গুৱাহাটী, ১৯ মাৰ্চ:লোকসভা নিৰ্বাচনৰ দিন যিমানে চমু চাপি আহিছে, সিমানে এটা দলৰ পৰা আন এটা দললৈ ৰাজনৈতিক নেতাসকলৰ সোঁত অব্যাহত আছে । শেহতীয়াকৈ বিজেপিৰ প্ৰাক্তন বিধায়ক আমিনুল হক লস্কৰে নিৰ্বাচনৰ প্ৰাকক্ষণত বিজেপি এৰিলে ৷
বিজেপি দল ত্যাগ কৰি ইছলামে যোগদান কৰিব কংগ্ৰেছ দলত । কংগ্ৰেছৰ মিডিয়া বিভাগৰ বেদব্ৰত বৰাই জনোৱা মতে, বুধবাৰে দিনৰ ২ বজাত ৰাজীৱ ভৱনত আমিনুল হক লস্কৰে কংগ্ৰেছ দলত যোগদান কৰিব । উল্লেখ্য যে কাইলৈ কংগ্ৰেছৰ অসমৰ তত্বাৱধায়ক জীতেন্দ্ৰ সিং গুৱাহাটীত বিৰোধী ঐক্য মঞ্চৰ এখন সভাত অংশ ল'বলৈ আহিব । ৰাজীৱ ভৱনত কংগ্ৰেছৰ অসমৰ তত্বাৱধায়ক জীতেন্দ্ৰ সিঙৰ উপস্থিতিতে আমিনুল হক লস্কৰে কংগ্ৰেছত যোগদান কৰিব ।
আমিনুল হক লস্কৰ ২০১৬ চনত বৰাকৰ সোনাই বিধানসভা সমষ্টিৰ পৰা বিজেপিৰ বিধায়ক হৈছিল । তেওঁ ২০১৬ চনত বিজেপিৰ পৰা বিধায়ক হোৱা একমাত্ৰ মুছলমান বিধায়ক আছিল । ২০১৯ চনৰ ৩১ জুলাইত বিধানসভাৰ উপাধ্যক্ষ হিচাপে নিৰ্বাচিত হৈছিল ।