হাফলং, ২১ জানুৱাৰী:উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষ পদত নিৰ্বাচিত হৈছে মোহিত হোজাই । ১৩ সংখ্যক উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষ পদৰ নিৰ্বাচনৰ বাবে শুকুৰবাৰে জাননী জাৰি কৰা হৈছিল । শনিবাৰে পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষ পদৰ নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ জমা দিয়ে একমাত্ৰ মোহিত হোজাইয়ে । ইয়াৰ পিচতে আজি বিনা প্ৰতিদ্বন্দিতাৰে মোহিত হোজাই উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষ নিৰ্বাচিত হয় ।
ইপিনে, মোহিত হোজাইয়ে অধ্যক্ষ পদৰ দায়িত্বলৈ সাংবাদমেল সম্বোধন কৰি কয়, "আমি ১৩ সংখ্যক পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষ নিৰ্বাচিত হৈ আনন্দিত হৈছো ।" তেওঁ পুনৰ কয় যে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ ২৮ টা সমষ্টিৰ মাজতে ২৫ টা সমষ্টিত বিজেপি দলৰ প্ৰাৰ্থীয়ে জয়লাভ কৰিছে । ৩ টা সমষ্টিত নিৰ্দলীয় প্ৰাৰ্থীয়ে জয়লাভ কৰিছে । এই ৩ গৰাকীয়ে অধ্যক্ষ পদৰ বাবে মনোনয়ন পত্ৰ জমা দিয়া নাই । কিয়নো নিৰ্বাচন হ'লে জয়ৰ সম্ভাৱনা কম আছে ।" মোহিত হোজাইয়ে পুনৰ কয় যে অধ্যক্ষৰ পদ হৈছে নিৰপেক্ষ আৰু আমি পৰিষদৰ প্ৰতিটো অধিবেশনত নিৰপেক্ষতা বজায় ৰাখি গণতন্ত্ৰক ৰক্ষা কৰাৰ চেষ্টা চলাম ।