গুৱাহাটী, 17 জুন: গুৱাহাটী লোকসভা সমষ্টিৰ পৰা কংগ্ৰেছৰ হকে টিকট লাভৰ পৰা বঞ্চিত হৈ দলত্যাগ কৰা কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰমেন বৰঠাকুৰে এইবাৰ উভতি ধৰিছে সাংসদ অজিত কুমাৰ ভূঞা আৰু বিশিষ্ট বুদ্ধিজীৱী ড৹ হীৰেন গোঁহাইক ৷
ৰমেন বৰঠাকুৰৰ সংবাদমেল (Etv Bharat Assam) সোমবাৰে গুৱাহাটীত এখন সংবাদমেল সম্বোধন কৰি প্ৰাক্তন কংগ্ৰেছ নেতাগৰাকীয়ে সদ্যসমাপ্ত লোকসভা নিৰ্বাচনত বিৰোধী দলৰ একাংশ পৰাজিত প্ৰাৰ্থীক গুৱাহাটীত সম্বৰ্ধনা জনোৱাক লৈ অজিত কুমাৰ ভূঞাক চোকা ভাষাৰে সমালোচনা কৰে ৷
লগতে পঢ়ক:সম্বৰ্ধনা অনুষ্ঠানলৈ বাছি বাছি নিৰ্বাচনী প্ৰাৰ্থীক দিলে নিমন্ত্ৰণ: প্ৰতিক্ৰিয়া দীপ বায়নৰ - Dip Bayan on Assam Nagarik Samaj
তেওঁ কয় যে, অসম নাগৰিক সমাজৰ সভাপতি অজিত কুমাৰ ভূঞা, কা বিৰোধী সমম্বয়ৰক্ষী সমিতিৰ সভাপতি ড৹ হীৰেন গোঁহাই, ভাৰত জোড়ো যাত্ৰা অসম সমিতিৰ নেতৃত্বত সদ্যসমাপ্ত লোকসভা নিৰ্বাচনত বিৰোধী দলৰ কম ভোটত পৰাজিত প্ৰাৰ্থীক বঞ্চিত কৰি বেছি ভোটত পৰাজিত প্ৰাৰ্থীক গুৱাহাটীৰ মাছখোৱাত সম্বৰ্ধনা জনাইছিল ৷
তাৰে ভিতৰত আছিল কংগ্ৰেছৰ তিনি বিজয়ী প্ৰাৰ্থী ক্ৰমে ৰকিবুল হুছেইন, গৌৰৱ গগৈ আৰু প্ৰদ্যুৎ বৰদলৈ, কংগ্ৰেছৰ গুৱাহাটী লোকসভা সমষ্টিৰ পৰাজিত প্ৰাৰ্থী মীৰা বৰঠাকুৰ, কৰিমগঞ্জ লোকসভা সমষ্টিৰ কংগ্ৰেছৰ পৰাজিত প্ৰাৰ্থী হাফিজ ৰছিদ আহমেদ চৌধুৰী আৰু ডিব্ৰুগড়ৰ বিৰোধী ঐক্য মঞ্চৰ পৰাজিত প্ৰাৰ্থী লুৰীণজ্যোতি গগৈ ৷
লগতে পঢ়ক:Minister Jayanta Malla Baruah: এআইইউডিএফৰ ভোটেৰে সাংসদ হোৱা অজিত ভূঞাৰ সমুজ্জ্বল ভট্টাচাৰ্যক সমালোচনা কৰাৰ অধিকাৰ নাই; জয়ন্ত মল্ল বৰুৱা
বৰঠাকুৰে অভিযোগ উত্থাপন কৰি কয় যে, লোকসভা নিৰ্বাচনত বিৰোধী দলৰ কম ভোটত পৰাজিত প্ৰাৰ্থীক বঞ্চিত কৰি বেছি ভোটত পৰাজিত প্ৰাৰ্থীক সম্বৰ্ধনা জনোৱাটো বিভাজনমুখী প্ৰক্ৰিয়া । কাজিৰঙা লোকসভা সমষ্টিৰ কংগ্ৰেছৰ পৰাজিত প্ৰাৰ্থী, লখিমপুৰ লোকসভা সমষ্টিৰ কংগ্ৰেছৰ পৰাজিত প্ৰাৰ্থী আৰু বৰপেটা লোকসভা সমষ্টিৰ কংগ্ৰেছৰ পৰাজিত প্ৰাৰ্থীগৰাকী কম ভোটত পৰাজিত প্ৰাৰ্থী আছিল । কিন্তু তেওঁলোকক বঞ্চিত কৰা হ'ল কিয় ?
ৰমেন বৰঠাকুৰ কয় যে এয়া ভাঙোনমুখী প্ৰক্ৰিয়া । অসম নাগৰিক সমাজৰ, কা বিৰোধী সম্বয়ৰক্ষী সমিতিৰ, ভাৰত জোড়ো যাত্ৰা অসম সমিতিৰ নেতৃবৰ্গ ক্ৰমে অজিত কুমাৰ ভূঞা, ড৹ হীৰেন গোঁহাই, দেবেন তামুলী, পৰেশ মালাকৰক ৰাজনৈতিক পৰিপন্থী কাম নকৰাৰ বাবে তেওঁ আহ্বান জনায় । লগতে অজিত কুমাৰ ভূঞাৰ এয়া অপৰিপক্ক কাৰ্য বুলিও সমালোচনা কৰে ।
ইপিনে ভূঞাৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ উত্থাপিত হোৱা বুলিও দাবী কৰে ৰমেন বৰঠাকুৰে । লোকসভা নিৰ্বাচনত বিৰোধী দলৰ কম ভোটত পৰাজিত প্ৰাৰ্থীক বঞ্চিত কৰি বেছি ভোটত পৰাজিত প্ৰাৰ্থীক সম্বৰ্ধনা জনোৱা এই প্ৰচেষ্টা ভুল বুলিও বৰঠাকুৰে কয় । সমান্তৰালকৈ এনে মনোবৃত্তি ত্যাগ কৰাৰ বাবে তেওঁ অজিত কুমাৰ ভূঞাক আহ্বান জনায় ।
কোনো ৰাজনৈতিক উদ্দেশ্য অবিহনে এয়া অসম্ভৱ বুলি বৰঠাকুৰে কয় ৷ প্ৰাৰ্থী নিৰ্বাচনতো এওঁলোকৰ ভূমিকা আছিল বুলি কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰমেন বৰঠাকুৰে দাবী কৰে ৷
লগতে পঢ়ক:বিজেপি মানেই ইডি, চি বি আই-ইলেকশ্যন কমিশ্যন : অজিত কুমাৰ ভূঞা - Lok Sabha Election 2024