেন্দ্ৰিক হিংসাত্মক ঘটনা । ৰাজ্যৰ আন চাৰিটা সমষ্টিৰ তুলনাত চামগুৰি সমষ্টিটোত বিজেপি আৰু কংগ্ৰেছৰ কৰ্মীসকলৰ মাজত দৈনিক বৃদ্ধি পাইছে ভয়ংকৰ মাৰপিটৰ ঘটনা ।
ইয়াৰ মাজতেই দেওবাৰে বিহালীত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সাংসদ গৌৰৱ গগৈয়ে । যোৰহাটৰ সাংসদ গৌৰৱ গগৈয়ে এই সন্দৰ্ভত কয়, "অসমত নোহোৱা নোপজা ঘটনা সংঘটিত হ'বলৈ ধৰিছে । কাৰণ অসমত পূৰ্বে অনুষ্ঠিত হোৱা নিৰ্বাচনত কোনো হিংসাত্মক ঘটনা সংঘটিত হোৱা নাছিল ।"
চামগুৰি সমষ্টিত সংঘটিত হিংসাত্মক ঘটনাত অসম চৰকাৰৰ গৃহ বিভাগক জগৰীয়া কৰিছে সাংসদ গৌৰৱ গগৈয়ে । তেওঁ গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাকো দোষাৰোপ কৰে । স্থানীয় জিলাৰ আৰক্ষী অধীক্ষক ওপৰত ব্যৱস্থা ল'বলৈ দাবী জনায় সাংসদ গৌৰৱ গগৈয়ে ।