নিউজ ডেস্ক, 9 জুন: কংগ্ৰেছৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে দেওবাৰে পুনৰ প্ৰধানমন্ত্ৰী হিচাপে শপত ল’বলগীয়া নৰেন্দ্ৰ মোদীক কঠোৰ সমালোচনা কৰে ৷ তৃতীয়বাৰৰ বাবে শপত গ্ৰহণৰ পূৰ্বে মোদীয়ে মহাত্মা গান্ধীক শ্ৰদ্ধাঞ্জলি জনোৱা কাৰ্যক ‘চৰম ভণ্ডামি’ বুলি অভিহিত কৰে ।
এক্সত এটা পোষ্টত জয়ৰাম ৰমেশে হিন্দীতে লিখে, ‘‘আপোনালোকে ট্ৰেক ৰেকৰ্ড চাওক. তেওঁৰ মতাদৰ্শগত ভাতৃত্ববোধে শত্ৰুতা আৰু ঘৃণাৰ ইমান বিষাক্ত পৰিৱেশৰ সৃষ্টি কৰিছিল যে ইয়াৰ ফলত ১৯৪৮ চনৰ ৩০ জানুৱাৰীত মহাত্মা গান্ধীক শীতল মস্তিষ্কৰে হত্যা কৰা হৈছিল ।"
তেওঁ কয় যে, মোদীয়ে কেতিয়াও নাথুৰাম গডছেক এক প্ৰকাৰৰ নায়ক কৰি তোলা সহকৰ্মীসকলক বাধা নিদিয়ে, কিন্তু তেওঁ সংসদ ভৱনত মহাত্মা গান্ধীৰ মূৰ্তিটো এবাৰ নহয় দুবাৰকৈ স্থানচ্যুত কৰিছে ।
লগতে পঢ়ক:আজি নতুন মন্ত্ৰীসভাৰ শপতগ্ৰহণ : প্ৰধানমন্ত্ৰীৰ পদত অধিষ্ঠিত হ’ব নৰেন্দ্ৰ মোদী - Oath taking ceremony of Narendra Modi as PM
ৰমেশে লগতে কয়, "তেওঁ মিছাকৈ দাবী কৰে যে গান্ধীজীৰ জীৱনক লৈ ১৯৮২ চনত নিৰ্মিত এটেনব'ৰ' ছবিখনৰ আগতে মহাত্মা গান্ধীৰ বিশ্বত চিনাকি নাছিল । তেওঁ বাৰাণসী, আহমেদাবাদ, আৰু অন্যান্য ঠাইত গান্ধীৰ প্ৰতিষ্ঠানসমূহ ভাঙি ধ্বংস কৰিলে । এয়া চৰম ভণ্ডামি !" ৷
নৰেন্দ্ৰ মোদীয়ে দেওবাৰে পুৱা মহাত্মা গান্ধী, প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীক শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণৰ পূৰ্বে যুদ্ধ স্মাৰকতো শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।
আজি সন্ধিয়া 7.15 বজাত তেওঁৰ মন্ত্ৰী পৰিষদৰ সৈতে ৰাষ্ট্ৰপতি ভৱনত এক অনুষ্ঠানত শপত গ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে । যোৱা 5 জুনত ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটে সৰ্বসন্মতিক্ৰমে নৰেন্দ্ৰ মোদীক নেতা হিচাপে নিৰ্বাচিত কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰে ।
লগতে পঢ়ক:নৰেন্দ্ৰ মোদীৰ শপত গ্ৰহণলৈ কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেক আমন্ত্ৰণ - Swearing in Ceremony of Narendra Modi
আজিৰ শপত গ্ৰহণৰ লগে লগে নৰেন্দ্ৰ মোদীয়ে দুটাকৈ কাৰ্যকাল সফলতাৰে সম্পূৰ্ণ কৰা জৱাহৰলাল নেহৰুৰ পিচতে দ্বিতীয়গৰাকী দেশৰ ৰাজনীতিক হিচাপে পৰিগণিত হ’ব ৷
এই অনুষ্ঠানৰ বাবে সকলো নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা হৈছে । ৰাষ্ট্ৰপতি ভৱনৰ সুৰক্ষা আৰু নিৰাপত্তা সুনিশ্চিত কৰাৰ বাবে অৰ্ধসামৰিক বাহিনীৰ পাঁচটা কোম্পানী মোতায়েন কৰা হৈছে ।
বিজেপিয়ে 240 খন আসন লাভ কৰাৰ বিপৰীতে ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটে লোকসভাৰ 543 খন আসনৰ ভিতৰত 292 খন আসন লাভ কৰে । কংগ্ৰেছে INDIA ব্লকৰ অংশ হিচাপে নিৰ্বাচনত যুঁজিছিল আৰু দলসমূহে মিলি লোকসভাত বিজেপিক নিজাববীয়াকৈ সংখ্যাগৰিষ্ঠতা লাভ কৰাত বাধা দিবলৈ সক্ষম হৈছিল ।
লগতে পঢ়ক:ৰাহুল গান্ধীক বিৰোধী দলৰ নেতাৰ ভূমিকা ল'বলৈ আহ্বান চি ডব্লিউ চিৰ : বেণুগোপাল - Congress Working Committee