মৰাণ, ১৯ ফ্ৰেব্ৰুৱাৰী :"কংগ্ৰেছৰ তিনি- চাৰিজন বিধায়কে অচিৰেই যোগদান কৰিব অগপত । ইতিমধ্যে যোগাযোগ অব্যাহত ৰাখিছে কংগ্ৰেছী বিধায়কে । অগপ নেতৃত্বৰ সৈতে আনুষ্ঠানিক আলোচনা হৈছে । " এই মন্তব্য় অগপৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক তথা বিধায়ক পোণাকণ বৰুৱাৰ । সমাগত লোকসভা নিবাৰ্চনৰ বাবে শাসক- বিৰোধীকে আদি কৰি সকলো ৰাজনৈতিক দলে আৰম্ভ কৰিছে তৎপৰতা । আৰম্ভ হৈছে দলবাগৰা পৰ্ব । পিছপৰি ৰোৱা নাই অসম গণ পৰিষদ ।
ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে ডিব্ৰুগড়তো অগপই সাংগঠনিক কাম-কাজ আগুৱাই নিয়াৰ বাবে চেষ্টা অব্যাহত ৰাখিছে । আজি সমষ্টি নিৰ্ধাৰণৰ ফলত নতুনকৈ গঠন হোৱা লাহোৱাল-চাবুৱা সমষ্টিৰ অসম গণ পৰিষদ সমষ্টি সমিতিৰ শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হয় । লাহোৱালৰ ঠাকুৰবাৰীৰ মন্দিৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত লাহোৱাল-চাবুৱা সমষ্টিৰ অসম গণ পৰিষদ সমষ্টি সমিতিৰ শপত গ্ৰহণ আৰু দায়িত্বভাৰ গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকে অগপৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক তথা বিধায়ক পোণাকণ বৰুৱা । এই অনুষ্ঠানত অংশগ্ৰহণ কৰি বিধায়ক পোণাকণ বৰুৱাই ঘটালে বিষ্ফোৰণ ।