শিলচৰ, ১৭ এপ্ৰিল: নিৰ্বাচনী ৰণডংকা বজাবলৈ বুধবাৰে অসমত উপস্থিত পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী । লোকসভা নিৰ্বাচনৰ বাবে প্ৰচাৰ চলাবলৈ পশ্চিমবংগৰ মুখ্যমন্ত্ৰীৰ এইটো প্ৰথম অসম ভ্ৰমণ । পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে দুপৰীয়া ১২ বজাত এক বিশেষ বিমানেৰে শিলচৰ বিমানবন্দৰত অৱতৰণ কৰে । শিলচৰ লোকসভা সমষ্টিৰ তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী ৰাধেশ্যাম বিশ্বাসৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহিছে মমতা বেনাৰ্জী ।
শিলচৰ টাউন ক্লাব খেলপথাৰত এখন নিৰ্বাচনী জনসভাত অংশগ্ৰহণ কৰিব পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে । মমতা বেনাৰ্জীক আদৰণি জনোৱাৰ বাবে তৃণমূল কংগ্ৰেছৰ কৰ্মীসকলে শিলচৰৰ কুম্ভীৰগ্ৰাম বিমানবন্দৰত ভিৰ কৰেগৈ । তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ৰিপুন বৰা, পশ্চিমবংগৰ ৰাজ্যসভাৰ সাংসদ সুস্মিতা দেৱ আৰু শিলচৰ লোকসভাৰ প্ৰাৰ্থী ৰাধেশ্যাম বিশ্বাসে পশ্চিমবংগৰ মুখ্যমন্ত্ৰীক আদৰিবলৈ শিলচৰ বিমানবন্দৰত উপস্থিত হয় ।