অসম

assam

ETV Bharat / politics

যোৰহাটত নিৰ্বাচন খেলিলে আঢ়ৈ লাখ ভোটত পৰাস্ত হ’ব গৌৰৱ গগৈ : পীযুষ হাজৰীকা - Vikas Yatra in Assam

Minister Pijush Hazarika : যোৰহাটৰ মৰিয়নীত বিকাশ যাত্ৰা কাৰ্যসূচীত অংশগ্ৰহণ মন্ত্ৰী পীযুষ হাজৰীকাৰ ৷ কংগ্ৰেছে নগাঁও আৰু কৰিমগঞ্জত টিকটৰ বাবে যুঁজ কৰি আছে বুলি কয় মন্ত্ৰীজনে ৷

Minister Pijush Hazarika
মৰিয়নীত মন্ত্ৰী পীযুষ হাজৰীকা

By ETV Bharat Assamese Team

Published : Mar 6, 2024, 8:30 PM IST

মৰিয়নীত বিকাশ যাত্ৰা কাৰ্যসূচীত অংশগ্ৰহণ মন্ত্ৰী পীযুষ হাজৰীকাৰ

যোৰহাট, 6 মাৰ্চ :"লোকসভা নিৰ্বাচনত আমি জিকিমেই ৷ আমি 12 টাত জিকিম আৰু বিৰোধীয়ে খুব বেছি দুটামানত জিকিব পাৰে ৷ তেওঁলোকে প্ৰাৰ্থী তালিকা ঘোষণা কৰিলেও, নকৰিলেও আমাৰ ওপৰত কোনো প্ৰভাৱ নপৰে ৷" এই মন্তব্য মন্ত্ৰী পীযুষ হাজৰীকাৰ ৷ আজি যোৰহাটৰ মৰিয়নীত বিকাশ যাত্ৰা কাৰ্যসূচীত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে মন্ত্ৰী হাজৰীকাই ৷

মন্ত্ৰীগৰাকীয়ে কয় যে, বিজেপিয়ে নিৰ্বাচনত জিকিবই ৷ বিৰোধীয়ে এটা-দুটা সমষ্টিত জিকিবলৈ প্ৰয়াস এটা কৰিব ৷ বাকী তেওঁলোকৰ প্ৰাৰ্থীয়েই নাই ৷ যোৰহাট, ডিব্ৰুগড়, শিলচৰ, বৰপেটা, তেজপুৰ আদিত তেওঁলোকৰ কোনো প্ৰাৰ্থীৰ নাম কোনোৱে এতিয়ালৈকে শুনা নাই ৷ তেওঁলোকে নগাঁও আৰু কৰিমগঞ্জত টিকটৰ বাবে যুঁজ কৰি আছে ৷ তেওঁলোকে য’ত মুছলমান ৰাইজ থাকে তাত জিকিব বুলি ভাবে ৷ কিন্তু এইবাৰ তেওঁলোকক মুছলমান ৰাইজেও ভোট নিদিয়ে ৷ কাৰণ তেওঁলোকে ৰাইজৰ বাবে কোনো কাম নকৰিলে, ৰাইজক অপশাসন দিলে, ৰাইজক কেৱল মিছা কথা ক’লে ৷ সেইবাবে এতিয়া বিজেপিয়ে চিন্তা নকৰাকৈ জিকিব পৰা ব্যৱস্থা হ’ল বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ৷

ইফালে কংগ্ৰেছ নেতা গৌৰৱ গগৈয়ে যোৰহাটত নিৰ্বাচন খেলিলে আঢ়ৈ লাখ ভোটত পৰাস্ত হ’ব বুলি সাংবাদিকক লিখি ল’বলৈ কয় মন্ত্ৰী পীযুষ হাজৰীকাই ৷ তেওঁ কয় যে, গৌৰৱ গগৈয়ে যোৰহাটত খেলিলে তেওঁ হাৰিব আৰু প্ৰাক্তন সাংসদ হ’ব ৷ বিজেপিৰ প্ৰাৰ্থী তপন কুমাৰ গগৈ আঢ়ৈ লাখ ভোটৰ ব্যৱধানত যোৰহাট সমষ্টিত জিকিব বুলি মন্তব্য কৰে মন্ত্ৰী হাজৰীকাই ৷

উল্লেখ্য যে, আজি মৰিয়নীত হোৱা বিকাশ যাত্ৰা কাৰ্যসূচীত অংশগ্ৰহণ কৰে মন্ত্ৰী পীযুষ হাজৰীকাই ৷ মৰিয়নী সমষ্টিত পাঁচখন আদৰ্শ বিদ্যালয়ৰ ভূমি পূজন আৰু আধাৰশিলা স্থাপন কৰে জলসম্পদ, জনসংযোগ বিভাগৰ মন্ত্ৰীগৰাকীয়ে ৷ মৰিয়নী আগৰৱালা উচ্চতৰ মাধ্যমিক বিদ্যালয় চৌহদত অনুষ্ঠিত সভাত মৰিয়নী সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী, যোৰহাট জিলাৰ উন্নয়ন আয়ুক্ত প্ৰনৱ বৰা, মৰিয়নী পৌৰসভাৰ পৌৰপতি বিশ্বপ্ৰভা শইকীয়াৰ লগতে ছাত্ৰ ছাত্ৰী আৰু সহস্ৰাধিক ৰাইজ উপস্থিত থাকে ৷ বিকাশ যাত্ৰাৰ জড়িয়তে ৰাজ্য চৰকাৰে মৰিয়নী মহাদেৱ আগৰৱালা উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ 3 কোটি, গাভৰু টি .জি বিদ্যালয়লৈ 3 কোটি, খনিকৰ টিজি বিদ্যালয়লৈ 3 কোটি, চেলেং উচ্চ মাধ্যমিক বিদ্যালয়লৈ 7 কোটি, নকছাৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ 7 কোটি তথা মুঠ 23 কোটি টকা আগবঢ়ায় ৷

লগতে পঢ়ক :মন্ত্ৰী পীযুষ হাজৰীকাৰ কনভয়ৰ বাবেই ৰাজপথত আৱদ্ধ এম্বুলেঞ্চ

ABOUT THE AUTHOR

...view details