যোৰহাট, 2 জুন :ভোটগণনালৈ মাজত মাত্ৰ এটা দিন বাকী ৷ তাৰে প্ৰাকক্ষণত সাজু হৈ উঠিছে যোৰহাট জিলা প্ৰশাসন ৷ ইতিমধ্যে যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে যোৰহাট জিলা প্ৰশাসনে ৷
যোৰহাটৰ চৰকাৰী বহুমুখী বালক বিদ্যালয়ৰ প্ৰাংগণত সমষ্টিটোৰ অন্তৰ্গত 10 টা বিধানসভা সমষ্টিৰ পোষ্টেল ভোট গণনা কৰা হ’ব ৷ পুৱা 8 বজাৰ পৰা 14 খনকৈ টেবুলত অনুষ্ঠিত হ’ব যোৰহাট আৰু টীয়ক সমষ্টিৰ ভোটগণনা । পৰৱৰ্তী 8.30 বজাৰ পৰা আৰম্ভ হ’ব ই ভি এম সমূহৰ ভোট গণনা প্ৰক্ৰিয়া ।
লগতে পঢ়ক:সমাগত ৪ জুন; ভোটগণনাৰ বাবে সাজু কলিয়াবৰ প্ৰশাসন - LOK SABHA ELECTION 2024
আনহাতে, পোষ্টেল ভোট গণনাৰ বাবে দুটা পৃথক হলত 7 খনকৈ টেবুলত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৷ এইপৰ্যন্ত যোৰহাট লোকসভা সমষ্টিত লাভ কৰা হৈছে 16,539 খন পোষ্টেল বেলট পেপাৰ ৷ ইয়াৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে ৷ পোষ্টেল ভোট গণনাৰ বাবে তিনিটা ৰাউণ্ডৰ ব্যৱস্থা কৰা হৈছে ৷
উল্লেখ্য যে, টীয়ক সমষ্টিৰ বাবে 18 ৰাউণ্ডত আৰু যোৰহাটৰ বাবে 13 ৰাউণ্ডত ভোট গণনা সম্পন্ন কৰা হ’ব । দেওবাৰে জিলাখনৰ আৱৰ্ত ভৱনত যোৰহাট জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত এক সংবাদমেলত ভোটগণনাৰ সবিশেষ প্ৰকাশ কৰে জিলা আয়ুক্ত তথা যোৰহাট লোকসভা সমষ্টিৰ ৰিটাৰ্ণিং বিষয়া পুলক মহন্তই ।