জোনাই, ৩১ মে': ৪ জুনত লোকসভা নিৰ্বাচনৰ ভোটগণনা অনুষ্ঠিত হ'ব । যাক লৈ অসমৰ প্ৰতিখন জিলাতে প্ৰশাসনে প্ৰস্তুতি আৰম্ভ কৰিছে । প্ৰস্তুতি সন্দৰ্ভত জিলা নিৰ্বাচন বিষয়া তথা জোনাই মহকুমাৰ অতিৰিক্ত আয়ুক্ত শান্তনু গগৈয়ে শুকুৰবাৰে এক গুৰুত্বপূৰ্ণ সংবাদমেল সম্বোধন কৰে । সংবাদমেলত অতিৰিক্ত আয়ুক্তগৰাকীয়ে যোৱা ১৯ এপ্ৰিলত সুকলমে অনুষ্ঠিত হৈ যোৱা প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনত সহায় সহযোগিতা আগবঢ়োৱা আৰু অংশগ্ৰহণ কৰা সকলো বিষয়া-কৰ্মচাৰীক ধন্যবাদ জ্ঞাপন কৰে । সংবাদমেলত তেওঁ ভোটগ্ৰহণৰ দিনাৰে পৰা জোনাই মহকুমা প্ৰশাসনে কটকটীয়া নিৰাপত্তা বেষ্টনীৰ ব্যৱস্থা কৰিছে বুলি উল্লেখ কৰে ।
সমান্তৰালকৈ লখিমপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত ৮০ নং জোনাই বিধানসভা সমষ্টিৰ (জনজাতি সংৰক্ষিত) ভোটগণনাক লৈ জোনাই মহকুমা প্ৰশাসনে সম্পূৰ্ণৰূপে সাজু হৈ থকা বুলিও জানিবলৈ দিয়ে । ইফালে ভোটগণনাৰ সময়ত যাতে কোনোধৰণৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত নহয় তাৰ বাবেও আৰক্ষী প্ৰশাসন সষ্টম হৈ থকা বুলি উল্লেখ কৰে । আনহাতে ভোটগণনা প্ৰক্ৰিয়া সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে নিযুক্তি দিয়া কৰ্মী আৰু পৰ্যবেক্ষকসকলৰ বাবে এক প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে বুলিও তেওঁ সংবাদমাধ্যমক অৱগত কৰে ।