ডিব্ৰুগড়ত ৰামেশ্বৰ তেলীৰ পৰিৱৰ্তে যোগ্য প্ৰাৰ্থীক টিকট প্ৰদানৰ দাবী আটছাৰ মৰাণ,২৯ ফেব্ৰুৱাৰী :সমাগত লোকসভা নিৰ্বাচন । প্ৰতিটো ৰাজনৈতিক দলে ইতিমধ্যে নিৰ্বাচনকেন্দ্ৰিক প্ৰস্তুতি আৰম্ভ কৰিছে । শাসকীয় দল বিজেপিয়েও ৰাজ্যৰ প্ৰতিটো সংসদীয় সমষ্টিৰ বাবে প্ৰাৰ্থী তালিকা সাজু কৰিছে । ইয়াৰ মাজতে সদৌ অসম চাহ জনজাতি ছাত্ৰ সন্থাই (আটছা) বিজেপি চৰকাৰক বিশেষ আহ্বান জনাইছে । ডিব্ৰুগড় সমষ্টিৰ বৰ্তমানৰ সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীক প্ৰাৰ্থিত্ব প্ৰদান নকৰিবলৈ আহ্বান জনাইছে আটছাই ।
আটছাৰ মতে ৰামেশ্বৰ তেলী এগৰাকী অকৰ্মণ্য আৰু চূড়ান্ত ব্যৰ্থ সাংসদ । তেলীৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি আটছাৰ নেতাসকলে কয় যে সাংসদগৰাকীয়ে যোৱা ১০ বছৰে চাহ জনগোষ্ঠীৰ সমস্যা সমাধানত ব্যৰ্থ হৈছে । বিজেপি দলক ৰামেশ্বৰ তেলীৰ বিকল্প চাহ জনগোষ্ঠীয় প্ৰাৰ্থী প্ৰদান কৰাৰ দাবী জনাই আটছাই । অন্যথা এইবাৰ চাহ বাগিচা অঞ্চলত বিজেপিয়ে তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব বুলি সংগঠনটোৱে দাবী কৰে ।
বিজেপিক নিৰ্বাচনত আটছাৰ বিৰোধিতাৰ বাবে সাজু থাকিবলৈও হুংকাৰ দিয়ে । বাগিচাই বাগিচাই বিজেপিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিব বুলি ঘোষণা কৰে সংগঠনটোৱে । আটছাই দাবী কৰা মতে চাহ বাগিচাক খণ্ড খণ্ড কৰি হেজাৰ হেজাৰ বিঘা মাটি বিক্রী কৰা হৈছে, দালালৰ কবলত বাগিচাৰ শ্ৰমিকৰ শ শ বিঘা মাটি আছে, বসুন্ধৰা আঁচনি বিফল হৈছে, শিক্ষা, চিকিৎসাৰ নামত চাহ জনগোষ্ঠীৰ লোকক প্ৰতাৰণা কৰা হৈছে ।
বিজেপিৰ কাৰ্যকালত চাহ জনগোষ্ঠীক কেৱল প্ৰৱঞ্চনা কৰি অহাৰো গুৰুতৰ অভিযোগ কৰিছে আটছাই । ডিব্ৰুগড়ত সংবাদমেল সম্বোধন কৰি চাহ জনগোষ্ঠীৰ সংগঠনটোৱে কেন্দ্ৰীয় মন্ত্ৰী তথা ৰামেশ্বৰ তেলীক তীব্ৰ সমালোচনা কৰে । লগতে আগন্তুক লোকসভা নিৰ্বাচনত প্ৰতিটো ৰাজনৈতিক দলকে প্ৰাৰ্থিত্ব প্ৰদানৰ ক্ষেত্ৰত চাহ জনগোষ্ঠীৰ লোকক অগ্ৰাধিকাৰ দিয়াৰ বাবে আটছাই আহ্বান জনায় ।
লগতে পঢ়ক :ৰামেশ্বৰ তেলীক টিকট দিলে বাগিচাত বিজেপিৰ প্ৰৱেশ নিষিদ্ধ কৰিব আছাই